নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণক সকীয়নি মোৰ স্বামীৰ নাম ৰাজনৈতিকভাৱে সাঙুৰি নল’ব

গোলাঘাট জিলা বিজেপি কার্যনির্বাহকত অজন্তা নেওগ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ  ‘মোৰ স্বামীৰ নাম ৰাজনৈতিকভাৱে সাঙুৰি নল’ব, মই ভাল পোৱা নাই৷’ –অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সকীয়নি দি পোনপ্রথমবাৰৰ বাবে মুখ খুলিলে বিজেপিত যোগদান কৰা বিধায়িকা অজন্তা নেওগে৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই অজন্তা নেওগ বিজেপি গমনৰ প্রাক্মুহূর্তত অজন্তা নেওগৰ প্রয়াত স্বামী নগেন নেওগক সাঙুৰি মন্তব্য আগবঢ়াইছিল৷ সেই মন্তব্যৰ আঁত ধৰি আজি ন–বিজেপি অজন্তা নেওগে ৰিপুণ বৰাক একপ্রকাৰ সকীয়নি দিয়াৰ দৰে স্বামী নগেন নেওগৰ নাম ৰাজনৈতিকভাৱে সাঙুৰি লোৱাটো ভাল পোৱা নাই বুলি কটাক্ষ কৰি লগতে কয় যে কংগ্রেছ এতিয়া গুৰুত্বহীন, এৰি অহা দলৰ কোনো কথাই কোৱাৰ প্রয়োজন নাই৷ আজি গোলাঘাট জিলা বিজেপিৰ কার্যনির্বাহক সভাত ৰাজ্যিক কার্যনির্বাহক সদস্য হিচাপে উপস্থিত থাকি বিজেপিৰ দলীয় সতীর্থসকলৰ লগত সাংগঠনিক দিশৰ ওপৰত মত বিনিময় কৰাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে নেওগে৷ তেওঁ লগতে কয় যে বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট সবল আৰু অধিক শক্তিশালী কৰাৰ লগতে বিজেপি ১০+ মিছনৰ বাবে গোলাঘাট জিলাৰ পাঁচটা বিধানসভা সমষ্টি বিজেপি মিত্রজোঁটৰ দখললৈ নিয়াৰ স্বার্থত তেওঁবদ্ধপৰিকৰ৷ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা ’২১ৰ নির্বাচনত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াব নেকি বুলি কৰা প্রশ্ণত নেওগে কয় যে বিজেপিৰ আদর্শক সন্মান জনাই বিজেপিত যোগদান কৰিছে৷ যদি দলে বিচাৰে, তেন্তে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ কিন্তু বিজেপিক শক্তিশালী কৰাৰ স্বার্থত সদায় কাম কৰি যাব বুলি কৌশলপূর্ণ মন্তব্য আগবঢ়াই লগতে কয় যে গোলাঘাট বিধানসভা সমষ্টিৰ কংগ্রেছৰ সকলো নেতা–কর্মীৰ সহযোগিতাৰ বাবেই বিজেপিত যোগদান কৰা বুলিও উল্লেখ কৰে৷ ইফালে খুমটাই সমষ্টিৰ ঢ়েকিয়ালস্থিত বিজেপিৰ মুখ্য কার্যালয়ত গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্রদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাখনত গোলাঘাট জিলাৰ প্রভাৰী কৃষ্ণমণি চুতীয়া উপস্থিত থাকে৷ উক্ত সভাত বিজেপি নেতা দেৱজিৎ বৰা, বিশ্বজিৎ ফুকন, ৰুবুল বৰা, হৰিপ্রসাদ দত্ত, ৰাজীৱ শইকীয়া, যতীন বৰা, জীৱন চুতীয়া আদিকে ধৰি পাঁচ শতাধিক নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷
গোলাঘাটত অজন্তা নেওগক বিপুল আদৰণি
কংগ্রেছৰ পৰা সদ্যপদত্যাগী তথা ন–বিজেপি অজন্তা নেওগ বিজেপিত যোগদান কৰাৰ পাছত পোনপ্রথমবাৰৰ বাবে গোলাঘাটত উপস্থিত হোৱাৰ লগে লগে বিপুল আদৰণি জনায় গোলাঘাটবাসীয়ে৷ গোলাঘাট বিধানসভা সমষ্টিৰ সহস্রাধিক লোকে অজন্তা নেওগক ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ ৰঙাজানৰ পৰা বিশাল বাইক ৰেলীৰে আদৰণি জনায় অনুৰাগীসকলে৷ অজন্তা নেওগ জিন্দাবাদ, ভাৰত মাতা কী জয় আদি ধ্বনিৰে আদৰণি জনোৱা অনুৰাগীসকলে অচিৰেই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে৷ গুৱাহাটীত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছত আজি গোলাঘাটত উপস্থিত হোৱা প্রাক্তন মন্ত্রী তথা ন–বিজেপি অজন্তা নেওগক গোলাঘাটৰ নিজা বাসভৱনতো সমষ্টিবাসীয়ে আদৰণি জনাই অনাগত দিনত অজন্তা নেওগৰ লগত সুখে–দুখে, মনে–প্রাণে, বিপদে–আপদে সংগ দিয়াৰ পণ লয় সহস্রাধিক লোকে৷ ইয়াৰ উপৰি ৰঙাজানত উপস্থিত হোৱাৰ লগে লগে অজন্তা নেওগক গামোচাৰে বিপুল আদৰণি জনোৱা দেখা যায়৷
গোলাঘাটত অজন্তা নেওগৰ প্রতিকৃতি দাহ বিজেপি কর্মী–সমর্থকৰ
গোলাঘাটৰ ৰাজনৈতিক পথাৰখনত এতিয়া চলিছে পৃথক পৃথক ৰাজনীতি৷ আজি পুৱাৰ ভাগত অজন্তা নেওগক আদৰণি জনাই অজন্তা নেওগ জিন্দাবাদ ধ্বনিৰে আকাশ–বতাহ কঁপাই তোলাৰ পাছতে দেখা গ’ল অজন্তা নেওগ মুর্দাবাদ ধ্বনিৰে উত্তাল গোলাঘাট৷ আজি ন–বিজেপি অজন্তা নেওগ গোলাঘাটত উপস্থিত হোৱাৰ লগে লগে দেখা গ’ল দুখন সুকীয়া ছবি৷ অজন্তা নেওগক ৰঙাজানৰ পৰা জিন্দাবাদ ধ্বনিৰে আদৰণি জনোৱাৰ পাছতে নিশালৈ অজন্তা নেওগ গ’ বেক ধ্বনিৰে উত্তাল কৰি তুলিলে গোলাঘাটৰ চৌদিশ৷ গোলাঘাট বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চলৰ শতাধিক বিজেপি কর্মী গোলাঘাট নগৰৰ বাটা পইণ্টত উপস্থিত হৈ উত্তাল কৰি তোলে৷ অজন্তা নেওগৰ প্রতিকৃতি দাহেৰে অজন্তা নেওগক বিজেপিৰ দলীয় প্রার্থিত্বৰ টিকট নিদিবলৈ দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰী বিজেপি কর্মী–সমর্থকসকল্ অজন্তা নেওগ মুর্দাবাদ, অজন্তা গ’ বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্র অঞ্চলটো৷ প্রতিবাদকাৰীসকলে অজন্তা নেওগক বিজেপিৰ টিকট নিদিবলৈ আহ্বান জনোৱাৰ বিপৰীতে বিজেপিৰ পূর্বৰ প্রার্থী বিতোপন শইকীয়াক ’২১ৰ নির্বাচনত টিকট দিবলৈ দাবী জনায়৷

You might also like