আমেৰিকাত ক’ভিডত প্রথমগৰাকী কংগ্রেছ প্রতিনিধিৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ আমেৰিকাৰ নৱ–নির্বাচিত কংগ্রেছ প্রতিনিধি এগৰাকীৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ স্মর্তব্য যে দেশখনত প্রথমবাৰলৈ কোনো সাংসদে ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে৷ লিউক লেটলো নামৰ ৪১ বছৰীয়া কংগ্রেছ প্রতিনিধিগৰাকী লুইছিয়ানাৰ পঞ্চম জিলাৰ পৰা নির্বাচিত হৈছিল৷
উল্লেখনীয় যে আগন্তুক দেওবাৰে শপত গ্রহণ কৰাৰ কথা আছিল লিউকে৷ যোৱা ১৮ ডিচেম্বৰত সাংসদগৰাকীয়ে ক’ভিড–১৯ মহামাৰীত আক্রান্ত হোৱা বুলি ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে তেওঁক হাস্পতালত চিকিৎসা প্রদান কৰা হয়৷ লুইছিয়ানাৰ গৱর্নৰ জন বেল এডৱার্ডছে সাংসদগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি লিউকৰ শেষকৃত্যৰ সময়ত প্রদেশখনত ৰাষ্ট্রীয় পতাকা অর্ধনমিত কৰিবলৈ নির্দেশ জাৰি কৰিছে৷
ক’ভিড–১৯ মহামাৰীত আমেৰিকাত বিশ্বৰ ভিতৰতে অধিকসংখ্যক লোকৰ মৃত্যু হ’লেও দেশখনত কোনো কংগ্রেছ প্রতিনিধি বা ছিনেটৰে প্রাণ হেৰুওৱা নাছিল৷ এইক্ষেত্রত লিউকেই হৈছে মহামাৰীত প্রাণ হেৰুওৱা প্রথমগৰাকী ৰাজনীতিক৷