নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কাজুলৰ বিৰুদ্ধে গৃহ মন্ত্রালয়ৰ তদন্তৰ নির্দেশ

অসম–মণিপুৰৰ পৰা ৩০২ শিশু সন্ধানহীন

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ  সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে ধন লাভ কৰে বুলি উত্থাপিত অভিযোগৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই আন এক বিপদৰ সন্মুখীন হৈছে এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল৷ জৰা–ফুঁকাৰ ৰাজনীতিৰে ৰাজ্যৰ সংখ্যালঘু লোকসকলৰ ভোট আদায়ৰ চেষ্টা কৰা আজমলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মার্কাজুল মাৰিফৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ চীনৰ প্রতিষ্ঠানকে ধৰি আন্তর্জাতিক দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পর্ক থকাৰ সংস্থাৰ পৰা পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মার্কাজুল মাৰিফৰ বিৰুদ্ধে কেন্দ্রীয় গৃহ মন্ত্রালয়ে তদন্তৰ নির্দেশনা দিছে৷ তদুপৰি মার্কাজুল মাৰিফে পৰিচালনা কৰা অসমৰ পাঁচখন আৰু মণিপুৰৰ এখন শিশু নিকেতনৰ পৰা শিশু সন্ধানহীন হোৱা বিষয়ৰো তদন্ত কৰিব কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ এই কথা আনুষ্ঠানিকভাৱে আজি সংবাদ মাধ্যমক সদৰী কৰিছে ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (এন চি পি চি আৰ)ৰ অধ্যক্ষ প্রিয়াংক কানুংগই৷

উল্লেখ্য যে মার্কাজুল মাৰিফে পৰিচালনা কৰা অসম আৰু মণিপুৰৰ শিশু নিকেতনৰ পৰা মুঠ ৩০২টা শিশু সন্ধানহীন হৈ আছে বুলি আয়োগৰ অনুসন্ধানত পোহৰলৈ আহিছিল৷ কানুংগই প্রকাশ কৰা অনুসৰি যোৱা ১৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ আয়োগৰ এটা তদন্তকাৰী দলে অসমৰ ধুবুৰী, গোৱালপাৰা, হোজাই আৰু নগাঁৱৰ মার্কাজুল মাৰিফে পৰিচালনা কৰা পাঁচখন বিদ্যালয় পৰিদর্শন কৰিছিল৷ তদুপৰি এই দলটোৱে মণিপুৰৰ থাওবালৰ এখন শিশু নিকেতনতো তদন্ত কৰিছিল৷ এই তদন্তৰ সময়ত তদন্তকাৰী দলটোৱে উক্ত ছয়খন শিশু নিকেতনত মুঠ ১,০৮০টি শিশুৰ নাম পঞ্জীয়ন হৈ থকা বুলি তথ্য লাভ কৰে৷ কিন্তু আয়োগে সন্ধান লাভ কৰে ৭৭৮টি শিশুৰহে৷ সেয়েহে আয়োগৰ তদন্তকাৰী দলটোৱে বাকী ৩০২টি শিশু সন্ধানহীন হৈ আছে বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ওচৰত প্রতিবেদন দাখিল কৰে৷ যোৱা ২৬ ডিচেম্বৰত দাখিল কৰা এই প্রতিবেদনখনত তুৰস্কৰ এটা বিতর্কিত সংস্থাৰ পৰা মার্কাজুলে ধন লাভ কৰা বুলিও স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷

প্রতিবেদনত উল্লেখ কৰা অনুসৰি মার্কাজুল মাৰিফে তুৰস্কৰ বেচৰকাৰী সংগঠন ইনচানী য়ার্ডিম ৱাকফি (আই এইচ এইচ)ৰ পৰা সময়ে সময়ে বৃহৎ অংকৰ পুঁজি লাভ কৰি আহিছে৷ বিশ্বজুৰি সন্ত্রাসৰ সৃষ্টি কৰা দুর্ধর্ষ উগ্রবাদী সংগঠন আল–কায়দাৰ সৈতে আই এইচ এইচৰ প্রত্যক্ষ সম্পর্ক থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ এনে এটা সংগঠনৰ পৰা বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা মার্কাজুল মাৰিফে পুঁজি লাভ কৰা বুলি উত্থাপিত অভিযোগে স্বাভাৱিকতে বিতর্কৰ সৃষ্টি কৰিছে৷ আয়োগৰ প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি বিদেশী পুঁজি (নিয়ন্ত্রণ) আইন উলংঘা কৰি আজমল ফাউণ্ডেচনৰ জৰিয়তে মার্কাজুল মাৰিফে চীনৰ এক প্রতিষ্ঠানৰ পৰাও ধন সংগ্রহ কৰিছে৷ ইফালে আয়োগৰ অধ্যক্ষ প্রিয়াংক কানুংগই প্রকাশ কৰা অনুসৰি অহা দুই–তিনি মাহৰ ভিতৰতে আজমল ফাউণ্ডেচন আৰু মার্কাজুল মাৰিফৰ বিৰুদ্ধে গৃহ মন্ত্রালয়ৰ তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব৷

উল্লেখ্য যে আইন অধিকাৰ সম্পর্কীয় সংগঠন লীগেল ৰাইটছ অবজাৰভেটৰী (এল আৰ অ’)–এ আজমল ফাউণ্ডেচনে সন্ত্রাসবাদী সংগঠনৰে সম্পর্ক ৰখা বিদেশী সংস্থাৰ পৰা ধন লাভ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ এই সংগঠনটোৰ অভিযোগমর্মেই ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তদন্তকাৰী দলে মার্কাজুল মাৰিফৰ অধীনস্থ শিশু নিকেতনসমূহ পৰিদর্শন কৰিছিল৷ এই পৰিদর্শনৰ ভিত্তিত দাখিল কৰা প্রতিবেদনৰ গুৰুত্ব বুজি কেন্দ্রীয় গৃহ মন্ত্রালয়ে মার্কাজুল মাৰিফৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিয়াৰ লগে লগে বিদেশী সংস্থাৰ বৰঙণিক লৈ উত্থাপিত হৈ অহা বহু তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে৷ যদিহে গৃহ মন্ত্রালয়ৰ তথ্যত বিদেশী পুঁজি (নিয়ন্ত্রণ) আইন ভংগ কৰা আৰু সন্ত্রাসবাদী সংগঠনৰে সম্পর্ক ৰখা সংস্থাৰ পৰা পুঁজি লাভ কৰাৰ তথ্য পোহৰলৈ আহে, তেন্তে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল এক গভীৰ সংকটত পৰাৰ সম্ভাৱনা আছে৷

You might also like