নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন কেন্দ্রীয় গৃহমন্ত্রী বুটা সিঙৰ বিয়োগ

নিয়মীয়া বার্তা,  ৩ জানুৱাৰীঃ কংগ্রেছৰ প্রবীণ নেতা প্রাক্তন কেন্দ্রীয় গৃহমন্ত্রী বুটা সিঙৰ কালি নতুন দিল্লীৰ এইমছত পৰলোকপ্রাপ্তি হৈছে৷ যোৱা অক্টোবৰৰ পৰা মগজু বিকল হোৱাৰ ফলত ক’মাত থকা প্রাক্তন কেন্দ্রীয় মন্ত্রী সিঙৰ কালি বিয়োগ ঘটা বুলি তেওঁৰ পুত্র অৰবিন্দৰ সিং লাভলি সিদ্ধুৱে অৱগত কৰিছে৷

৮৪ বছৰীয়া প্রবীণ কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী সিঙৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধী, কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীকে ধৰি দেশৰ কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকে৷

ৰাষ্ট্রপতি কার্যালয়ৰ পৰা প্রকাশ কৰা টুইটত বুটা সিঙৰ বিয়োগত দেশে দীর্ঘদিন ধৰি সাংসদ হিচাপে অভিজ্ঞতাসম্পন্ন আৰু প্রশাসনিক অভিজ্ঞতা থকা নেতাক হেৰুৱালে বুলি প্রকাশ কৰে৷ ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটত কয়– দুখীয়া আৰু নিম্নবর্গৰ লোকৰ কল্যাণৰ হকে প্রভাৱশালী কণ্ঠ আৰু অভিজ্ঞতাসম্পন্ন প্রশাসক বুটা সিঙৰ বিয়োগত শোকাভিভূত হৈছে৷

কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে দেশে এগৰাকী প্রকৃত সেৱক আৰু নেতাক হেৰুৱালে বুলি কয়৷ উল্লেখ্য যে ৰাজীৱ গান্ধী চৰকাৰৰ গৃহমন্ত্রী হিচাপে দায়িত্বত থকা বুটা সিঙে কেইবাখনো কংগ্রেছী চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্রী আছিল৷ ১৯৬২ চনত প্রথমবাৰৰ বাবে সংসদলৈ নির্বাচিত সিঙে কেইবাবাৰো সংসদলৈ নির্বাচিত হৈছিল৷ কেন্দ্রীয় মন্ত্রীৰ উপৰি পশ্চিমবংগ আৰু বিহাৰৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰিছিল সিঙে৷

You might also like