নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মিচিং লোকনৃত্য (গুমৰাগ) প্ৰশিক্ষণৰ কৰ্মশালাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ কণ কণ মিচিং নৃত্য শিল্পীৰ দল, মিচিং গাভৰু দলৰ গুমৰাগ নৃত্যৰে মুখৰিত হ’ল জোনাই৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ধেমাজি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত মিচিং লোকনৃত্য(গুমৰাগ) প্ৰশিক্ষণৰ কৰ্মশালাৰ আজি সামৰণি পৰে৷

জোনাই মূৰ্কংচেলেক মিচিং কৃষ্টিভৱনৰ প্ৰাংগণত যোগেশ চাহৰ আৰু ভানুপ্ৰিয়া মিৰিৰ নেতৃত্বত অনুষ্ঠিত মিচিং লোকনৃত্য (গুমৰাগ) প্ৰশিক্ষণৰ কৰ্মশালা যোৱা ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল। কৰ্মশালাত চাৰিটি দলৰ প্ৰায় শতাধিকৰো অধিক মিচিং নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰে৷ আজিৰ সামৰণী অনুষ্ঠানত জোনাই মূৰ্কংচেলেক মিচিং কৃষ্টিভৱন মিচিং লোকনৃত্যৰে (গুমৰাগ) মুখৰিত হৈ পৰে ৷

 সামৰণী অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যাধৰ দেউৰী , মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাং, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, জোনাই জিলা টি এম পি কে সম্পাদক বিধান মিলিৰ লগতে নৃত্য শিল্পীসকলৰ অভিভাৱক আৰু জোনাইৰ সংস্কৃতি প্ৰেমী ৰাইজ উপস্থিত থাকে৷

You might also like