ৰাণীৰ কপিলীত বনভোজ দলৰ ভিৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগেই প্রকৃতিয়েও সংগোপনে বহন কৰে অপূর্ব নান্দনিকতা৷ এই নান্দনিকতাই আপোনপাহৰা কৰি তোলে প্রকৃতিপ্রেমীক৷ তাৰেই যেন এক বাস্তৱ প্রতিচ্ছবি প্রতিফলিত হৈছে মহানগৰীৰ গাতে লাগি থকা ঐতিহাসিক বৃহত্তৰ ৰাণীৰ পর্যটনৰ বিপুল সম্ভাৱনাৰ স্থল পাহাৰীয়া ‘কপিলী’৷ প্রকৃতিৰ অনুপম সৃষ্টিৰ মনোৰম কপিলী এই সময়ত হৈ পৰে সেউজীয়াৰ ৰাণী৷ পাহাৰৰ নিজৰাৰ কাষতেইএতিয়া বনভোজ খাবলৈ বনভোজ দলৰ ব্যাপক ভিৰ৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা সোঁত বৈছে এইসকল বনভোজ দলৰ৷ পৰিয়াল, বন্ধু–বান্ধৱ, আত্মীয়–কুটুম্বৰ সৈতে মুক্তমনে মিলি তৃপ্তিৰে খাইছে এসাঁজ বনভোজ৷
অৱশ্যে স্থানীয় ৰাণী কোচিং চেণ্টাৰৰ তত্ত্বাৱধানত ৰাইজৰ সহযোগত কোনো অসুবিধা নোহোৱাকৈ বনভোজ দলক প্রদান কৰি আহিছে বিশেষ সহায়–সহযোগিতা৷ উল্লেখ্য যে অঞ্চলটোৰ প্রচলিত জনশ্রুতিসমূহৰ ভিতৰত কপিলী জুৰিটিৰ লোককথাই বিশেষ গুৰুত্ব বহন কৰি আহিছে৷ জনশ্রুতি অনুসৰি ৰাণীৰ সেউজ শোভা ভেদ কৰি বৈ যোৱা নৃত্যৰতা–নর্তকীৰূপ্ নির্মল–শীতল জুৰিটিৰ পানীৰ কল–কলনিত, নৃত্যৰ ঝংকাৰত, সুৰৰ মূর্ছনাত ‘বশিষ্ঠ মুনি’ৰ কামধেনু ‘কপিলী’ মুগ্ধ হৈ আপোনপাহৰা হৈ একেথৰে চাই থাকোঁতেই হঠাৎ জুৰিটি পাহাৰৰ থিয় গৰাৰ পৰা গাই এজনীৰ ওপৰত বাগৰি পৰিল আৰু গাইজনী মন্ত্রমুগ্ধৰ দৰে সুৰংগ–শিলত শিলা হৈ থাকিল, জুৰিটিৰ গতি কিন্তু স্তব্ধ নহ’ল আৰু ঠিক তেতিয়াৰে পৰাই ‘কপিলী’ নাম পালে৷