নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিকিৰ বামুণী গ্রাণ্টত ভয়ংকৰ ভূমি কেলেংকাৰিঃ দিল্লীৱালা কোম্পানীৰ কব্জাত ২৭৬ বিঘা কৃষিভূমি

নিজ মাটিৰ ৰায়তী স্বত্বৰ বাবে কার্বি পাহাৰৰ নামনিত খাটিখোৱা থলুৱা খেতিয়কৰ মৰণপণ যুঁজ

নিয়মীয়া বার্তা,  ৩ জানুৱাৰীঃ জাতি–মাটি–ভেটি ৰক্ষাৰ শ্লোগান এতিয়া কেৱল ভাষণৰ বিষয়৷ থলুৱাৰ ভূমিৰ অধিকাৰ পৰিণত হৈছে প্রহসনত৷ এশ বছৰৰো অধিক সময় কৃষিকার্য কৰি অহা জনজাতীয়–জনগোষ্ঠী কৃষকক উচ্ছেদ কৰি শ শ বিঘা কৃষিভূমিত দখল সাব্যস্ত কৰিছে দিল্লীৱালা শক্তি কোম্পানী এটাই৷

‘এজুৰ পাৱাৰ ফ’ৰ্টী  প্ৰাইভেট লিমিটেড’ নামৰ কোম্পানীটোক কৃষিভূমি হস্তান্তৰৰ স্বার্থত ৰাজ্যৰ কৃষি, বন আৰু ৰাজহ বিভাগে চৰম মিথ্যাচাৰৰ আশ্রয় লোৱাই নহয়, থলুৱা চহা খেতিয়কৰ ওপৰত অসম আৰক্ষীয়ে চলাইছে চৰম নির্যাতন৷ বিগত এবছৰ ধৰি কোম্পানীৰ কবলৰ পৰা কৃষিভূমি ৰক্ষাৰ এখন তয়াময়া যুঁজ চলি আছে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রত৷

দেশৰ ৰাজধানী দিল্লীত অব্যাহত থকা কৃষক আন্দোলনৰ সমান্তৰালভাৱে নগাঁৱৰ মিকিৰ বামুণী গ্রাণ্টত চলি থকা কৃষকৰ যুঁজখনো এক গুৰুত্বপূর্ণ পর্যায়ত উপনীত হৈছে৷ ৰাজ্য চৰকাৰ, প্রশাসন–আৰক্ষীয়ে একপক্ষীয়ভাৱে ‘এজুৰ পাৱাৰ ফ’ৰ্টী প্রাইভেট লিমিটেড’ৰ পক্ষ লোৱাৰ বিপৰীতে কার্বি জনজাতি আৰু চাহ জনগোষ্ঠীৰ কৃষকসকলে নিজৰ ৰায়তী ভূমি ৰক্ষাৰ বাবে জীৱনদান কৰিছে৷

উল্লেখ্য যে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত চলচলি মৌজাত থকা মিকিৰ বামুণী গ্রাণ্টত মুঠ ২৭৬ বিঘা ভূমি আছে৷ ব্রিটিছ আমোলত এই ভূমি জমিদাৰৰ অধীনত আছিল৷ তাতেই ৰায়ত হিচাপে কৃষিকার্য কৰি আহিছিল স্থানীয় কার্বি আৰু চাহ জনগোষ্ঠীয় কৃষকসকলে৷ এই ৰায়তী ভূমি ভোগ দখল কৰি অহা লোকসকলক ভূমিৰ অধিকাৰ প্রদানৰ বাবে ‘দ্য আছাম (টেম্প’ৰেৰিলী চেটল্ড এৰিয়াজ) টিনান্সী এক্ট, ১৯৭১’ গৃহীত হয়৷ এই আইন অনুসৰি ৰায়তী ভূমিত ১০ বছৰ কৃষিকার্য কৰি অহা কৃষকে খতিয়ান লাভ কৰে৷

পৰৱর্তী সময়ত উপায়ুক্তৰ ওচৰত আবেদন কৰি নির্দিষ্ট পৰিমাণৰ খাজনা দি নিজৰ নামত এই ভূমি নামজাৰিও কৰিব পাৰে৷ এই ভূমিৰ বেচা–কিনা কৰাত নিষেধাজ্ঞা আছে৷ মিকিৰ বামুণী গাঁৱত প্রজন্মৰ পাছত প্রজন্ম ধৰি কৃষিকার্য কৰি অহা জনজাতীয়–জনগোষ্ঠী কৃষকসকলৰো খতিয়ান আছে৷ কিন্তু এই কৃষিভূমি দিল্লীৰ কোম্পানীক হস্তান্তৰ কৰিবলৈ ২০১৯ চনৰ পৰাই গোপনে আৰম্ভ হয় ষড়যন্ত্র৷

সমগ্র ষড়যন্ত্রৰ মূল অভিকেন্দ্র হ’ল নগাঁও জিলা উপায়ুক্তৰ কার্যালয়৷ মিকিৰ বামুণী গ্রাণ্টত কৃষিকার্য কৰি অহা খেতিয়কসকলৰ খতিয়ান বাতিল নকৰাকৈ এই ভূমি পূর্বৰ জমিদাৰী পৰিয়ালৰ সতি–সন্ততিৰ নামত নামজাৰি কৰা হয়৷ গোপনে কৰা নামজাৰিৰ ফলত মিকিৰ বামুণী গ্রাণ্টৰ ভূমিৰ গৰাকী হৈ পৰে মৰমী আইদেউ, অনামিকা আইদেউ, গায়ত্রী গোহাঁই, পংকজা আইদেউ, মিনতি আইদেউ, আৰতি আইদেউ, জিতেন গোহাঁই আদি৷ জমিদাৰী পৰিয়ালটোৱে এইবাৰ মিকিৰ বামুণী গ্রাণ্টৰ ভূমি দিল্লীৰ পৰা অহা ‘এজুৰ পাৱাৰ ফ’ৰ্টী প্রাইভেট লিমিটেড’ক বিক্রীৰ যো–জা চলায়৷

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত দুয়ো পক্ষৰ মাজত ভূমি বিক্রীৰ চুক্তিপত্র স্বাক্ষৰ হৈছিল৷ কিন্তু লক্ষণীয় কথাটো হ’ল মিকিৰ বামুণী গ্রাণ্টৰ ভূমি ম্যাদী পট্টা কৰিবলৈ চৰকাৰে অনুমতি দিছিল ২০১৯ চনৰ ৩০ ডিচেম্বৰতহে৷ প্রশাসনীয় বেমেজালিৰ এইটোৱে একমাত্র উদাহৰণ নহয়৷ মিকিৰ বামুণীৰ কৃষিভূমিত ‘এজুৰ পাৱাৰ ফ’টী প্রাইভেট লিমিটেড’–এ কাম–কাজ কৰিবলৈ হ’লে মাটিৰ শ্রেণী পৰিৱর্তনৰ প্রয়োজন হৈ পৰিল৷

এই সময়ছোৱাতে সংঘটিত হ’ল ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ ভূমি কেলেংকাৰিটো৷ ৰাজ্যৰ কৃষি বিভাগে লিখিতভাৱে উপায়ুক্তৰ কার্যালয়ক জনায় যে মিকিৰ বামুণী গ্রাণ্টৰ উক্ত ভূমিত বিগত ১০ বছৰ ধৰি কোনো কৃষিকার্য হোৱা নাই৷ উক্ত ভূমি লাভজনক কৃষিৰ বাবে উপযুক্ত নহয়৷ এয়া আছিল এক গোকাট মিথ্যাচাৰ৷ কিয়নো মিকিৰ বামুণী গ্রাণ্টত বিগত ১০ বছৰ নহয়, ১০০ বছৰ ধৰি কৃষিকার্য কৰি জীৱন নির্বাহ কৰি আহিছে স্থানীয় জনজাতীয় আৰু জনগোষ্ঠীয় কৃষকসকলে৷

ইয়াৰ লগে লগে বন বিভাগেও মিকিৰ বামুণী গ্রাণ্টত কোনো হস্তীদণ্ডী নাই বুলি প্রমাণ–পত্র দিয়ে৷ অথচ আজিও কার্বি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে অঞ্চলটোত উপদ্রৱ চলাই আছে৷ এইদৰে কৃষি আৰু বন বিভাগৰ ভুৱা প্রমাণ–পত্রৰ জৰিয়তে মিকিৰ বামুণী গ্রাণ্টৰ কৃষিভূমিৰ শ্রেণী ঔদ্যোগিক শ্রেণীলৈ পৰিৱর্তন কৰা হয়৷ ইয়াৰ পূর্বে ৰাজহ বিভাগেও ৰায়তী ভূমি জমিদাৰৰ পৰিয়ালৰ নামত নামজাৰি কৰিবলৈ অনৈতিক নির্দেশ দিছিল৷ ইয়াৰ পাছতে দিল্লীৱালা কোম্পানীটোৱে উক্ত ভূমিত দখল দিয়াৰ প্রক্রিয়া আৰম্ভ কৰে৷ য’ত নগাঁও জিলা প্রশাসনে সম্পূর্ণ সহযোগ আগবঢ়ায়৷

২০২০ চনৰ ১২ মার্চত চামগুৰিৰ চক্র বিষয়াই ‘ডিমার্কেচন’ৰ বাবে ভূমি খতিয়ান থকা কেইবাগৰাকীও কৃষকক জাননী দিয়ে৷ জাননী পোৱাৰ পাছতে লক্ষী মাৰদী, কিতাৰাম মুর্মুৰ, মংলেশ্বৰ মুর্মুৰ, জিতেন মুর্মুৰ, চিকাৰী ৰংপি আদি কৃষককেইজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ ন্যায়ালয়ে নিজৰ ৰায়দানত উক্ত ভূমিত স্থিতাৱস্থা বাহাল ৰখাৰ নির্দেশ দিয়াৰ লগতে কৃষককেইজনক নিজৰ পক্ষ ৰখাৰ উপযুক্ত সুবিধা দিয়াৰ নির্দেশ দিয়ে৷ এইবাৰ দিল্লীৰ কোম্পানীটোৱে পুনৰীক্ষণৰ আবেদন দাখিল কৰাত ন্যায়ালয়ে পূর্বৰ নির্দেশ বাতিল কৰে৷

ভুক্তভোগী কৃষকৰ অধিবক্তাই পুনৰ ন্যায়ালয়ত এই ৰায়ক প্রত্যাহ্বান জনায়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বৰ সকলো নির্দেশ খাৰিজ কৰি কৃষক আৰু কোম্পানী উভয় পক্ষকে নগাঁও চিভিল ক’টৰ দ্বাৰস্থ হ’বলৈ নির্দেশ দিয়ে৷ নগাঁও চিভিল ক’টত অহা ৫ জানুৱাৰীত পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে৷ ন্যায়ালয়ৰ মজিয়াত গোচৰ চলি থকাৰ মাজতে ‘এজুৰ পাৱাৰ ফ’টী প্রাইভেট লিমিটেড’–এ মিকিৰ বামুণী গ্রাণ্টত ফেন্সিং দিয়াৰ কাম আৰম্ভ কৰে৷ কৃষকসকলেও কৃষিকার্য চলাই নিয়ে৷ কোম্পানীয়ে দিয়া অনেক প্রলোভনকো আওকাণ কৰি তেওঁলোকে দখল এৰি দিবলৈ অমান্তি হয়৷

এনে চেপা উত্তেজনাৰ মাজতে যোৱা ২৯ ডিচেম্বৰত সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা৷ কোম্পানীৰ মাটিত অনধিকাৰ প্রৱেশৰ অভিযোগ তুলি চামগুৰি আৰক্ষী চকীৰ আৰক্ষীয়ে খেতিপথাৰতে কৃষকৰ ওপৰত নৃশংস অত্যাচাৰ আৰম্ভ কৰে৷ সেই সময়ত পথাৰত কাম কৰি আছিল কেইবাগৰাকীও মহিলাই৷ লগত মহিলা আৰক্ষী নোহোৱাকৈয়ে আৰক্ষীয়ে জনজাতীয় মহিলাকেইগৰাকীক বর্বৰ আক্রমণ কৰে৷ অকস্মাৎ চলোৱা আৰক্ষীৰ আক্রমণত চিকাৰী ৰংপিৰ গর্ভৱতী পত্নী চম্পা তিমুংপী গুৰুতৰভাৱে আহত হয়৷

গর্ভৱতী চম্পাই পাছত গর্ভপাতো কৰাবলগীয়া হয়৷ নৃশংসতাৰ নতুন নজিৰ সৃষ্টি কৰা আৰক্ষী ইমানতে ক্ষান্ত নহ’ল৷ সেই দিনাই মাজনিশা আহত চম্পাৰ স্বামী চিকাৰী ৰংপিসহ আদালতৰ কাষ চপা কৃষক লক্ষীৰাম মাৰদী, ভাইটি তিমুং আদিকো গ্রেপ্তাৰ কৰে৷ ইমানৰ পাছতো মিকিৰ বামুণী গ্রাণ্টৰ কৃষকসকল পিছহুঁহকি অহা নাই৷ তেওঁলোকে পূর্বপুৰুষৰ পৰা কৃষিকার্য কৰি অহা ৰায়তী ভূমি কোনো কাৰণতে কোম্পানীক এৰি নিদিয়াৰ দৃঢ় সংকল্প গ্রহণ কৰিছে৷

এই ঘটনাই স্পষ্ট ৰূপত উদঙাই দিছে যে জাতি–মাটি ৰক্ষাৰ শ্লোগান দিয়া সর্বানন্দ সোণোৱাল চৰকাৰে অতি নির্লজ্জভাৱে কৃষকৰ মূৰত ৰাম–টাঙোন শোধাই কোম্পানীৰ পক্ষত অৱস্থান গ্রহণ কৰিছে৷ কার্বি পাহাৰৰ নামনিৰ জনজাতীয় কৃষকৰ আর্তনাদ এতিয়াও শুনা নাই দিছপুৰত বহি থকা চৰকাৰ বাহাদুৰে৷ দিল্লীৱালা কোম্পানীয়ে থলুৱা কৃষকৰ ওপৰত মুকলি দাদাগিৰি আৰম্ভ কৰাৰ পাছতো নির্লিপ্ত, নির্বিকাৰ হৈ ৰৈছে ভূমিপুত্র মুখ্যমন্ত্রীগৰাকী৷ সমান্তৰালভাৱে মিকিৰ বামুণী গ্রাণ্টৰ ২৭৬ বিঘা কৃষিভূমিৰ শ্রেণী পৰিৱর্তন অসমৰ ইতিহাসৰে এটা বৃহৎ ভূমি কেলেংকাৰি হিচাপে পৰিগণিত হৈছে৷ কাজেই ‘দুর্নীতিমুক্ত অসম’ৰ শ্লোগানো অসাৰ হৈ পৰিছে৷

নির্যাতিত মহিলাই দোষীক শাস্তি দিয়াৰ দাবী জনালে আৰক্ষী অধীক্ষকক
নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত মিকিৰবামুণী গ্রাণ্টৰ কৃষক ৰাইজৰ খেতিমাটি পাৱাৰ কোম্পানীয়ে কুক্ষিগত কৰিবলৈ ষডযন্ত্র কৰা ঘটনাৰ তদন্ত বিচাৰি আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ উপায়ুক্তৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকক এখন স্মাৰক–পত্র প্রদান কৰে৷ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াৰ স্বাক্ষৰসম্বলিত স্মাৰক–পত্রৰ যোগেদি মিকিৰ বামুণী গ্রাণ্টৰ কৃষক–মহিলাৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰা, আৰক্ষীৰ অত্যাচাৰত আহতসকলক চিকিৎসা প্রদানৰ ব্যৱস্থা কৰা, ৰায়তী কৃষকসকলক ৰায়তী খতিয়ান শীঘ্রে যোগান ধৰা আৰু ২৯ ডিচেম্বৰ, ২০২০ত আৰক্ষী, চি আৰ পি এফ বাহিনীয়ে থলুৱা কৃষক মহিলাক কৰা নির্যাতনৰ ঘটনাৰ লগত জডিতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ লগতে দিল্লীৱালা কোম্পানীয়ে বিতর্কিত ভূমিত চলাই থকা নির্মাণকার্য বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে৷

নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়েও মিকিৰ বামুণী গ্রাণ্টৰ থলুৱা কৃষকসকলক উচ্ছেদ কৰাৰ ষডযন্ত্রৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰা আৰু মহিলা নেত্রী কাৱে ইংতিপীয়ে জানিবলৈ দিয়ে যে জাতি–মাটি–ভেটিৰ কথা কোৱা সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে বহিৰাগত কোম্পানীৰ স্বার্থত কাম কৰি থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰি খিলঞ্জীয়াবিৰোধী স্থিতি গ্রহণ কৰিছে৷ মিত্রজোঁটৰ চৰকাৰৰ সহযোগিতা নাথাকিলে বহিৰাগত কোম্পানীয়ে থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁলোকে কয়– চৰকাৰে মিকিৰ বামুণী গ্রাণ্টৰ কৃষকসকলৰ উচ্ছেদকার্য শীঘ্রে বন্ধ নকৰিলে কৃষক সভাই বিভিন্ন দল–সংগঠনৰ সহযোগত অচিৰেই আন্দোলন গঢ়ি তুলিব৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ভবেন বৰা, সম্পাদক বুদ্ধেশ্বৰ দাসে এক বিবৃতিযোগে মিকিৰ বামুণী গ্রাণ্টৰ কৃষকক উচ্ছেদ কৰিব বিচৰা কার্যৰ তীব্র বিৰোধিতা কৰাৰ লগতে ২৯ ডিচেম্বৰৰ ঘটনাৰ তদন্ত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনায়৷ ইফালে আৰক্ষীৰ নির্যাতনৰ বলি হোৱা চম্পা তিমুংপী নামৰ গর্ভৱতী মহিলাগৰাকীয়ে আজি নগাঁৱৰ আৰক্ষী অধীক্ষকক তেওঁক বিদাও গয়াৰি নামৰ আৰক্ষী বিষয়াজনে অশ্লীল গালি–গালাজ পৰাৰ লগতে তেওঁৰ পেটত লাঠীৰে কোবোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰি এই ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষী অধীক্ষকক পত্রযোগে দাবী জনায়৷

২৯ ডিচেম্বৰত আৰক্ষীৰ অত্যাচাৰত আহত হোৱা মহিলাসকল হ’ল– বানৰে তেৰংপী, সৰুমাই মুর্মু, পার্বতী মিলকপী, ৰূপতা চেনাৰপী, শেৱালী ৰংপিপী, মইনা মিলকপী, দেৱাৰী মার্ডি, ৰূপালী হাসদা, সুনিতা মার্ডি, কলেশ্বৰী মার্ডি, মাজনি মার্ডি, জোনাকী ইংতিপী, মাথশ্রী ইংতিপী, চম্পা তিমুংপী, পূর্ণি ইংতিপী, যমুনা ইংতিপী৷ ভুক্তভোগী মহিলাসকলে আৰক্ষী অধীক্ষকক দিয়া পত্রত আৰক্ষীয়ে চলোৱা নির্যাতনৰ কথা উল্লেখ কৰি এই ঘটনাৰ তদন্ত বিচাৰি দোষীক শাস্তি বিহাৰ দাবী জনায়৷

You might also like