ড০ শর্মাক কৃতজ্ঞতা–নিউজ লাইভৰ ব্যতিক্রমী পদক্ষেপৰ শলাগ নগৰবেৰাবাসীৰ
‘প্রেক্ষাপট’ত অসুস্থ জুনুকালৈ যথাসম্ভৱ সাহায্যৰ আশ্বাস স্বাস্থ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ প্রেক্ষাপট অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকি আৰু ৰাজ্যৰ মুঠ ১০টি ভিন্ন ৰোগত আক্রান্ত শিশুৰ পিতৃ–মাতৃৰ সৈতে ৰোগ আৰু চিকিৎসা সন্দর্ভত পোনপটীয়াকৈ বার্তালাপ কৰি যাৱতীয় চিকিৎসা সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতিও দিয়ে৷ নগৰবেৰাৰ মালঞ্চা গাঁৱৰ হৰিপদ কলিতা–মঞ্জু কলিতা দম্পতীৰ একমাত্র কন্যা সন্তান দহবছৰীয়া জুনুকা কলিতাৰ৷ চিকিৎসাৰ ক্ষেত্রতো যথাসম্ভৱ সাহায্য প্রদানৰ আশ্বাস দিয়ে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে দহ বছৰীয়া শিশু জুনুকাই মুখ ফুটাই কিবা এটা কোৱা দূৰৰে কথা আনৰ সহায় নহ’লে খাবও নোৱাৰে, খোজকঢ়া দূৰৰে কথা বহিবও নোৱাৰে৷ মাতৃ কোলা আৰু বিছনাখনেই সুদীর্ঘ দহ বছৰে বিশ্রামৰ ঠাই৷ বহু চিকিৎসা–পাতি কৰি পৰিয়ালটোৱে সর্বস্বান্ত হৈ সম্প্রতি চিকিৎসাৰ আশা বাদ দিয়াৰ মুহূর্ততে যেন ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানটিয়ে পৰিয়ালৰ প্রতিজনৰ মনলৈ আশাৰ সঞ্চাৰ ঘটালে৷ কিয়নো স্বাস্থ্যমন্ত্রী ড০ শর্মাই শিশুটিৰ পৰিয়ালক তিনি–চাৰি দিনৰ ভিতৰতে মতাই নি যথাসম্ভৱ সহায় কৰাৰ আশ্বাস দিয়াৰ উপৰি কামৰূপ জিলা কর্তৃপক্ষৰ যোগেদিও বিভিন্ন প্রকাৰে দুখীয়া পৰিয়ালটোক সহায়ৰ আশ্বাস দিয়ে৷ অতি দুখীয়া পৰিয়ালটোৱে আজিকোপতি ‘অৰুণোদয় আঁচনি’ৰ সুফল লাভ নকৰা বুলি শুনি স্বাস্থ্যমন্ত্রীগৰাকীয়্ আশ্চর্য প্রকাশ কৰে৷ খোদ স্বাস্থ্যমন্ত্রীৰ মুখেৰে ৰুগীয়া একমাত্র কন্যাটিৰ যাৱতীয় চিকিৎসা আৰু সাহায্যৰ আশ্বাস পাই উৎফুল্ল হৈ মাতৃ অঞ্জু কলিতাৰ উপৰি অঞ্চলবাসী ৰাইজে নিউজ লাইভৰ এনে ব্যতিক্রমী প্রয়াসৰ শলাগ লয় আৰু দুর্গতজনক সহায়ৰ ক্ষেত্রত সঘনাই চেনেলটোৱে এনে অনুষ্ঠানবোৰ অনুষ্ঠিত কৰি অহাৰ বাবেই নিউজ লাইভ একক, অনন্য আৰু ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা বুলিও মন্তব্য কৰে৷ নগৰবেৰাবাসীয়ে স্বাস্থ্যমন্ত্রী ড০ শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷