নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৌ-পালকলৈ চৰকাৰী সাহায্য কৃষি বিভাগৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মৌ পালনৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ শিক্ষিত যুৱকলৈ চৰকাৰী সাহায্য দিব কৃষি বিভাগে। এই কথা ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

বোকাখাতৰ যোগনিআটী গাঁৱৰ প্ৰায় ৩০জনকৈ যুৱকে নিজাকৈ মৌ-পালন কৰি স্বাবলম্বীতাৰ সপোন দেখিছিল। কিন্তু লকডাউনৰ বাবে তেওঁলোকৰ আশাত চেঁচাপানী পৰিছিল। সেয়ে এই কৃষকসকলৰ উৎসাহিত কৰিবলৈ উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা। মৌপালনৰ পদ্ধতি সমূহ নিৰীক্ষণ কৰি তেওঁ ৰাজ্যৰ মৌপালকসকলক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে উদ্যান শস্য বিভাগৰ জৰিয়তে ৰাজ্যখনৰ কৃষকক মৌপালকসকলক মৌ মাখিৰ লগতে সকলোধৰণৰ সুবিধা প্ৰদান কৰা হ’ব। তেওঁলোক যাতে আৰু অধিক আগুৱাই যাব পাৰে তাৰবাবে চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

 

You might also like