নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত নতুনকৈ আক্রান্ত ৭৫, মৃত্যু ৪ ৰোগীৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ  ৰাজ্যত নিয়ন্ত্রিত হৈছে ক’ভিড পৰিস্থিতি৷ নতুনকৈ মাত্র ৭৫গৰাকী লোকহে আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ২৩,১৬৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তসকলৰ ভিতৰত ৩১গৰাকী কামৰূপ মহানগৰ জিলাৰ৷

টুইটযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইপিনে, ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে চাৰিগৰাকী ৰোগীৰ৷ তেওঁলোক হৈছে যোৰহাটৰ উপেন বৰা (৭৪), বিশ্বনাথৰ অঞ্জলি দাস (৬৫), গোৱালপাৰাৰ অশোক কুমাৰ দাস (৫৯) আৰু শোণিতপুৰৰ পুষ্পা দেৱী দুধেৰিয়া (৮৪)৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,০২৪ গৰাকীলৈ বৃদ্ধি পালে৷

ইফালে, আজি মুঠ ১১৩গৰাকী ৰোগীক সুস্থ হোৱাৰ বাবে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰা হয়৷ ইয়াৰ লগে লগে সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা ২,১১,০৭৫গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে ৰাজ্যত মুঠ ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ২,১৫,৫৮৫গৰাকী৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে ৩,৪৮৩গৰাকী ৰোগী৷

You might also like