আজি দলত যোগ দিব ৰোহিতে
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ছিডনীত ১৪ দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰাৰ পিছত কাইলৈ মেলব’নত টীম ইণ্ডিয়াৰ শিবিৰত যোগ দিব অ’পেনাৰ ৰোহিত শর্মাই৷ টীম ইণ্ডিয়াৰ প্রশিক্ষক ৰবি শাস্ত্রীয়ে আজি এই কথা প্রকাশ কৰে৷ ‘ৰোহিতে কাইলৈ দলত যোগ দিব৷
দুসপ্তাহ ধৰি তেওঁ যিহেতু কোৱাৰেণ্টাইনত আছে, গতিকে তেওঁৰ শাৰীৰিক সক্ষমতাৰ ওপৰত আমি কিছু মনোনিৱেশ কৰিব লাগিব৷ তৃতীয় টেষ্টত দলভুক্ত হোৱাৰ পূর্বে তেওঁ কিমানখিনি সুস্থ হৈ উঠিছে সেয়া নিৰীক্ষণ কৰিব লাগিব৷’ শাস্ত্রীয়ে এইদৰে কয়৷