এইবাৰ মেক্সিকোত ৭ লাখ হেক্টৰ ভূমিত গছ ৰোপণ কৰিব যাদৱ পায়েঙে
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মেক্সিকোত ৭ লাখ হেক্টৰ ভূ্মিত গছপুলি ৰোপণ কৰিব অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে। মেক্সিকো চৰকাৰে ইয়াৰ বাবে ১০ বছৰৰ ভিছা প্ৰদান কৰিছে পৰিৱেশকৰ্মীগৰাকীক।
মেক্সিকো ভ্ৰমণ কৰি অসমলৈ উভতি অহা বনকৰ্মীগৰাকীয়ে এই বিষয়ে সাংবাদিকৰ আগত সদৰী কৰে। নৱবৰ্ষ উপলক্ষে প্ৰতিগৰাকী ভাৰতীয়ক একোটিকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে মেক্সিকো ভ্ৰমণ অতি আনন্দৰ আছিল আৰু দেশখনে বিশ্ব পৰিৱেশৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শনৰ অৰ্থে ৭ লাখ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিব।
এই কাৰ্যসূচীত ১০ বছৰৰ ভিছা প্ৰদান কৰি পায়েঙকো অন্তৰ্ভুক্ত কৰিছে দেশখনে। নৱবৰ্ষত অসমৰ বাবে ই এক আশাৰ বাৰ্তা ৰূপে বিবেচিত হৈছে।