নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ দেশৰ শক্তিৰ বৃহত্তম উৎস আন্তঃগাঁথনি, আন্তঃগাঁথনি উন্নয়ন ৰাজনীতিৰ ঊর্ধত ৰখা উচিত৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দেশৰ আন্তগাঁথনি উন্নয়নত সর্বাধিক প্রাধান্য দিয়া প্রধানমন্ত্রী মোদীয়ে আজি উত্তৰ প্রদেশৰ ইষ্টার্ন ডেডিকেটেড ফ্রেইট কৰিড’ৰ (ইডিএফচি)ৰ অপাৰেচন কণ্ড্র’ল চেণ্টাৰ আৰু নিউ ভাউপুৰ–নিউ খুৰজা ছেকচন উদ্বোধন কৰি দেশবাসীক উদ্দেশ্যি এই মন্তব্য কৰে৷ ভিডিঅ’ কনফাৰেন্সযোগে ইডিএফচিৰ নিউ ভাউপুৰ–নিউ খুৰজা ছেকচন উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ আন্তঃগাঁথনি উন্নয়নক ৰাজনীতিৰ পৰা আঁতৰাই ৰখা উচিত৷
দেশৰ আন্তঃগাঁথনিয়ে অনেক প্রজন্মক লাভৱান্বিত কৰাৰ মিছন হ’ব পাৰে৷ ই পাঁচ বছৰৰ ৰাজনীতি নহয়, যদি ৰাজনৈতিক দলসমূহে সাধাৰণ প্রতিদ্বন্দ্বিতাৰ বিপৰীতে আন্তঃগাঁথনিৰ মান, গতি আৰু মানৰ প্রতিযোগিতাত অৱতীর্ণ হয়, তেতিয়াহ’লে দেশ উন্নতিৰ জখলাত দোপতদোপে আগুৱাই যাব৷ নিউ খুৰজা ৰে’ল ছেকচনৰ পৰা প্রথমখন মালবাহী ৰে’ল যাত্রা কৰাৰ পাছতে এই দিনটো ভাৰতীয় ৰে’লৱেৰ বাবে ঐতিহ্যময় হ’ব৷ অতীতৰ গৌৰৱগাথাক ২১ শতিকাই আন এক নতুন ৰূপত পৰিচিত কৰিব৷
তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বৃহৎ অর্থনৈতিক শক্তি হিচাপে দ্রুতগতিত ভাৰত আগবাঢ়ি গৈ আছে৷ ই সম্ভৱ হৈছে দেশব্যাপি শ্রেষ্ঠ সংযোগক প্রাধান্য দিয়াৰ বাবে৷ বিগত ৬ বছৰ ধৰি চৰকাৰখনে প্রতিটো ক্ষেত্রতে আধুনিক সংযোগৰ বাবে কাম কৰি আহিছে৷ কেন্দ্রই ৫টা চকা যেনে– ঘাইপথ, ৰে’লপথ, বিমানপথ, জলপথ আৰু আই–পথৰ ওপৰত অধিক গুৰুত্ব দি কাম কৰি আছে৷
আধুনিক ৰে’ল আন্তগাঁথনি প্রকল্প উদ্বোধন কৰিবলৈ পাই অতি সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে যেতিয়াই খুৰজা ভাউপুৰ ফ্রেইট কৰিড’ৰেৰে প্রথমখন মালবাহী ৰে’ল চলিব, তেতিয়াই আত্মনির্ভৰ ভাৰতৰ ধ্বনি শুনিবলৈ পাব৷ প্রয়াগৰাজ অপাৰেচন কণ্ড্র’ল চেণ্টাৰ অন্যতম আধুনিক নিয়ন্ত্রণ কেন্দ্র বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে এই কেন্দ্র হৈছে নতুন ভাৰতৰ নতুন শক্তিৰ প্রতীক৷