মূল শিতানলৈ নির্বাচিত কৃপাল কলিতাৰ ‘ব্রিজ’
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ক’ৰোনাকালে স্তব্ধ কৰা জটিল বর্ষটোৰ বিদায়ী ক্ষণত অসমীয়া চলচ্চিত্র জগতৰ লগতে অসমবাসীলৈ এক সুখবৰ৷ ২০২১ বর্ষৰ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫১সংখ্যক ইণ্ডিয়ান পেনোৰামাৰ মূল প্রতিযোগিতা শিতানলৈ নির্বাচিত হৈছে কৃপাল কলিতাৰ অসমীয়া ছবি ‘ব্রিজ’৷ ইণ্ডিয়ান পেনোৰামাৰ মূল প্রতিযোগিতা শিতানলৈ নির্বাচিত হোৱাৰ কৃতিত্ব লভা তৃতীয়খন অসমীয়া ছবি ‘ব্রিজ’৷ ইয়াৰ পূর্বে অসমীয়া ছবি ‘অদাহ্য’ আৰু ‘ভিলেজ ৰকষ্টাৰ’ মূল প্রতিযোগিতা শিতানলৈ নির্বাচিত হৈছিল৷ শেহতীয়াভাৱে গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ব্রিজে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ ছানফ্রান্সিস্ক’ৰ ১৮সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রিমিয়াৰ হোৱাৰ লগতে বিশ্বৰ ১৬খনতকৈ অধিক চলচ্চিত্র মহোৎসৱত অংশগ্রহণেৰে সুখ্যাতি অর্জন কৰা কৃপাল কলিতা পৰিচালিত ‘ব্রিজ’ এসপ্তাহ পূর্বে ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হোৱাৰ পাছত আজি মূল প্রতিযোগিতালৈ নির্বাচিত হোৱাটো আশাব্যঞ্জক খবৰ৷
‘ব্রিজ’ৰ পৰিচালক কৃপাল কলিতাই টেলিফোনযোগে এই সু–সংবাদ দি সন্তুষ্টি প্রকাশ কৰিছে৷ অসমৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ নির্মাণ কৰা ছবিখনৰ চিত্রনাট্য, সংগীত পৰিচালনাও পৰিচালক কৃপাল কলিতাৰ৷ ব্রিজৰ জৰিয়তে প্রথমখন পূর্ণদৈর্ঘ্যৰ ছবি পৰিচালনা কৰা কৃপাল কলিতাৰ এই ছবিখনৰ চিত্রগ্রহণ কৰা হৈছিল ঢ়কুৱাখনাৰ চাৰিকুৰিয়া নদী আৰু তাৰ আশে–পাশে থকা সোণাৰি চাপৰি, জোনাই, পবিতৰা আৰু গুৱাহাটীৰ বিভিন্ন স্থানত৷ ছবিখনৰ প্রযোজনা ৰমা কুমাৰ দাস আৰু সবিতা দেৱীৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ছবিখনৰ সম্পাদনা কৰিছে কিশোৰ ডেকাই৷ সহকাৰী পৰিচালকদ্বয় প্রিয়াঞ্চী কাশ্যপ আৰু প্রাঞ্জৰণ সন্দিকৈ৷ ব্রিজৰ মুখ্য ভূমিকাত শিৱাৰাণী কলিতা, আন আন চৰিত্রত অভিনয় কৰিছে পার্থপ্রতিম বৰা, অনিন্দিতা দাস, স্বপ্ণিতা নাথ, ভূপেন শর্মা আদিয়ে৷ অতিথি শিল্পী হিচাপে ভুমুকি মাৰিছে সুৰেন মহন্ত, ৰীণা বৰা, অজিত ভূঞাকে ধৰি কেইবাগৰাকীয়ে৷ উল্লেখ্য যে এইবেলি ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হোৱা একমাত্র অসমীয়া ছবি ব্রিজ৷ ২০২১ চনৰ ১৬ৰ পৰা ২৪ জানুৱাৰীলৈ ইণ্ডিয়ান পেনোৰামা গোৱাত অনুষ্ঠিত হ’ব৷