নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ গড়কপ্তানী মন্ত্ৰী অজন্তা নেওগৰ কংগ্ৰেছ ত্যাগ। আজি APCCৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই কথা ঘোষণা কৰে অজন্তা নেওগে। কংগ্ৰেছৰ সদস্যই নহয় বিধায়ক পদো ত্যাগ কৰে প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে।

কিছুদিনপূৰ্বে বিজেপিত যোগদানৰ বাতৰি ওলোৱাৰ পাছতে অজন্তা নেওগক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। দলবিৰোধী কাৰ্যকলাপৰ বাবে তাৎক্ষণিকভাৱে বহিস্কাৰ কৰাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। শুকুৰবাৰে আছিল উত্তৰ দিয়াৰ অন্তিম দিন। কিন্তু কোনোধৰণৰ উত্তৰ নিদিলে অজন্তা নেওগে। বৰঞ্চ আজি কংগ্ৰেছ ত্যাগ কৰাৰ পত্ৰহে প্ৰেৰণ কৰিলে সভাপতিলৈ।

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই মুহূৰ্তলৈ অজন্তা নেওগৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ কোনো ধৰণৰ ৰাজনৈতিক আলাপ আলোচনা হোৱা নাছিল। অৱশ্যে তেখেতে সতী সাধিনী বিশ্ববিদ্যালয়খন গোলাঘাটৰ যিকোনো ঠাইত স্থাপন কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক সাক্ষাত কৰিছিল। ইয়াৰ পাছতে সাক্ষাতক ৰাজনৈতিক ৰূপ দিয়া হয়। আৰু আজি তেওঁক বহিস্কাৰ কৰিলে গতিকে পৰৱৰ্তী সময়ত তেখেতে বিজেপিৰ সৈতে যোগাযোগ কৰাটো অস্বাভাৱিক নহয়। তেখেতে যদি বিজেপিত যোগ দিব বিচাৰে তেন্তে তেওঁক বিজেপিয়ে আদৰণি জনাব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like