নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ কোটিৰ অভিলাষী আঁচনি নহ’ল ৰূপায়ণ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ হূদপিণ্ড স্বৰূপ দীপৰ বিলক পর্যটনথলীলৈ উন্নীতকৰণ, সৌন্দর্যবর্ধন আৰু জীৱন–জীৱিকাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে দুবছৰ পূর্বে ১০ কোটি টকাৰ অভিলাষী আঁচনি গ্রহণ কৰিও বন বিভাগৰ বাধাৰ বাবে আঁচনি ৰূপায়ণ কৰিব পৰা হোৱা নাই বুলি আক্ষেপ প্রকাশ কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে ২০১৮ চনতে স্থানীয় বিধায়ক হিচাপে অসম চৰকাৰৰ পৰা ছিগনেচাৰ আঁচনিৰ বিপৰীতে দীপৰ বিলৰ উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন লাভ কৰা হৈছিল৷ তাৰ পিছত অসম চৰকাৰৰ পর্যটন বিভাগৰ অধীনৰ অসম পর্যটন উন্নয়ন নিগম চমুকৈ এ টি ডি চি ৰ জৰিয়তে ১০ কোটি টকাৰে দীপৰ বিলক পর্যটনথলীলৈ উন্নীতকৰণ, সৌন্দর্যবর্ধন আৰু নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বিলখনক জীৱন–জীৱিকাৰ কেন্দ্রবিন্দুলৈ পৰিৱর্তন কৰাৰ বাবে এখন অভিলাষী আঁচনি গ্রহণ কৰা হয়৷ ইয়াৰ উপৰি বিলখনৰ কিছু অংশ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্গত হোৱা বাবে আঁচনি ৰূপায়ণ কৰা সন্দর্ভত বিভাগীয় নিয়ম অনুসৰি বন বিভাগলৈ প্রেৰণ কৰা হয়৷ কিন্তু বিধায়ক কলিতাই সদৰী কৰা অনুসৰি বিগত প্রায় দুবছৰ ধৰি বন বিভাগৰ পৰা আঁচনি ৰূপায়ণ কৰা সন্দর্ভত আপত্তিবিহীন প্রমাণ পত্র (এন অ’ চি) লাভ নকৰা বাবে ১০ কোটি টকাৰ অভিলাষী আঁচনিখন এ টি ডি চিয়ে ৰূপায়ণ কৰিব পৰা নাই৷

যাৰ বাবে ১০ কোটি টকা খৰচ নকৰাকৈ পেলাই থ’বলগীয়া হৈছে৷ একে সময়তে বন বিভাগৰ এন অ’ চি লাভ নকৰা বাবে ৰাইজৰ আগত তেওঁ হেয় প্রতিপন্ন হ’বলগীয়া হৈছে বুলি বিধায়ক কলিতাই দুখ প্রকাশ কৰিছে৷ ইফালে, এটা চৰকাৰী বিভাগে আন এটা চৰকাৰী বিভাগক এন অ’ চি প্রদান নকৰিলেও একাংশ মাফিয়া প্রকৃতিৰ লোকে মাটি বেদখল, মাটি কাটি দীপৰ বিলৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ কিন্তু সেইবোৰ বন্ধ কৰিব নোৱৰা বন বিভাগে এ টি ডি চি ক কিয় ১০ কোটিটকীয়া ছিগনেচাৰ আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰি আহিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ইফালে, ৰাষ্ট্রীয় সেউজ প্রাধিকৰনে (এন জি টি) গুৱাহাটী পৌৰ নিগমক দীপৰ বিলৰ ওচৰতে থকা বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰিত কৰিবলৈ ডেৰ বছৰ পূর্বে নির্দেশ দিয়া সত্ত্বেও আজি পর্যন্ত স্থানান্তৰ কৰিব পৰা নাই চৰকাৰে৷ ফলত বিলখনৰ পানীভাগ দিনকদিনে অধিক প্রদূষিত হৈছে৷ কিন্তু এই গুৰুত্বপূর্ণ বিষয়টোত বন বিভাগে নীৰৱ ভূমিকাহে পালন কৰা পৰিলক্ষিত হৈছে৷

You might also like