ক’ভিডৰ পৰা এতিয়াও পোৱা নাই পৰিত্রাণঃ সোণোৱাল
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে আয়োজন কৰা ২১ সংখ্যক নৱবর্ষ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয় যে গুৰুজনাৰ আদর্শৰে প্রতিষ্ঠিত শ্রীমন্ত শংকৰৰদেৱ কলাক্ষেত্র অকল সাংস্কৃতিক আৰু আধ্যাত্মিক উত্তৰণৰ স্থলী হৈয়ে থকা নাই, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র বিশ্ব মঞ্চলৈ ৰূপান্তৰিত হোৱাৰ দিশত অগ্রসৰ হৈছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে যি আধ্যাত্মিক, সাংস্কৃতিক আদর্শ প্রতিষ্ঠা কৰি গৈছে, সেয়া যুগে যুগে প্রাসংগিক হৈ থাকিব৷ সেই আদর্শৰে আমি সকলোৱে ভাতৃত্ববোধ আৰু সমন্বয়ৰ এখন সমাজ নির্মাণ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বহুদিনৰ বিৰতিৰ অন্তত এতিয়া বিভিন্ন কার্যসূচীৰে আমাৰ সমাজখন পুনৰ জীপাল হৈ উঠিছে৷ ক’ভিড–১৯ৰ পৰা এতিয়াও পৰিত্রাণ পোৱা নাই বুলি উল্লেখ কৰি বিদ্যালয়ৰ ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রীস ক’ভিড–১৯ প্রট’কল মানি চলিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে শিল্পী সুদক্ষিণা শর্মা, কীর্তিকমল ভূঞা, কুল বৰুৱা, জ্যোতিনাথ বৰদলৈ আৰু ড০ অমিয় মোহন দাসক সম্বর্ধনা জনায়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উপ–সভাপতি তথা বিধায়ক আঙুৰলতা ডেকাই আদৰণী ভাষণ দিয়া আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, শিল্পী পুলক বেনার্জী প্রমুখ্যে বিশিষ্ট শিল্পী, সাহিত্যিক আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷