ভৈৰৱকুণ্ডত পথ দুৰ্ঘটনা, থিতাতে নিহত দুজনকৈ যুৱক
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভৈৰৱকুণ্ডৰ সমীপৰ গুমগাঁৱত। ভৈৰৱকুণ্ড বনভোজস্থলীৰ সমীপত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত পৰিল এখন বাইক। থিতাতে নিহত দুজনকৈ যুৱক।
ভৈৰৱকুণ্ড বনভোজস্থলীত ফুৰিবলৈ গৈছিল যুৱকদুজন। পিকনিকস্থলীৰ পৰা উভতি আহোঁতে গুমগাওঁত সংঘটিত হয় এই দুৰ্ঘটনা ।
নিহত বাইক আৰোহীজন হৈছে ওদালগুৰি নলবাৰীৰ দীপাংকৰ বাগ্লাৰী আৰু প্ৰীতম জ্যোতি দাস। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বাৰঃ AS01-DP-3528।