নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলন কৰা সকল নেতা হ’ল কিন্তু ছাত্ৰ ছাত্ৰীৰহে শিক্ষা বৰ্ষ ধ্বংস হ’ল-মন্ত্ৰী পীযূষ হাজৰিকা

মৰিগাঁও ত ৪৭৩ গৰাকী ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ শিক্ষা ব্যৱস্থাত প্ৰতিযোগিতা অতি প্ৰয়োজনীয় কাৰণ আমি শিক্ষাৰ জৰিয়তে হে উত্তৰণ সাধন কৰিবলৈ সক্ষম হ’ব পাৰো। সেয়েহে শিক্ষা গ্ৰহণ আমাৰ অতি প্ৰয়োজন। অসম চৰকাৰৰ অভিলাসী আঁচনি ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকাই।

উল্লেখ্য আজি মৰিগাঁও মহাবিদ্যালয় খেল পথাৰত ৪৭৩ গৰাকী উচ্চতৰ মাধ্যমিক ত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত স্কুটি প্ৰদান কৰা হয় । মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠান টোত মন্ত্ৰী পীযূষ গৰাকীৰ সৈতে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ  হাজৰিকাই কৈ যে কেৱল অধ্যয়নে ই নহয় বৃত্তিমূলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰী সকলে মনোযোগ দিব লাগে। কেৱল বি জে পি চৰকাৰৰ আমোলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰ নেতৃত্বত অসমত শিক্ষা জগতত যুগান্তকাৰী প্ৰদক্ষেপ লোৱা বুলি কৈ মন্ত্ৰী পীযূষ হাজৰিকাই। পৃথিৱীৰ প্ৰতিটো মহান আবিষ্কাৰ অধ্যয়ন পুষ্ট ব্যক্তিয়ে কৰা বুলি কৈ মন্ত্ৰী গৰাকীয়ে।তদুপৰি মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক আন্দোলনৰ পৰিবৰ্তে অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায় কৈ যে একাংশ আন্দোলন কৰি ৰাজনৈতিক দল গঠন কৰিলে কিন্তু ছাত্ৰ ছাত্ৰী শিক্ষা বৰ্ষ ধ্বংস হ’ল।

You might also like