কামৰূপৰ টোলগেটত লণ্ডভণ্ড, অচিনাক্ত যুৱকৰ অগ্নিসংযোগ
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ আজি কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰৰ টোলগেট লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰিলে একাংশ অচিনাক্ত যুৱকে। আজি এই ঘটনা সংঘটিত হোৱাৰ পিছতেই সেই স্থানত আৰক্ষী-প্ৰশাসনিক বিষয়া উপস্থিত হৈ ঘটনা নিৰীক্ষণ কৰি সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱাল চৰকাৰৰ শাসন কালত ৰাজ্যৰ বিভিন্ন স্থানৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট স্থাপনৰ জৰিয়তে লঘু আৰু ডাঙৰ বাহনৰ পৰা পথ উন্নয়ন আৰু সম্প্ৰসাৰণৰ নামত কৰ সংগ্ৰহ কৰি আহিছে। যাৰবাবে সৰ্বসাধাৰণ ৰাইজে অধিক কৰৰ বোজা সহিব লগা হোৱাত অতিষ্ঠ হৈ পৰাৰ লগতে বিজেপি চৰকাৰক ইয়াৰ বাবে যথেষ্ট সমালোচনা কৰি ইয়াৰ বাবে ক্ষোভিত হৈ পৰিছে । তাৰেই বৰ্হিপ্ৰকাশ ঘটাৰ লেখিয়া পৰিবেশ সৃষ্টি হল আজি মদনপুৰৰ টোলগেটত।
চাংসাৰিৰ নিকটবৰ্তী মদনপুৰ টোলগেটত আজি ইয়াৰ বাবেই সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ ৷ টোলগেট ভাঙি লণ্ডভণ্ড কৰি জ্বলাই দিয়ে একাংশ অচিনাক্ত যুৱকে। অত্যাধিক কৰৰ বোজা আৰু বহিৰাগত বনিক গোষ্টীৰ হাতত লেছি সলনি হোৱাক কেন্দ্ৰ কৰি কিছু অচিনাকি যুৱকে জ্বলাই দিয়ে এই টোলগেট। উল্লেখযোগ্য যে আজি ৰাতিপুৱাৰ পৰা উত্তেজনা অব্যাহত হৈ থকাৰ পিছত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হয় মদনপুৰৰ টোলগেটত।