নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

’২১ত অসমত ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ চৰকাৰঃ লুৰিণ

পবিন্দ্র ডেকাক গৃহ সমষ্টিত বিপুল আদৰণি ৰাইজৰ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ অহা ’২১ৰ বিধানসভা নির্বাচনত ৰাজ্যখনত ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ চৰকাৰ গঠন হ’ব৷ ৰাজ্যখনত এক ঐক্যবদ্ধ জাতীয়তাবাদ আৰু স্বাভিমানী জাতীয়তাবাদৰ পুনৰ উত্থান ঘটিব৷ৰাজ্যখনত অসমৰ জনগণৰ আপোন, মৰমৰ চৰকাৰ এখন প্রতিষ্ঠা হ’ব৷ অসমীয়া জাতিক হিন্দু–মুছলমান, অসমীয়া– বাঙালী, জনজাতি–জনজাতিত ভাগ ভাগ কৰিব খোজাৰ লগতে ধর্মীয় মেৰুকৰণ আৰু প্রলোভনৰ ৰাজনীতিৰে জাতিটোক ছিন্ন–বিচ্ছিন্ন কৰিব খোজা শক্তিটোৰ অৱসান ঘটিব৷ অসমৰ ৰাইজে নিজৰ ভৰিৰ ওপৰত থিয় দি ‘স্বাভিমানী’ হৈ জীয়াই থাকিব৷ সূতা–কম্বল, একাউণ্টত ধন আদায় দিয়াৰ দৰে ৰাজনীতিৰ অন্ত পৰিব৷ আজি দিনৰ প্রায় এক বজাত নৱগঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ–সভাপতি চিত্তৰঞ্জন বসুমতাৰী আৰু কেইবাগৰাকীও দলীয় সতীর্থ আৰু সমর্থকেৰে আহি ভৱানীপুৰত উপস্থিত হোৱা দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসম আন্দোলনৰ প্রথমগৰাকী শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূর্তি আৰু তাৰ পিছতেই শ্বহীদগৰাকী মৃত্যু হোৱা স্থানৰ সমীপতে ভৱানীপুৰ আঞ্চলিক ছাত্র সন্থাৰ কার্যালয় চৌহদত নির্মিত শ্বহীদগৰাকীৰ সোঁৱৰণত স্থাপিত শ্বহীদ বেদীত বন্তি প্রজ্বলন, পুষ্পাঞ্জলি প্রদান আৰু মাল্যার্পণ কৰাৰ পিছতেই ভৱিষ্যৎ উজ্জ্বল এখন অসম গঢ়াৰ ৰূপৰেখা দাঙি ধৰি সাংবাদিকৰ প্রশ্ণৰ উত্তৰত দৃঢ় প্রত্যয়েৰে এই মত ব্যক্ত কৰে৷ ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনৰ আগে আগে ৰাজ্যখনৰ ‘যিবোৰ আঞ্চলিক ৰাজনৈতিক শক্তিয়ে অইন কোনো ৰাজনৈতিক শক্তিৰে সনা–পোটোকা কৰা নাই, কোনো ৰাজনৈতিক শক্তিৰ পিঠিত বোকোচাত উঠি অক্সিজেন সেৱন কৰি থকা নাই’, সেইবোৰ আঞ্চলিক শক্তিৰে সৈতে একত্রিত হ’বই বুলি তেওঁ নিশ্চয়তা প্রদান কৰে৷ তাৎপর্যপূর্ণভাৱে ইয়াৰ বাবে মাথোন দুদিনমান অপেক্ষা কৰিবলৈও সাংবাদিকসকলৰ সৈতে তেওঁ ৰাইজলৈ আহ্বান জনায়৷ অগপৰ সভাপতি অতুল বৰাই অলপতে তেওঁক এগৰাকী ‘ছদ্মৱেশী আঞ্চলিকতাবাদী’ হিচাপে অভিহিত কৰাত তেওঁৰ মন্তব্য– সেইটো ৰাইজে দেখি আছে ‘ছদ্মৱেশী’ কোন? কোনে ৰাজনৈতিক ক্ষমতাৰ লালসাত ৰাষ্ট্রীয় দলৰ আগত মূৰ দোঁৱালে? কোনে শাসন ক্ষমতা পাবৰ বাবে চকুপানী টুকি ৰাইজক প্রতাৰণা কৰিলে? কোনে কেৱল ৰাজনৈতিক লালসাৰ বাবে অসম মাতৃৰ আহ্বানক নেওচা দিলে? তেওঁ কয়– আমি কিন্তু অসম মাতৃৰ আহ্বান সঠিক, শুদ্ধভাৱে শুনিছোঁ, সঠিকভাৱে হূদয়ংগম কৰিছেছা৷ হূদয়ত সততা আৰু নিষ্ঠাৰে সৈতে আমি আজি জাতিটো ৰক্ষা কৰাৰ পণ লৈ ওলাই আহিছেছা৷ কোন প্রতাৰক–বিশ্বাসঘাত্ আজি জাতিটোক বিশ্বাসঘাতকতা কৰিলে, সেয়া আজি অসমৰ শুভচিন্তক অসমৰ প্রত্যেকগৰাকী ৰাইজে দেখিছে, বুজিছে৷এই প্রসংগতে তেওঁ পুনৰ কয়– তেওঁলোকৰ স্থান ক’ত হ’ব, সেই কথা ইতিমধ্যে অসমৰ ভৱিষ্যৎ জনগণে নির্ণয় কৰি থৈছে৷ জাতিয়ে ক’ব, তেওঁলোকৰ ভৱিষ্যৎ স্থান ক’ত হ’ব? আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অলপতে বৰাক উপত্যকাত নৱগঠিত ‘অসম জাতীয় পৰিষদ’ দলটোৱে এখনো আসন লাভ নকৰে বুলি কৰা মন্তব্য সম্পর্কতো সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ পোনপটীয়া উত্তৰ নিদি তেওঁৰ মন্তব্য– আমি এটা কথাই মাথোন জানো, সেয়া অসমৰ ৰাইজে নির্ণয় কৰিব৷ ‘অসম জাতীয় পৰিষদ’ক লৈ চৌদিশে দেখা উৎসাহী পৰিৱেশে তেওঁক যথেষ্ট আশান্বিত কৰি তোলা বুলিও তেওঁ মত ব্যক্ত কৰে৷

আগন্তুক বিধানসভা নির্বাচনত অসমৰ ১২৬টা সমষ্টিৰ প্রতিটোতে তেওঁৰ দলে প্রার্থিত্ব প্রদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ আনহাতে ৰাজ্যত শাসনলৈ আহিলে ৰাজ্যখনক কৃষিনির্ভৰ অর্থনীতিৰে আগুৱাই লৈ যোৱাৰ এক বিস্তৃত নিখুঁত পৰিকল্পনা তেওঁৰ দলৰ আছে বুলিও সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয়– ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্র বাঁহ– বেত, কুটীৰ, কমাৰ, চাহ, কাহ আদি শিল্পসমূহক সুপৰিকল্পিত এক পদ্ধতি ৰচনাৰে উন্নয়ন সাধন কৰি ৰাজ্যখনৰ জাতীয় পুঁজি টনকিয়াল কৰাত গুৰুত্ব দিয়া হ’ব৷ তেওঁ কয়– কৃষকৰ উৎপাদিত শস্য সংৰক্ষণৰ বাবে শীতলগৃহ স্থাপন, উদ্যোগীকৰণ, বজাৰ ব্যৱস্থাৰ নিয়ন্ত্রণ, কৃষি উৎপাদিত সামগ্রীৰ উচিত বিতৰণ, বিপণনৰ দিশটোতো গুৰুত্ব দিয়া হ’ব৷ আনহাতে আগন্তুক বিধানসভা নির্বাচনত তেওঁ কোন সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, সেয়া দলে ঠিক কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ তদুপৰি ধাৰাবাহিক ৰূপত ‘কা’ আন্দোলন চলিবই বুলিও তেওঁ জানিবলৈ দিয়ে৷ আনহাতে ইয়াৰ পিছতেই ‘অসম জাতীয় পৰিষদ’ৰ সভাপতিগৰাকীয়ে তেওঁৰ সতীর্থসকলৰ সৈতে অসম আন্দোলনৰ প্রথমগৰাকী শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ গৃহভূমি উজান বৰবডী আৰু ‘কা’ আন্দোলনত আৰক্ষীৰ গুলীত নিহত পঞ্চ শ্বহীদৰ অন্যতম ভৱানীপুৰ সমষ্টিৰ হলংবাৰী গাঁৱৰ আব্দুল আলিমৰ ঘৰত উপস্থিত হয়৷ উজান বৰবডীত শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ সমাধি স্থানৰ সমীপতে নির্মিত শ্বহীদ বেদীত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰাৰ পিছতেই উপস্থিত ৰাইজক সম্বোধি সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসমীয়া জাতিসত্তাৰ পুনঃপ্রতিষ্ঠাৰ বাবেই ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ হকে মত পোষণ কৰিবলৈ উপস্থিত ৰাইজলৈ আহ্বান জনায়৷ তাৰ পিছতেই সভাপতি লুৰিণজ্যোতি গগৈসহ দলটোৱে শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ ভাতৃ, অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সম্পাদক চন্দ্রকান্ত তালুকদাৰৰ ঘৰত উপস্থিত হয় আৰু পৰিয়ালৰ সৈতে ভাব বিনিময় কৰে৷ তাৰ পিছতেই শ্বহীদ ভাতৃগৰাকীৰে সভাপতি লুৰিণজ্যোতিসহ উপস্থিত হোৱা দলটোৱে শ্বহীদগৰাকীৰ পৰিয়ালৰ সৈতে ভাব বিনিময় আৰু বার্তালাপত ভাগ লয় আৰু আব্দুল আলিমৰ দৰে শ্বহীদৰ ত্যাগ কাহানিও অথলে যাবলৈ দিয়া নহ’ব বুলি শ্বহীদ আব্দুল আলিমৰ পৰিয়ালক জানিবলৈ দিয়া হয়৷
অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাক সমষ্টিৰ সমর্থকৰ ব্যাপক আদৰণি
নৱগঠিত অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাক তেওঁৰ গৃহ সমষ্টি পাটাছাৰকুছিত সমর্থকসকলে আজি বিপুল আদৰণি জনায়৷ বিধায়ক ডেকাক আদৰণি জনাবলৈ আয়োজন কৰা বাইক ৰেলী মুকলি কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়– অসম জাতীয় পৰিষদৰ এই যাত্রা স্বাভিমান ৰক্ষাৰ যাত্রা, আমাৰ অধিকাৰ প্রতিষ্ঠাৰ যাত্রা আৰু এই যাত্রাত আমি অসমৰ জনগণৰ অধিকাৰ প্রতিষ্ঠা কৰি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত কৰিব পাৰোঁ, সেই চিন্তা আৰু সেই লক্ষ্য আগত ৰাখি এই যাত্রা আৰম্ভ কৰা হৈছে৷ অসমৰ ৰাইজে ইয়াত স্বতঃস্ফূর্তভাৱে সঁহাৰি জনাইছে, সকলোৱে আহি চামিল হৈছে৷ সমগ্র অসমৰ বিভিন্ন প্রান্তত উছৱমুখৰ পৰিৱেশ, সকলো অংগীকাৰবদ্ধ হৈছে যে আমি যুঁজিম আৰু এই যুঁজত আমি জয়লাভ কৰিম৷ এই মুহূর্তত অসমৰ সর্বস্তৰৰ জনগণক আহ্বান জনাব খুজিছোঁ যে সকলোৱে আহি এই স্বাভিমান ৰক্ষাৰ যুঁজত চামিল হওক৷ তেওঁ লগতে কয়– অসমৰ জাতীয় জীৱনৰ মহান বীৰ আৰু অসমৰ ৰাইজৰ আশীর্বাদ লৈ আগন্তুক দিনত অসম জাতীয় পৰিষদৰ যোগেদি অসমৰ জাতীয় জীৱনৰ ভৱিষ্যৎ সুৰক্ষা আৰু স্বাভিমান ৰক্ষাৰ স্বার্থত ২০২১ চনত অসমত এখন জাতীয়তাবাদী চৰকাৰ গঠনৰ বাবে অজাপই সংকল্পবদ্ধ হৈছে৷ ২০২১ চনত অসমৰ ৰাইজে এখন সপোনৰ চৰকাৰ পাব আৰু অসমৰ ৰাইজে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ কেৱল পাটাছাৰকুছি সমষ্টিতে নহয়, সমগ্র অসমতে অসম জাতীয় পৰিষদে একক সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰিব বুলিও সভাপতি গগৈয়ে দাবী কৰে৷ উল্লেখ্য যে পুৱা অজাপৰ কর্মীসকলে প্রথমে টিহু চ’কত সমৱেত হয় আৰু দলটোৰ নেতৃবৃন্দক টিহু চ’কৰ পৰা পাটাছাৰকুছি শিৱ দুর্গাধামলৈ আদৰি আনে৷ তাৰ পিছতে শিৱ দুর্গাধামত তেওঁলোকক বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে আদৰণি জনায়৷ সেই স্থানত শ্বহীদ তর্পণ কার্যসূচীও ৰূপায়ণ কৰা হয়৷ অনুষ্ঠানত কেন্দ্রীয় সাধাৰণ সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকে৷ ইয়াৰ পিছতে এখন সুসজ্জিত বাহনত বিধায়কগৰাকীক লৈ বাইক ৰেলীটোৱে সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্রমণ কৰে৷

You might also like