নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষ্ঠা, একাগ্ৰতা আৰু দক্ষতাৰে জনতাৰ সেৱাত ব্যস্ত এজন আৰক্ষী বিষয়া

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ সমাজৰ পৰা অপৰাধ, অন্যায়, হিংসা তথা দুষ্কাৰ্য আদিবোৰ নিয়ন্ত্ৰণৰ বাবে আইনৰ গণ্ডীৰে অসম আৰক্ষীয়ে দিনে-নিশাই কৰ্মত ব্যস্ত থকাৰ পাছতো একাংশ স্বাৰ্থলোভী আৰক্ষী কৰ্মচাৰীৰ বাবে বহু সময়ত আৰক্ষী সকল সমাজৰ মাজত হৈ পৰে ঘোচখোৰ! প্ৰতিনিয়ত সমাজৰ শান্তি, শৃংখলা বিঘ্নিত হোৱাৰ পৰা ৰক্ষা কৰি জনহিতাৰ্থে অতীন্দ্ৰ প্ৰহৰী হৈ থকা  আৰক্ষীৰ বিষয়া-কৰ্মচাৰীৰ যি ত্যাগ,কষ্ট সেইবোৰক সামান্য কাৰণতে ধূলিসাৎ কৰে কিছুমান লোকে। কিন্তু সেইসকল বদনামী বিষয়া-কৰ্মচাৰীৰ বিপৰীতে আজিও বিভাগৰ কৰ্তব্য আৰু দায়িত্বক নিষ্ঠাৰে পালন কৰি সমাজত আৰক্ষীৰ ভাৱমূৰ্তি উজলাই তুলিছে বহু বিষয়া-কৰ্মচাৰীয়ে। ইয়াৰে অন্যএক উদাহৰণ ৰহা আৰক্ষী থানা।

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসৰ কৰ্তব্য নিষ্ঠা, একাগ্ৰতা আৰু দ্বায়িত্বপূৰ্ণ কৰ্মৰ বাবে বৰ্তমান স্থানীয় ৰাইজৰ মাজত সমাদৰ বাঢ়িছে আৰক্ষীৰ।উল্লেখ্যযে, আৰক্ষীৰ বিৰূদ্ধে সততে উত্থাপিত অভিযোগক নসাৎ কৰি নিজ কৰ্মৰ দ্বাৰা দ্বায়িত্ববোধৰ পৰিচয়েৰে সমাজৰ মাজত দাঙি ধৰিছে অসম আৰক্ষীৰ গৌৰব। জানিব পৰামতে এইজন আৰক্ষী বিষয়াই শেহতীয়াকৈ বহুকেইটা জটিল অপৰাধমূলক ঘটনা নিজৰ দক্ষতা আৰু প্ৰচেষ্টাৰে অপৰাধত জড়িত অভিযুক্তক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰি বিশেষ সফলতা লাভ কৰা ঘটনাই ৰহাবাসী ৰাইজৰ মাজত আস্থাভাজন হৈ পৰিছে।

জানিব পৰা মতে আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসে অতি বিচক্ষণতাৰে জটিল অপৰাধমূলক গোচৰ নিজ দক্ষতাৰে তদন্ত কৰি অতি ক্ষিপ্ৰতাৰে সফলতা লাভ কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম হ’ল গোচৰ নং-৩০৬/২০। অভিযোগ মতে চলিত ডিচেম্বৰ মাহৰ ১১ তাৰিখে ৰহাৰ জোঙালবলহু গড়ত গুৱাহাটী-ডিমাপুৰ অভিমুখী এএছ-২৫ইচি -৩৬৮৫ নম্বৰৰ এখন পাণ-মছলা ভৰ্তি ট্ৰাকক ঘাইপথতে আগচি কোনো দুৰ্বৃত্তই চালক-হেন্দিমেনক বান্ধিলৈ উধাও হয় আৰু পৰৱৰ্তী সময়ত নগাঁও-হোজাই জিলাৰ সীমান্তৱৰ্তী এক অঞ্চলত পৰিত্যক্ত অৱস্থাত ট্ৰাকখনৰ সহিতে চালক-হেন্দিমেনক উদ্ধাৰ কৰে স্থানীয় আৰক্ষীয়ে।

চালকজনৰ ভাষ্য অনুসৰি ৰহা আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে অভিযান চলাই আৰু তদন্তত চাৰিজন ব্যক্তিক আটক কৰে। পাছত পুনৰ অনুসন্ধান চলাই উক্ত ঘটনাত জড়িত মূল অভিযুক্ত চিনাক্ত কৰে আৰু অভিযুক্তই ব্যৱহৃত এখন বাহনো জব্দ কৰে । অৱশ্যে ট্ৰাকখনৰ পৰা লুটি নিয়া প্ৰায় ৩২ লাখটকাৰ মূল্যৰ সামগ্ৰী সমূহ জাগীৰোড এলেকাত এখন বাহন সহ উদ্ধাৰ হয়। অন্যহাতে ৰহা আৰক্ষী থানাৰ -৩১০/২০ নম্বৰৰ আন এক গোচৰৰ অনুসন্ধানতো সফলতা লাভ কৰে আৰক্ষী বিষয়াজনে। জানিব পৰামতে চলিত ১৩ ডিচেম্বৰত নগাঁৱৰ পৰা শিলচৰ অভিমুখী এ এছ-১২বিচি -৭৪৪৪ নম্বৰৰ এখন সামগ্ৰী বিহীন বলেৰ’ পিক আপ বাহনক ৰহাৰ ফুলগুৰিত ইণ্ডিকাত অহা এদল দুৰ্বৃত্তই অপহৰণ কৰি চালক আৰু হেন্দিমেনৰ পৰা পাঁচলাখ পচিঁশ হাজাৰ টকা লুটকৰি দুয়োকে হাতভৰি বান্ধি পেলাইথৈ যোৱা বুলি দাখিল কৰা এক গোচৰৰ তদন্ত কৰি অতি কম সময়ৰ ভিতৰতে মূল অভিযুক্ত সহ পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে ৩১৫/২০ নম্বৰৰ আন এক গোচৰত ১২জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। জানিব পৰামতে যোৱা ১৬ ডিচেম্বৰত ৰহা আৰক্ষী থানাৰ অন্তৰ্গত নামগাঁৱত গুৱাহাটী পৰা ইম্ফল অভিমুখী প্ৰায় ৩২ লাখ টকাৰ সামগ্ৰী কঢ়িয়াই অনা এখন কুৰিয়া চাৰ্ভিছ ট্ৰাক দূৰ্ঘটনাত পতিত হয়। উক্ত ট্ৰাকৰ পৰা স্থানীয় একাংশ ধুৰন্ধৰ লোকে সমুদায় সামগ্ৰী চুৰি কৰি নিয়ে। অতি তাৎপৰ্যপূৰ্ণ যে, উক্ত সামগ্ৰী সমূহৰ ভিতৰত সেনাবাহিনীৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী। ৰহা আৰক্ষীয়ে এই দূৰ্ঘটনা গোচৰৰ তদন্ত চলাই চুৰি সামগ্ৰী সমূহৰ লগতে বাৰজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তদন্তত প্ৰায় বিশলাখ টকাৰ সামগ্ৰীও উদ্ধাৰ কৰে।

মন কৰিবলগীয়া যে, আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসৰ সততা, নিষ্ঠা আৰু কৰ্তব্য পৰায়ণতাৰ বাবে ৰহাত বহুকেইটা জটিল গোচৰ ক্ষিপ্ৰতাৰে অনুসন্ধান চলাই অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।”নিয়মীয়া বাৰ্তা”ৰ আগত আৰক্ষী বিষয়া গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, আৰক্ষীয়ে সদায় নিজৰ দায়িত্ব আৰু কৰ্তব্য সততাৰে পালন কৰিবলৈ চেষ্টা কৰে। যদিহে সমাজ আৰু আৰক্ষীৰ সহযোগিতা থাকে তেতিয়া অপৰাধ নিয়ন্ত্ৰণ সম্ভৱ বুলিও মন্তব্য কৰে বিষয়াজনে ।

You might also like