নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাদেশিকীকৰণ সন্দর্ভত মুখ্যমন্ত্রীক সাক্ষাৎ শিক্ষক সংস্থাৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ কালি অসম অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠান সুৰক্ষা মঞ্চ আৰু সদৌ অসম স্বীকৃতিপ্রাপ্ত মধ্য ইংৰাজী শিক্ষক সংস্থা ২০০৫–০৬ৰ যুটীয়া উদ্যোগত মুখ্যমন্ত্রীক সাক্ষাৎ কৰি অপ্রাদেশিকীকৃত শিক্ষক–শিক্ষানুষ্ঠান দীর্ঘদিনীয়া সমস্যাৰাজী বিস্তৃতভাৱে অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে সমস্যা সমাধানৰ আশ্বাস প্রদান কৰে৷ টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ উপস্থিতিত মুখ্যমন্ত্রীক সাক্ষাতৰ সময়ত উপস্থিত থাকে যুটীয়া সম্পাদকদ্বয় চৰিত্র গগৈ, মইনুল হক আৰু সদস্য বিনন্দ গগৈ৷ স্বীকৃতিপ্রাপ্ত মধ্য ইংৰাজী শিক্ষক সংস্থা ২০০৫–০৬ৰ সাধাৰণ সম্পাদক শ্বেখ আব্দুলাহ, সদস্য নিপেন ইংতি আৰু হাচিম উদ্দিন উপস্থিত থাকে৷

You might also like