নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন প্রজন্মই অসমৰ গৌৰৱৰ ধ্বজা উৰুৱাব লাগিব

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ‘বৌদ্ধিক মানুহে সমাজৰ যিকোনো ঠাইতে মিলি যাব পাৰে৷ বহু প্রত্যাহ্বানৰ সন্মুখীন হ’লেও বৌদ্ধিক লোকে কামৰ পৰা পিছুৱাই নাহে৷ নতুন প্রজন্ময়ো বৌদ্ধিক লোকৰ পথৰে নিজৰ বিবেকেৰে আগবাঢ়ি যাব লাগিব৷ কিয়নো নতুন প্রজন্মইহে অসমৰ গৌৰৱৰ ধ্বজা উৰুৱাব লাগিব৷’ –এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ৷ নলবাৰীত বিধায়ক অশোক শর্মাৰ বিধায়ক পুঁজিৰে নির্মাণ কৰি উলিওৱা পঞ্চ সাহিত্য কাণ্ডাৰী শৰৎ চন্দ্র গোস্বামী, বিহগী কবি ৰঘুনাথ চৌধাৰী, নন্দনতাত্ত্বিক ত্রৈলোক্য নাথ গোস্বামী, অভিধান প্রণেতা গিৰিধৰ শর্মা আৰু সংবাদ সূর্য কনকসেন ডেকাৰ গৌৰৱ সৌধ হিচাপে আবক্ষ মূর্তি উন্মোচন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড০ শইকীয়াই অসম সাহিত্য সভাই ৰাইজৰ সেৱা নিঃস্বার্থভাৱে কৰি আহিছে বুলি মন্তব্য কৰে৷ অসম সাহিত্য সভাই বিগত ১০৩ বছৰে জাতীয় জীৱন আৰু বৌদ্ধিক সমাজৰ গুৰিব’ঠা ধৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে৷ সাহিত্য কাণ্ডাৰীসকলৰ গৌৰৱ সৌধ নির্মাণ কৰাত বিধায়ক অশোক শর্মাৰ শলাগ লৈ সাহিত্য সভাৰ সভাপতিগৰাকীয়ে জনপ্রতিনিধিয়ে এনেদৰে ৰাইজৰ মংগলৰ বাবে কাম কৰি থকাটো শুভলক্ষণ বুলি মন্তব্য কৰে৷ নলবাৰী গোপাল বজাৰ তিনিকোণীয়া পুখুৰী উদ্যানত নির্মাণ কৰি উলিওৱা পঞ্চ গৌৰৱ সৌধ হিচাপে নির্মাণ কৰি উলিওৱা আবক্ষ মূর্তি বিয়লি ৩ বজাত মুকলি কৰে বিধায়ক অশোক শর্মাই৷ উন্মোচনী সভাত বিধায়ক শর্মাই যিসকল ব্যক্তিয়ে নলবাৰীক উজলাই তুলিছিল, তেনে ব্যক্তিক সন্মান দিয়াটো এক সপোন আছিল বুলি মন্তব্য কৰে৷ নৱদ্বীপ নলবাৰীক উজলাই তোলা সাহিত্য কাণ্ডাৰীসকলৰ আবক্ষ মূর্তি স্থাপন কৰাৰ এটি সপোন আছিল বুলিও বিধায়কগৰাকীয়ে কয় আৰু এইক্ষেত্রত নলবাৰী জিলা সাহিত্য সভাৰ আহ্বান আৰু সঁহাৰিক ধন্যবাদ জনায়৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই নলবাৰীয়ে বৌদ্ধিক নেতৃত্ব ল’ব লাগিব বুলি মন্তব্য কৰে৷ গোটেই সমাজখনেই এখন বিশ্ববিদ্যালয় বুলি উল্লেখ কৰি সকলো শ্রেণীৰ ব্যক্তিয়ে কষ্ট কৰিলে এদিন সফল হ’ব পাৰে বুলিও সচিব কলিতাই কয়৷ অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মাই অসম সাহিত্য সভাত নলবাৰীৰ আটাইকেইগৰাকী সাহিত্য কাণ্ডাৰীৰ সামাজিক আৰু সাহিত্যিক অৱদান দাঙি ধৰে৷ বিধায়ক অশোক শর্মাই সাহিত্যৰ দিশত এনে পদক্ষেপ লোৱা বাবে সভাপতি শর্মাই প্রশংসা কৰে৷ অনুষ্ঠানত সংবাদ সূর্য কনকসেন ডেকা উপস্থিত থাকিব নোৱাৰাত দি পঠিওৱা লিখিত ভাষণ তেওঁৰ পুত্র তথা ‘দৈনিক অগ্রদূত’ৰ সম্পাদক প্রাঞ্জলসেন ডেকাই পাঠ কৰে৷ সভাত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কার্যনির্বাহক সদস্য ডাঃ বিপিন চন্দ্র কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে জিলাখনৰ বিশিষ্ট নাগৰিক, সাহিত্যসেৱী, জ্যেষ্ঠ নাগৰিক আৰু বহু অনুষ্ঠান–প্রতিষ্ঠানৰ্ প্রতিনিধি উপস্থিত থাকে৷ নির্মাণ সমিতিৰ সচিব জোন বর্মন, যুৱ সমাজকর্মী ধ্রুৱ দত্তকে ধৰি কেইবাগৰাকী যুৱকর্মীয়ে পৰিচালনা কৰা অনুষ্ঠানটি শেষত অসম সংগীতেৰে সামৰণি মৰা হয়৷

You might also like