নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি তৃতীয় দিনাও তিনি সংগঠনৰ বিক্ষোভ, প্রতিবাদত উত্তাল হৈ পৰে দিছপুৰ লাষ্টগেট৷ চৰকাৰৰ অৱহেলা–বঞ্চনাৰ বিৰুদ্ধে আৰু প্রাপ্যৰ দাবীত প্রতিবাদ সাব্যস্ত কৰা সংগঠনকেইটাৰ কর্মকর্তাসকলে চৰকাৰবিৰোধী শ্লোগান দি লাষ্টগেটৰ আকাশ–বতাহ কঁপাই তোলে৷ লাষ্টগেটত আজি তৃতীয় দিনাও উগ্রপন্থী দমনৰ কামত নিয়োগ কৰা এছ পি অ’ জোৱানসকলক স্থায়ী সংস্থাপন প্রদান কৰা আৰু উগ্রপন্থীৰ গুলীত নিহত জোৱানসকলক শ্বহীদৰ মর্যাদা প্রদানৰ দাবীত সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ কল্যাণ সমিতিৰ সভাপতি অনিন্দ ৰাভা আৰু সম্পাদক প্রহ্লাদ দাসৰ নেতৃত্বত এছ পি অ’ জোৱানসকলে লাষ্টগেটত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এছ পি অ’ জোৱানসকলক তৃতীয় অসম উদ্যোগিক সুৰক্ষা বাহিনীত নিযুক্তি দিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে প্রতিবাৰেই নিযুক্তিৰ আশ্বাস দিও আজিলৈকে নিযুক্তিৰ ব্যৱস্থা নকৰাত প্রতিবাদকাৰী জোৱানসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে আৰু আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে নিযুক্তি দিবলৈ দাবী জনায়৷
আনহাতে সদৌ অসম আশাকর্মী সন্থাৰ সভানেত্রী দীপ্তি দেৱী আৰু সাধাৰণ সম্পাদিকা অনুপমা ৰয়ৰ নেতৃত্বত দুই শতাধিক আশাকর্মীয়ে আজি তৃতীয় দিনাও এন এইচ এমৰ আন কর্মচাৰীৰ দৰে আশাকর্মীসকলক নিযুক্তি পত্র প্রদানৰ প্রস্তাৱ শীঘ্রে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰাৰ দাবী জনাই উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ তদুপৰি ২০১৩ চনৰ পৰা ২০১৭ চনলৈ দিবলগীয়া বকেয়া ধনৰাশি শীঘ্রে মোকলাই দিয়া আৰু উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত আশাকর্মীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰি লাষ্টগেট মুখৰিত কৰি তোলে৷ সেইদৰে অসমৰ বান–গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় দুর্যোগ হিচাপে ঘোষণা কৰা, বান–গৰাখহনীয়াত ঘৰ–মাটি হেৰুৱাই সংস্থাপনহীন হোৱা লোকসকলক পুনৰ সংস্থাপন দিয়া, কেন্দ্রীয় চৰকাৰে প্রৱর্তন কৰা কৃষি আইন বাতিল কৰা, আগন্তুক বিধানসভা নির্বাচন বিতর্কিত ইভিএম মেচিনৰ সলনি বেলেট পেপাৰৰ দ্বাৰা অনুষ্ঠিত কৰা আদিৰ দাবীত ভোটার্ছ পার্টী ইণ্টাৰনেচনেল, অসমৰ কর্মকতাসকলে আজি লাষ্টগেটত কাঁহী বজাই উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখিত দাবীসমূহ সমাধানৰ বাবে সংগঠন তিনিটাই জিলা প্রশাসনৰ শীর্ষ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷