নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষ ধর্মে গৌড়াৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কর্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষ এছ এল ধর্মে গৌড়াই আত্মহত্যা কৰিছে৷ আজি পুৱা গৌড়াৰ মৃতদেহ উদ্ধাৰ হৈছে এটা ৰে’লপথত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি গুণসাগৰৰ সমীপৱর্তী কাদ্দুৰৰ চিকমাংলুৰুৰ ৰে’লপথত উদ্ধাৰ হৈছে গৌড়াৰ মৃতদেহ৷ কালি নিশা চলন্ত ৰে’লৰ আগত জঁপিয়াই গৌড়াই আত্মহত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷

স্মর্তব্য যে নিজৰ ছেণ্ড্র’ গাড়ীখনেৰে সন্ধিয়া ৭ বজাত অকলে ঘৰৰ পৰা ওলাই গৈছিল গৌড়াই৷ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিজৰ দেহৰক্ষীকো তেওঁ কোনোধৰণৰ খবৰ দিয়া নাছিল৷ চালকজনৰ সৈতে গাড়ীখন লৈ বাহিৰলৈ ওলাই যোৱা গৌড়া নিশা ১০ বজালৈ উভতি নহাত তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়৷ লক্ষণীয়ভাৱে চালকজনে জনতা দল (এছ)ৰ নেতাগৰাকীক তেওঁৰ নির্দেশমর্মেই ৰে’লপথৰ ওচৰত এৰি থৈ গৈছিল৷ এই ঘটনাৰ পাছতে দেশৰ প্রাক্তন প্রধানমন্ত্রী তথা জেডি (এছ)ৰ মুৰব্বী এইচ ডি দেৱেগৌড়াই গভীৰ শোক প্রকাশ কৰিছে৷

You might also like