নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ তিনি কৃষি আইন বাতিলৰ দাবীত অটল থকা কৃষক সংগঠনৰ প্রতিবাদ ৩৪ দিনত ভৰি দিলে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে তিনি কৃষি আইনক লৈ ছখন বৈঠকত মিলিত হ’লেও প্রতিবাদী ৪০ কৃষক সংগঠনৰ সন্মিলিত মঞ্চই চৰকাৰৰ সংশোধনী প্রস্তাৱ নাকচ কৰি তিনি কৃষি আইন বাতিলৰ দাবীত অটল থাকি নতুন দিল্লীৰ সিংঘু সীমান্তত প্রতিবাদ অব্যাহত ৰাখিছে৷ দিল্লীৰ সিংঘু সীমান্তকে ধৰি কেইবাটাও সীমান্ত পথত বাহৰ পাতি প্রতিবাদ চলাই থকা কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই কাইলৈ কেন্দ্রীয় চৰকাৰে আহ্বান জনোৱা আলোচনাৰ বাবে সন্মতি প্রকাশ কৰিছে৷
সংযুক্ত কিষাণ মর্চাৰ এগৰাকী নেতা অভিমন্যু কোহাৰে প্রকাশ কৰা মতে, কেন্দ্রীয় চৰকাৰৰ সৈতে আজি কৃষক প্রতিনিধি আলোচনাত বহিব৷ অৱশ্যে প্রতিবাদী কৃষক সংগঠনকেইটাই পূর্বৰ দাবী তিনি কৃষি আইন বাতিলৰ দাবীত অটল থাকিব৷ কোহাৰে প্রকাশ কৰা মতে, যোৱা ২৬ ডিচেম্বৰত কেন্দ্রীয় চৰকাৰে আলোচনাৰ বাবে পত্র প্রেৰণ কৰিছে৷ এই পত্রত চৰকাৰে তিনি কৃষি আইন প্রত্যাহাৰ আৰু এম এছ পি আইনী নিশ্চিত কৰাৰ ক্ষেত্রত বিতংভাৱে আলোচনা কৰিব বুলি কোনো কার্যসূচী উল্লেখ কৰা নাই যদিও প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিয়ে এই সন্দর্ভত আলোচনা কৰিবলৈ সাজু আছে বুলি কয় কৃষক নেতাগৰাকীয়ে৷
আনপিনে ভাৰতীয় কিষাণ ইউনিয়ন (ডাউবা)ৰ সাধাৰণ সম্পাদক সৎনাম সিং চাহানীয়ে কয় যে ৩০ ডিচেম্বৰৰ কেন্দ্রীয় চৰকাৰৰ আলোচনাত তেওঁলোকে অংশ ল’লেও প্রতিবাদী কৃষক সংগঠনসমূহে নিজৰ স্থিতিত অটল থাকিব৷ ইপিনে সিংঘু সীমান্তত প্রতিবাদী কৃষকক সমর্থন জনাই থকা দিল্লীৰ আপ চৰকাৰে কৃষক প্রতিবাদীক সহায় কৰাৰ বাবে দিল্লীৰ সীমান্তত বিনামূলীয়াকৈ ৱাইফাই যোগান ধৰিছে৷
ইপিনে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত বিহাৰৰ ৰাজভৱনলৈ প্রতিবাদী সমদল উলিওৱা বাঁওপন্থী–কৃষকক আৰক্ষীয়ে লাঠীচালনা কৰি ছত্রভংগ দিয়ায়৷ আৰক্ষীৰ লাঠীচালনাত কেইবাজনো প্রতিবাদকাৰী আহত হৈছে৷