দহ দিন অতিক্রম পুনৰ সংস্থাপন দাবীৰ আন্দোলনঃ লাইকা–দধিয়াৰ প্রতিবাদস্থলীতে মহিলাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ পুনৰ সংস্থাপনৰ দাবীত প্রচণ্ড শীতকো নেওচি বিগত ১০ দিনে মুকলি আকাশৰ তলত প্রতিবাদ অব্যাহত ৰখা লাইকা–দধিয়াবাসীৰ আন্দোলন তীব্রতৰ হৈ পৰাৰ সময়তে আজি এগৰাকী মহিলা আন্দোলনকাৰী অসুস্থ হৈ মৃত্যুবৰণ কৰা ঘটনাই ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ঘৰৰ পৰা ১৬ কিলোমিটাৰ পথ খোজকাঢ়ি আহি তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ৰ সমীপত তম্বু তৰি দিনে–নিশাই বিগত ১০ দিনে আন্দোলনকাৰীসকলৰ সৈতে অৱস্থান কৰি থকা লাইকা–দধিয়াৰ ৰেৱতী পাৱ’ নামৰ ৫৫ বছৰীয়া মহিলাগৰাকী কালি হঠাৎ অসুস্থ হৈ পৰাত নিজ গৃহলৈ ঘূৰি গৈছিল৷ স্বগৃহত অসুস্থ ৰেৱতী পাৱ’ৰ আজি পুৱতিনিশা মৃত্যু হয়৷ আনহাতে, আন্দোলনস্থলীত আজি দুগৰাকী মহিলা প্রতিবাদকাৰী অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ৰ সমীপতে অস্থায়ী শিবিৰ স্থাপন কৰি ১০ দিন ধৰি দিনে–নিশাই প্রচণ্ড শীতৰ মাজত আন্দোলন অব্যাহত ৰখা লাইকা–দধিয়াবাসীৰ স্বাস্থ্যৰ অৱনতি ঘটি এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে যদিও জিলা প্রশাসনে চিকিৎসা–পৰীক্ষা নকৰা কার্যক অমানৱীয় আখ্যা দিছে দল–সংগঠনে৷ ইমানৰ পাছত সিজন আন্দোলনকাৰী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ সময়তে আজি আন্দোলনকাৰী সংগঠনৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল এক আলোচনা মিলিত হয়৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত আলোচনাত বনমন্ত্রী পৰিমল শুক্লবৈদ্য, মন্ত্রী নৱ কুমাৰ দলে, সাংসদ প্রদান বৰুৱা, বিধায়ক ৰণোজ পেগু আৰু বিনোদ হাজৰিকাৰ লগতে বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্গত লাইকা–দধিয়াৰ ২৪শ পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ মুখ্যমন্ত্রীয়ে বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত এখন উচ্চ পর্যায়ৰ সমিতি গঠন কৰি ২০২১ বর্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে মুখ্যমন্ত্রীৰে আলোচনাৰ অন্তত লাইকা–দধিয়া পুনৰ সংস্থাপন দাবী সমিতিৰ মুখ্য আহ্বায়ক মিণ্টুৰাজ মৰাঙে আলোচনা সন্তোষজনক নহ’ল বুলি মন্তব্য কৰে৷ লাইকা–দধিয়াবাসীৰ আন্দোলন অব্যাহত থাকিব বুলি প্রকাশ কৰি টি এম পি কে নেতা তথা সংস্থাপন দাবী সমিতিৰ আহ্বায়ক মিণ্টুৰাজ মৰাঙে চৰকাৰৰ প্রতিশ্রুতি–আশ্বাসে আমাৰ প্রতিবাদক স্থবিৰ কৰিব নোৱাৰে বুলি ব্যক্ত কৰে৷ ইফালে এগৰাকী আন্দোলনকাৰী মহিলাৰ মৃত্যুৰ ঘটনাত শোক প্রকাশ কৰি মৰাঙে কয় যে তেওঁৰ আত্মবলিদানক অথলে যাবলৈ দিয়া নহ’ব৷ লাইকা–দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত আন্দোলনক মুখ্যমন্ত্রীয়ে উচ্চস্তৰীয় কমিটী গঠন কৰি নিচুকাব নোৱাৰিব বুলি কৈ মিচিং ছাত্র নেতাজনে কয় যে আন্দোলন অধিক জংগী কৰা হ’ব৷