নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সভা স্থগিত প্রস্তাৱ অগ্রাহ্যৰ পাছতে হুলস্থূল কংগ্রেছ এআইইউডিএফৰ

ভূমিপুত্রক উচ্ছেদৰ বিৰুদ্ধে সদনত প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ সোমবাৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্রথম দিনটোতে উত্তাল হৈ পৰিল সদন৷ সদনৰ প্রশ্ণোত্তৰ কাল শেষ হোৱাৰ পাছতেই প্রধান বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে ভূমিপুত্রক উচ্ছেদৰ বিৰুদ্ধে আৰু কৃষকবিৰোধী স্থিতি পৰিহাৰৰ দাবীত সুকীয়া সুকীয়াকৈ সভা স্থগিত প্রস্তাৱ উত্থাপন কৰে৷ কিন্তু কংগ্রেছ দলে উত্থাপন কৰা সভা স্থগিত প্রস্তাৱৰ প্রতিলিপি সংশ্লিষ্ট মন্ত্রীক নিদিয়াৰ পৰিপ্রেক্ষিতত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে তেওঁলোকৰ সভা স্থগিত প্রস্তাৱটো অগ্রাহ্য কৰে৷ একেদৰে এ আই ইউ ডি এফে উত্থাপন কৰা সভা স্থগিত প্রস্তাৱটো অকল শংকা আৰু ধাৰণাৰ আধাৰতহে কৰা হৈছে, য’ত কোনো সুনির্দিষ্ট তথ্য নাই৷ সেয়ে তেওঁ এ আই ইউ ডি এফৰ প্রস্তাৱটো অগ্রাহ্য কৰে৷ বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্রস্তাৱ দুটা অগ্রাহ্য কৰাৰ লগে লগে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ আহি হাতে হাতে প্লেকার্ড লৈ ‘ভূমিপুত্রৰ উচ্ছেদ বন্ধ কৰক’, ‘বান–খহনীয়াত সর্বস্বান্ত কৃষকক পর্যাপ্ত ক্ষতিপূৰণ দিয়ক’, ‘কৃষকক নূ্যনতম সমর্থন মূল্য আদায় দিয়ক’, ‘কৃষকবিৰোধী কৃষি আইন বাতিল কৰক’, ‘অসমীয়া ভূমিহীনক মাটি দিয়ক’, ‘আহ ঐ আহ ওলাই আহ’ আদি শ্লোগানেৰে সদনৰ মজিয়া উত্তাল কৰি তোলে৷ বিৰোধীৰ এনে উত্তাল প্রতিবাদৰ বিপৰীতে শাসক দল বিজেপিয়ে ‘কংগ্রেছ–এ আই ইউ ডি এফ ভাই ভাই’ , ‘২০২১ত ভাই ভাই’ শ্লোগান দিবলৈ আৰম্ভ কৰে৷ ফলত সদনৰ কার্যক্রমণিকা চলাই নিয়াত অসুবিধাৰ সৃষ্টি হয়৷

ইয়াৰ পৰিপ্রেক্ষিতত বিধানসভাৰ অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয়৷ এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে বর্তমানৰ অধ্যক্ষৰ আমোলতে একে পদ্ধতিৰেই তেওঁলোকে সভা স্থগিত প্রস্তাৱ উত্থাপন কৰিছিল আৰু অধ্যক্ষই তেনে প্রস্তাৱৰ গ্রহণযোগ্যতাৰ ওপৰত বক্তব্য আগবঢ়াবলৈ দিছিল৷ কিন্তু আজি অধ্যক্ষই তেওঁলোকৰ আবেদনৰ গ্রহণযোগ্যতাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ সুযোগ নিদিলে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনে যোৱা নির্বাচনৰ সময়ত ভূমিহীনক মাটি দিয়াৰ প্রতিশ্রুতি দিছিল৷ সীমান্ত অঞ্চলত চুবুৰীয়া ৰাজ্যই কৰা বেদখল মুক্ত কৰাৰ কথা কৈছিল৷ কিন্তু চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহপর্যন্ত চুবুৰীয়া ৰাজ্যৰ দ্বাৰা অসমৰ ভূমিত ৫৬টা আগ্রাসনৰ ঘটনা সংঘটিত হয়৷ এনে ঘটনাত মেঘালয় আৰু মিজোৰাম সীমান্তত দুজন লোকৰ মৃত্যুও হৈছে৷ ব্রিটিছে ভাৰতীয়ৰ ওপৰত যিদৰে অত্যাচাৰ চলাইছিল, বিজেপি চৰকাৰখনে অসমৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে৷ আমচাঙত উচ্ছেদ কৰিলে, চামগুৰিত উচ্ছেদ কৰিলে৷ দধিয়া–লাইকাবাসীয়ে আজিও আন্দোলন কৰি থাকিবলগীয়া হৈছে৷ কিন্তু চৰকাৰে এইবোৰ বিষয়ত কোনো গুৰুত্ব দিয়া নাই৷ সেইদৰে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ মুখ বন্ধ কৰিব বিচৰাৰ গুৰুতৰ অভিযোগ কৰে৷
আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰিক লৈ উত্তাল সদন
অসম আৰক্ষীৰ উপ–পৰিদর্শক বাছনি পৰীক্ষাত হোৱা প্রশ্ণকাকত ফাদিল কেলেংকাৰিক লৈ আজি উত্তাল হৈ পৰিল সদনৰ মজিয়া৷ কেলেংকাৰিটোত পুঠি–খলিহনা জালত পৰিল যদিও ৰৌ–বৰালি এতিয়াও সাৰি থকাৰ গুৰুতৰ অভিযোগ কৰি বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফে চি বি আইৰ হতুৱাই তদন্ত কৰোৱাৰ দাবী জনায়৷ আজি সদনৰ প্রশ্ণোত্তৰ কালত এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে কেলেংকাৰিটোৰ ক্ষেত্রত ঠাল–ঠেঙুলি গ্রেপ্তাৰ হৈছে যদিও শিপা ৰৈ গৈছে৷ উপ–পৰিদর্শক বাছনি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে বহু মন্ত্রী–বিধায়ক, দলীয় নেতাই প্রার্থীসকলক পৰীক্ষাৰ প্রশিক্ষণ দিয়াৰ বহু গুৰুতৰ অভিযোগ উঠিছে৷ কিন্তু তদন্ত প্রক্রিয়াই তেওঁলোকক সামৰি লোৱা নাই৷ সেই ক্ষেত্রত তদন্ত স্তব্ধ হৈ গৈছে৷ সেয়ে চৰকাৰে সঠিক তদন্তৰ বাবে কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব চি বি আইক দিব লাগে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণৰ দাবী জনায়৷ ইয়াৰ উত্তৰত মুখ্যমন্ত্রীৰ হৈ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সদনত কয় যে অসম আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰিটোত বর্তমানলৈকে ৫০জন ব্যক্তি জড়িত হোৱাৰ তথ্য পোৱা গৈছে৷ চি আই ডি থানাত ৰুজু হোৱা গোচৰ নং ২১/২০২০ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৯/২০১/২০৪, সংলগ্ণ ধাৰা ৬৬(বি) আই টি এক্ট আৰু সংলগ্ণ ধাৰা ২৫/১(বি) অস্ত্র আইন সংক্রান্তত মুঠ ৩৬জন ব্যক্তি জড়িত আৰু নলবাৰী থানাত ৰুজু হোৱা গোচৰ নং ৫০৭/২০২০ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৮/৪২০/৪০৬ ধাৰা সংক্রান্তত মুঠ ১৪জন ব্যক্তিক জড়িত পোৱা গৈছে৷ ইয়াৰে মুঠ ৪৯জনক গ্রেপ্তাৰ কৰা হৈছে৷ চি আই ডি থানাত ৰুজু হোৱা গোচৰ নং ২১/২০২০ৰ তদন্তৰ অভিযোগনামা (নং ০৭/২০২০ তাৰিখ ১৮/১২/২০২০) দাখিল কৰা হৈছে৷ নলবাৰী থানাৰ গোচৰ নম্বৰ ৫০৭/২০২০ বর্তমানলৈকে তদন্তাধীন হৈ আছে৷ সদনত তেওঁ আৰু কয় যে কোন কোন ব্যক্তিক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনি সোধা–পোছা কৰিছে, সেই সম্পর্কত তদন্তৰ স্বার্থতেই দিব পৰা নাযায়৷ কেলেংকাৰিটোৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰি কয় যে প্রশ্ণকাকত ফাদিলৰ খবৰ পোৱাৰ ১৫ মিনিটৰ ভিতৰতে মুখ্যমন্ত্রী সোণোৱালে পৰীক্ষা স্থগিত ৰাখি চি আই ডিক তদন্তৰ দায়িত্ব দিয়ে৷ শেহতীয়াকৈ নতুনকৈ বাছনি পৰীক্ষাও অনুষ্ঠিত কৰি পৰীক্ষাৰ ফলাফল প্রকাশ কৰা হৈছে৷ এতিয়া বাছনিত স্থান লাভ কৰাসকলৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্রীয়ে আজিৰ দিনটোতো শূন্য সহনশীলতা মানি আহিছে৷ কেলেংকাৰিৰ ক্ষেত্রত দেশত এনে ব্যৱস্থা লোৱাৰ নজিৰ নাই৷ তদন্তৰ ক্ষেত্রত অসম আৰক্ষী যথেষ্ট সফল বুলি উল্লেখ কৰি তেওঁ কয়– দেশৰ ভিতৰতে অসম আৰক্ষীৰ এক সুনাম আছে৷ অসম আৰক্ষী যথেষ্ট শক্তিশালী৷ আমাৰ নিৰাপত্তাৰ দায়িত্বত থকাসকলো অসম আৰক্ষীৰ৷ আমি যদি আমাৰ নিৰাপত্তাৰক্ষীক লৈ আশ্বস্ত হ’ব পাৰোঁ, তেওঁলোকে কৰা তদন্তক লৈ আশ্বস্ত নোহোৱাৰ কাৰণ থাকিব নোৱাৰে৷ ইপিনে সদনত মন্ত্রী পাটোৱাৰীয়ে সদৰী কৰা অনুসৰি বর্তমান ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত মুঠ ৪,৩৫৬টা আৰক্ষীৰ পদ খালী হৈ আছে৷ ইয়াৰে ছটা পৰিদর্শক, ৪৬৬টা উপ–পৰিদর্শক, ২৬৩টা সহকাৰী উপ–পৰিদর্শক, ১৮৬টা হেড কনিষ্টবল, ১৪৭টা নায়ক, ৩,১১১টা কনিষ্টবল আৰু ১৭৭টা মহিলা কনিষ্টবলৰ পদ খালী হৈ আছে৷ আৰক্ষী চকী আৰু আৰক্ষী থানাসমূহত বৃহৎসংখ্যক আৰক্ষীৰ পদ খালী হৈ থকাৰ প্রসংগত মন্ত্রী পাটোৱাৰীয়ে কয় যে উগ্রপন্থী জর্জৰিত অঞ্চল হিচাপে ইয়াত সশস্ত্র আৰক্ষীৰ সংখ্যাই বেছি৷ ৰাজ্যখনত থকা বেটেলিয়নৰ সংখ্যাই সেয়া স্পষ্ট কৰে৷ ইয়াৰ বাবে চিভিল পুলিচৰ সংখ্যা বৃদ্ধি কৰিব পৰা হোৱা নাই৷ তাৰ বাবে আৰক্ষী চকীসমূহত আৰক্ষীৰ সংখ্যা কম দেখা যায়

You might also like