স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ অভয়বাণী অসমৰ পৰিস্থিতি এতিয়া বহু উন্নত ৰাজ্যত পুনৰ নহয় লকডাউন
২৮–২৯ ডিচেম্বৰত ৰাজ্যৰ ২ জিলাত ক’ভিড ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ নতুন বছৰৰ প্রাক্ক্ষণত কেইবাটাও ভেকচিনৰ উদ্ভাৱনে বিশ্ববাসীৰ মনত আশাৰ সঞ্চাৰ কৰাৰ সময়তে লণ্ডনত ক’ৰোনা ভাইৰাছে চৰিত্র সলাই অধিক সংক্রামক (মিউটেটেড) হৈ পৰাত সৃষ্টি হৈছে আতংক৷ লণ্ডনৰ পৰা এই ভাইৰাছৰ সংক্রমণ যাতে হ’ব নোৱাৰে, তাৰ বাবে দেশজুৰি বিভিন্ন ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইয়াৰ মাজতে লণ্ডনফেৰৎ যোৰহাটৰ এজন ব্যক্তিৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত সমগ্র ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র আতংক৷ স্বাস্থ্য বিভাগৰ আপ্রাণ প্রচেষ্টাত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অহাত ৰাজ্যবাসীয়ে স্বস্তিৰ নিশ্বাস লোৱাৰ সময়ত যোৰহাটত লণ্ডনৰ পৰা অহা লোকজন ক’ভিডত আক্রান্ত হোৱাত পুনৰ শংকাৰ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত৷ প্রাপ্ত তথ্য অনুসৰি লণ্ডনৰ পৰা আহি যোৰহাটত ক’ৰোনাত আক্রান্ত হোৱা লোকজন হৈছে আছফাকুৰ ৰহমান৷ জিলাখনৰ ৰজাবাৰী মছজিদৰ সমীপৰ নিৱাসী ৪৩ বছৰীয়া ৰহমান যোৱা ১৩ ডিচেম্বৰত নিজ গৃহত উপস্থিত হয়৷ যোৰহাটৰ উপায়ুক্তই সদৰী কৰা অনুসৰি তেওঁ লণ্ডনৰ পৰা আহি যোৰহাটত উপস্থিত হোৱাৰ বাবে সম্পূর্ণ এসপ্তাহ নিজকে আইচ’লেট কৰি ৰাখিছিল৷ অৱশ্যে ইয়াৰ পাছত তেওঁ অঞ্চলটোৰ এখন দোকানলৈ দুবাৰ গৈছে৷ ইতিমধ্যে ৰহমানৰ সংস্পর্শলৈ অহা দোকানীজনৰ নমুনা সংগ্রহ কৰিছে৷ সম্প্রতি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৰহমানৰ সংস্পর্শলৈ অহা পৰিয়ালৰ সদস্য আৰু তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীৰ নমুনা সংগ্রহ কৰা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি তেওঁলোকৰ ঘৰুৱা সহায়ক টুটুমণি ৰহমান নামৰ মহিলাগৰাকীও আক্রান্ত হৈছে ক’ভিডত৷
অৱশ্যে লণ্ডনফেৰৎ ৰহমান আৰু তেওঁৰ সংস্পর্শলৈ আহি আক্রান্ত হোৱা টুটুমণিৰ শৰীৰত সংক্রমিত হোৱা ক’ৰোনা ভাইৰাছ লণ্ডনত দেখা দিয়া মিউটেটেড ৰূপ হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ এই তথ্য নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনে তেওঁলোকৰ নমুনা পুনেস্থিত এন আই ভিলৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে যোৱা ১৩ ডিচেম্বৰত দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত আছফাকুৰ ৰহমানৰ আৰ টি পি চি আৰ টেষ্ট সম্পন্ন কৰা হৈছিল৷ দিল্লীত উপস্থিত হোৱাৰ সময়ত তেওঁৰ ক’ভিড নিগেটিভ আছিল বুলিও সদৰী কৰিছে জিলাখনৰ উপায়ুক্তই৷ উল্লেখ্য যে মিউটেটেড ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র গ্রেট ব্রিটেইনতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ চৰিত্র সলাই শক্তিশালী ৰূপত আত্মপ্রকাশ কৰা নতুন এই ক’ৰোনা ভাইৰাছে পূর্বৰ তুলনাত ৭০ শতাংশ অধিক হাৰত সংক্রমণ কৰিব পাৰে বুলিও ব্রিটেইনৰ সংশ্লিষ্ট কর্তৃপক্ষই সদৰী কৰিছে৷ নতুন ক’ৰোনাত আক্রান্ত লোকসকল পূর্বতকৈ অধিক অসুস্থ হোৱাৰ লগতে মৃত্যুৰ হাৰ বৃদ্ধি পাব বুলিও আশংকা কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত বিশ্বৰ বিভিন্ন দেশে মিউটেটেড ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি লণ্ডনৰ পৰা বিমান পৰিবহণৰ ক্ষেত্রত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ভাৰততো লণ্ডনৰ পৰা বিমানযোগে অহা লোকৰ ক্ষেত্রত নতুন নির্দেশনা জাৰি কৰা হৈছে৷
এনে পৰিস্থিতিৰ মাজতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ঘোষণা– ক’ভিডৰ বাবে আতংকিত হোৱাৰ প্রয়োজন নাই৷ ৰাজ্যত ক’ভিড পৰিস্থিতি এতিয়া উন্নত৷ পুনৰ লকডাউনৰ কোনো সম্ভাৱনা নাই৷ শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ কার্যালয়ত এক অনুষ্ঠানত অংশ লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয়– লণ্ডনৰ পৰা অহা এজন ব্যক্তিৰ শৰীৰত ক’ভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ সেই ব্যক্তিজনৰ নমুনা সংগ্রহ কৰি ইতিমধ্যে পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভায়ৰ’লজীলৈ প্রেৰণ কৰা হৈছে৷ তেওঁৰ শৰীৰত নতুন মিউটেটেড নে পুৰণা ক’ভিডৰ ভাইৰাছ ধৰা পৰিছে, সেয়া পৰীক্ষাৰ ফলাফলৰ পাছতেই সকলো দিশ স্পষ্ট হ’ব৷ ৰাজ্যত এতিয়া দিনে ১০০তকৈ তলত ক’ভিড পজিটিভ ধৰা পৰিছে৷ যিসকল ক’ৰোনাত আক্রান্ত হৈছে, সেইসকল বিমানযাত্রী অথবা ৰে’লযাত্রী৷ গতিকে অসম বহু পৰিমাণে ক’ভিডমুক্ত৷ ইয়াত শংকা আৰু ত্রাসৰ কাৰণ নাই৷ ইয়াৰ বাবে ১ জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰিবলৈ দিয়া হৈছে৷ এনে পৰিৱেশত চৰকাৰে পুনৰ লকডাউনৰ কথা ভবা নাই৷ শিক্ষানুষ্ঠানসমূহক নিয়মিতভাৱে পাঠদান আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ যদি ভাৰত চৰকাৰে অহা সময়ছোৱাত কোনো সিদ্ধান্ত গ্রহণ কৰে, সেই দিশত চৰকাৰে চিন্তা কৰিব৷ ইফালে আজি মন্ত্রীজনে জনতা ভৱনত এখন সংবাদ মেলত জানিবলৈ দিয়া মতে, লণ্ডনৰ পৰা ১০২জন লোক অসমলৈ আহিছে৷ ইয়াৰে ৭২জন গুৱাহাটীৰ৷ এইসকল লোকৰ মাজত এজনৰ দেহতহে ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইতিমধ্যে তেওঁক বিমানবন্দৰতে চিনাক্ত কৰি আইচ’লেচন কৰা হৈছে৷ গুৱাহাটীয়েই হওক বা অসমৰ আন প্রান্ততে হওক, ক’ভিডৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে৷
অসমত হ’ব ক’ভিড ভেকচিন প্রদানৰ অনুশীলন
শীঘ্রে দেশত ক’ভিড ভেকচিন প্রদানৰ বাবে সাজু হৈ উঠিছে কেন্দ্রীয় চৰকাৰ৷ কি ধৰণে ভেকচিন প্রদান কৰা হ’ব, সেই সন্দর্ভত ইতিমধ্যে গাইডলাইন প্রস্তুত কৰা হৈছে৷ প্রথম পর্যায়ত সামৰি ল’ব লগা লোকসকলৰ তালিকাও প্রস্তুত কৰিছে চৰকাৰে৷ নতুন বছৰৰ প্রথম ভাগতে আৰম্ভ হ’বলগীয়া ভেকচিন প্রদান কার্যসূচীৰ বাবে দেশৰ আন তিনি ৰাজ্যৰ লগতে অসমত ভেকচিন প্রদান প্রক্রিয়াৰ অনুশীলন কৰা হ’ব৷ এই কথা সদৰী কৰিছে কেন্দ্রীয় চৰকাৰে৷ অসমৰ উপৰি অন্ধ্রপ্রদেশ, গুজৰাট আৰু পঞ্জাবত ভেকচিন প্রদান প্রক্রিয়াৰ অনুশীলন কৰা হ’ব৷ এই অনুশীলনৰ সময়ত ভেকচিন প্রদানৰ বাহিৰে আন সকলো কাম–কাজৰ অনুশীলন কৰা হ’ব৷ এই অনুশীলনৰ সময়ছোৱাত প্রতিখন ৰাজ্যৰ দুখন জিলাত এই পৰিকল্পনা কৰিব লাগিব৷ জিলা হাস্পতাল, চি এইচ চি, পি এইচ চি অথবা ব্যক্তিগত স্বাস্থ্যকেন্দ্র আদিত এই অনুশীলন কৰিব লাগিব৷ এই অনুশীলন প্রক্রিয়া অহা ২৮ আৰু ২৯ ডিচেম্বৰত পৰিকল্পনা কৰা হৈছে৷ ক’ল্ড ষ্টৰেজৰ ব্যৱস্থা, পৰিবহণ ব্যৱস্থা, ভেকচিন লাভ কৰিবলৈ অহা ব্যক্তিসকলক নিয়ন্ত্রণ আদিকে ধৰি সকলো প্রক্রিয়াই এই অনুশীলনৰ সময়ত সামৰি লোৱা হ’ব৷ এই অনুশীলন প্রক্রিয়াৰ সবিশেষ তথ্য ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক দাখিল কৰিব লাগিব সংশ্লিষ্ট কর্তৃপক্ষই৷ উল্লেখ্য যে নেচনেল এক্সপার্ট গ্রুপ অন ভেকচিন এডমিনিষ্ট্রেচন অৱ ক’ভিড–১৯–এ (এন ই জি ভি এ চি) ভেকচিন প্রদানৰ বাবে তিনিটা পর্যায়ৰ লোকক সামৰি ল’বলৈ পৰামর্শ প্রদান কৰিছে৷ সেই অনুসৰি প্রায় ১ কোটি স্বাস্থ্যকর্মী, ২ কোটি ফ্রণ্টলাইন ৱর্কাৰ আৰু বয়স অনুপাতে ২৭ কোটি লোকক সামৰি ল’বলৈ তেওঁলোকে পৰামর্শ প্রদান কৰিছে৷ ইপিনে ক’ভিডৰ ভেকচিনসমূহ সংৰক্ষণৰ বাবে বিশেষ উষ্ণতাত ৰখাটো বাধ্যতামূলক৷ সেয়েহে এইক্ষেত্রত শীতলীগৃহৰ ব্যৱস্থা কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ সেই অনুসৰি সমগ্র দেশত ২৮,৯৪৭ ক’ল্ড চেইন পইণ্ট ভেকচিন মজুতকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ স্বাস্থ্যকর্মী আৰু ফ্রণ্টলাইন কর্মচাৰীসকলৰ বাবে প্রয়োজনীয় তিনি কোটি ভেকচিনৰ উপৰি অতিৰিক্ত ভেকচিন এই ক’ল্ড ষ্টৰেজত মজুত কৰাৰ সুবিধা আছে৷
ৰাজ্যত নতুনকৈ ৬১জন ক’ভিডত আক্রান্ত
আজি ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে মাত্র ৬১গৰাকী লোক৷ বিগত ২৪ ঘণ্টাত মুঠ ১১,৭৫৭টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৫২ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ২৮গৰাকী ব্যক্তি৷ আজি কোনো লোকৰ মৃত্যু হোৱা নাই ক’ভিডত আক্রান্ত হৈ৷ ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা হৈছে ২,১৫,৮৩৬গৰাকী৷ ইতিমধ্যে ২,১১,৩৭৮গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩,৪২২গৰাকী লোক৷