নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুশ মিটাৰ গোপন সুৰংগেৰে অনুপ্রৱেশ বাংলাদেশীৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ অনুপ্রৱেশে অসমৰ জনগাঁথনিত সাংঘাতিক বিৰূপ প্রভাৱ পেলোৱাৰ পাছতো সুৰক্ষিত হোৱা নাই ভাৰত–বাংলাদেশ সীমান্ত৷ নিৰাপত্তাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু অসম আৰক্ষীৰ চকুত ধূলি দি সীমাৰ সিপাৰৰ পৰা অব্যাহত আছে অনুপ্রৱেশ–চোৰাং বেহাকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ৷ সীমান্তত সংঘটিত এনেধৰণৰ অবৈধ কার্যকলাপৰ বাতৰিয়ে নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷

ইয়াৰ মাজতে এজন ব্যক্তিক অপহৰণৰ আঁত ধৰি কৰিমগঞ্জ জিলা সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তত ঘটা এক ভয়ংকৰ কাণ্ড উন্মোচিত হৈছে৷ এই কাণ্ডই পুনৰ উদঙাই দিছে চুবুৰীয়া ৰাষ্ট্রখনৰ পৰা অসমলৈ অব্যাহত থকা অনুপ্রৱেশ, গৰুৰ চোৰাং সৰবৰাহ, বাংলাদেশী অপৰাধীৰ নির্বিঘ্ণে আহ–যাহ আৰু বিভিন্ন ধৰণৰ অবৈধ কার্যকলাপ৷

কাঁইটীয়া তাঁৰৰ বাধা অতিক্রমি অসমত অবৈধভাৱে প্রৱেশ কৰিবলৈ বাংলাদেশীয়ে গোপনে খান্দি লোৱা এটা ২০০ মিটাৰ দৈর্ঘ্যৰ সুৰংগ চিহ্ণিত কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জৰ আৰক্ষীয়ে৷ এই সুৰংগটোৰেই সীমাৰ সিপাৰৰ পৰা দীর্ঘদিন ধৰি অনুপ্রৱেশ, গৰুৰ চোৰাং সৰবৰাহ আৰু বাংলাদেশী অপৰাধীৰ আহ–যাহ চলি থকাৰ সন্দেহ কৰা হৈছে৷ বাংলাদেশী অপৰাধীয়ে নিজৰ অভিপ্সা পূৰণৰ উদ্দেশ্যে খন্দা এই সুৰংগৰ বাতৰি ইতিমধ্যে গুৰুত্বসহকাৰে স্থান লাভ কৰিছে ৰাষ্ট্রীয় সংবাদ মাধ্যমত৷

প্রকাশিত বাতৰি অনুসৰি, কৰিমগঞ্জ জিলাৰ নীলাম বজাৰ আৰক্ষী থানাৰ অন্তর্গত সীমান্তৱর্তী দলগাঁৱৰ বাসিন্দা দিলোৱাৰ হুছেইন আৰু আলিমউদ্দিনক যোৱা ২৭ ডিচেম্বৰত অপহৰণ কৰা হৈছিল৷ ইয়াৰ পাছতে অপহৰণকাৰীয়ে বাংলাদেশী ম’বাইল ফোনৰ নম্বৰেৰে দিলোৱাৰ হুছেইন আৰু আলিমউদ্দিনৰ মুক্তিৰ বিনিময়ত তেওঁলোকৰ পৰিয়ালক ৫ লাখ টকা দাবী কৰে৷ অপহূত দুয়োৰে পৰিয়ালে ৫ লাখ টকা দিবলৈ অপাৰগতা প্রকাশ কৰে যদিও শেষত মুক্তিপণৰ চর্ত হিচাপে অপহৰণকাৰীৰ ফালৰ পৰা আৰোপ কৰা হয় দুই লাখ টকা৷

অপহৰণকাৰীয়ে মুক্তিপণ আদায়ৰ ক্ষেত্রত দুয়োৰে পৰিয়ালক কেতবোৰ নির্দেশনা দিয়ে৷ সেইমর্মে মুক্তিপণ আদায় পোৱাৰ পাছত অপহৰণকাৰীয়ে মুকলি কৰি দিয়ে দিলোৱাৰ হুছেইন আৰু আলিমুদ্দিনক৷ ইয়াৰ পাছতে বিষয়টো তেওঁলোকে আৰক্ষীক অৱগত কৰে৷ যোৱা শুকুৰবাৰে অপহৰণকাৰীৰ কবলৰ পৰা মুকলি হৈ অহা দিলোৱাৰ হুছেইন আৰু আলিমুদ্দিনে আৰক্ষীক সীমান্তৱর্তী বালিয়ালৈ নি বাংলাদেশী অপৰাধীয়ে খন্দা সুৰংগটো দেখুৱাই দিয়ে৷

দিলোৱাৰ হুছেইনে আৰক্ষীক জানিবলৈ দিয়া মতে, হিউম পাইপ বহুওৱা সুৰংগটোৰে বাংলাদেশৰ চিলেটলৈকে সংযোগ কৰা হৈছে৷ সুৰংগটো যাতে বিএছএফ আৰু অসম আৰক্ষীৰ চকুত নপৰে, তাৰ বাবে জংঘলেৰে আৱৰি ৰখা হৈছিল৷ এই ঘটনাটো সন্দর্ভত কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে কয়– সীমাৰ সিপাৰে অপহৰণ কৰি লৈ যোৱা এজন ব্যক্তিয়ে দাখিল কৰা আমি এখন এজাহাৰ পাইছোঁ৷

সঠিক তদন্তৰ অন্ততহে আমি গোপন সুৰংগটো সম্পর্কত ক’ব পাৰিম৷ নির্দিষ্ট কেতবোৰ অঞ্চলৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূর্ণ ইছ্যু আছে৷ আমি বিষয়টো সম্পর্কত বিএছএফ আৰু চোৰাংচোৱাৰে সম্পর্ক কৰিছোঁ৷ ইতিপূর্বেও কৰিমগঞ্জ জিলা সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তত আৰক্ষীয়ে এনেধৰণৰ গোপন সুৰংগ চিহ্ণিত কৰিছিল৷ ২০১৮ চনৰ মে’ মাহত সীমান্তৱর্তী কান্দি জিলাত কৰিমগঞ্জ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল দুজন বাংলাদেশী স্মাগলাৰক৷

আৰক্ষীৰ তথ্য অনুসৰি হিউম পাইপ বহুওৱা সুৰংগৰে বাংলাদেশৰ ৭জনীয়া স্মাগলাৰৰ এটা দলে সেই সময়ত প্রৱেশ কৰিছিল ভাৰতত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কৰিমগঞ্জ জিলা সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তত এতিয়াও কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ সম্পূর্ণ হৈ উঠা নাই৷ অসম বিধানসভাৰ শেহতীয়া শীতকালীন অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ সম্পূর্ণ নোহোৱাৰ মূলতে বাংলাদেশৰ আপত্তি৷

তথ্য মতে, অসম–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ কাম বর্তমান ৯৮.৩৫ শতাংশ সম্পূর্ণ হৈছে৷ বাকী আছে প্রায় ১.৬৫ শতাংশ৷ ব’ডাৰ গার্ড বাংলাদেশ (বিজিবি)–এ আপত্তি কৰাৰ বাবে অসম–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ কাম সম্পূর্ণ হোৱা নাই৷ অসম–বাংলাদেশ সীমান্তৰ উন্মুক্ত হৈ থকা ৪.৩৫ কিলোমিটাৰ এলেকা কৰিমগঞ্জ জিলাৰ অন্তর্গত৷

You might also like