নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থমকিছে কংগ্রেছৰ মিত্রতা–লক্ষ্যপথত বিজেপিঃ ৰণশিঙা বজাবলৈ ২৭ জানুৱাৰীত অসমলৈ পুনৰ আহিব অমিত শ্বাহ

বিধানসভা নির্বাচনক লৈ ক্রমশঃ উত্তাল ৰাজ্যৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনকেন্দ্রিক শাসক–বিৰোধী উভয় শিবিৰৰ তৎপৰতাই ক্রমশঃ উত্তাল কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপট৷ প্রতিটো ৰাজনৈতিক দলেই সম্প্রতি ক্ষমতা দখলৰ সমীকৰণ মিলোৱাত ব্যস্ত৷ পুনৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ বাবে ইতিমধ্যে পূর্ণ প্রস্তুতিৰে সাজু হোৱা বিজেপিয়ে ১২৬টা সমষ্টিক লক্ষ্য কৰি আৰম্ভ কৰিছে নির্বাচনী অভিযান৷ লক্ষ্যপথত বিজেপিৰ এনে ব্যস্ততাপূর্ণ ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে তুলনামূলকভাবে নিস্তেজ তথা পথভ্রষ্ট হৈ পৰিছে প্রধান বিৰোধী দল কংগ্রেছ৷ ২০০১ চনৰ পৰা ২০১৬ চনলৈ তিনিটাকৈ কার্যকাল ৰাজ্যৰ শাসনত থকা দলটো নির্বাচনৰ প্রাকক্ষণত আভ্যন্তৰীণ কন্দলত বিধ্বস্ত বুলি ক’লেও ভুল কোৱা নহ’ব৷ উল্লেখ্য যে দেশৰ নির্বাচন আয়োগে দিয়া ইংগিত অনুসৰি অহা এপ্রিল মাহত অসমত নির্বাচন অনুষ্ঠিত হোৱাটো প্রায় নিশ্চিত৷ এনে অৱস্থাত নির্বাচনক লৈ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন বিজেপিয়ে তৃণমূল পর্যায়ৰ প্রতিগৰাকী কর্মীক সক্রিয় কৰাই নহয়, কংগ্রেছৰ সমর্থককো নিজৰ ফলীয়া কৰাৰ পূর্ণ পৰিকল্পনা প্রস্তুত কৰি তুলিছে৷ তদুপৰি বিধানসভা নির্বাচনত প্রার্থী প্রক্ষেপৰ ক্ষেত্রতো দলটোৱে সম্পূর্ণ কৰি তুলিছে বিশেষ সমীক্ষা৷ বিজেপিৰ সমান্তৰালকৈ মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপয়ো আৰম্ভ কৰিছে ব্যাপক নির্বাচনী কুচকাৱাজ৷ জাতীয় ঐক্য সমাৰোহেৰে উজনি–নামনিত যথেষ্ট সক্রিয় হৈ পৰা অগপই ইয়াৰ দ্বাৰাই আৰম্ভ কৰিছে বিধানসভা নির্বাচনৰ অভিযান৷ অগপ–বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে গৃহ কন্দলত বিধ্বস্ত ৰাজীৱ ভৱন৷ আজিৰ তাৰিখত থমকি ৰোৱা পৰিলক্ষিত হৈছে কংগ্রেছৰ উদ্যোগত মহাজোঁটবন্ধনৰ প্রক্রিয়া৷

মন কৰিবলগীয়া যে বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধী ৰাজনৈতিক দলসমূহক লগত লৈ মহাজোঁট গঠনেৰে ক্ষমতা দখলৰ হুংকাৰ দিয়া কংগ্রেছৰ মিত্রতাৰ প্রস্তাৱত এতিয়ালৈ কোনোৱে আনুষ্ঠানিকভাৱে চামিল হোৱা নাই৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আগন্তুক নির্বাচনত এ আই ইউ ডি এফ, বাঁওদল আৰু নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলক লৈ মিত্রজোঁট গঠনেৰে দিছপুৰ দখলৰ হুংকাৰ দিছে যদিও সেয়া এতিয়া কার্যতঃ চর্চাৰ মাজতে আবদ্ধ আছে৷ কিয়নো কংগ্রেছৰ এই মহাজোঁটত এ আই ইউ ডি এফ আৰু বাঁওদলসমূহে আনুষ্ঠানিকভাৱে চামিল হোৱা নাই৷ যোৱা অক্টোবৰ মাহতে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ পাছতে প্রদেশ কংগ্রেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ সৈতে এই প্রসংগত যথেষ্ট সক্রিয় হৈ পৰিছিল৷ সমান্তৰালভাৱে চি পি আই আৰু চি পি এমৰ সৈতেও মিত্রতা গঢ়াৰ পূর্ণ প্রস্তুতি চলাইছিল কংগ্রেছে৷ কিন্তু এ আই ইউ ডি এফৰ সৈতে প্রস্তাৱিত মিত্রতাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত আৰম্ভ হ’ল প্রচণ্ড বিবাদ৷ আজমলৰ সৈতে স্থাপন কৰিব খোজা মিত্রতাক লৈ উজনিত কেইবাগৰাকীও বিধায়কে তীব্র প্রতিবাদ কৰাৰ সমান্তৰালকৈ নামনিৰো একাংশ সংখ্যালঘু কংগ্রেছী নেতাই এই মিত্রতাক লৈ তুলিলে আপত্তি৷ এনে অৱস্থাৰ পাছতো এ আই ইউ ডি এফৰ সৈতে মিত্রতা আগবঢ়াই নিব খোজা কংগ্রেছৰ ওচৰত আজমলে আসন ভাগ–বাটোৱাৰাক লৈ উত্থাপন কৰা প্রস্তাৱে সমগ্র প্রক্রিয়াত জটিলতাৰ সৃষ্টি কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফৰ সভাপতি আজমলে দুয়ো দলৰ মিত্রতা নিশ্চিত বুলি দাবী কৰি আহিলেও এই ৰাজনৈতিক বিষয়টোৱে কোনো ধৰণৰ আনুষ্ঠানিক সিদ্ধান্ত বর্তমানলৈকে হোৱা নাই৷ নির্বাচনৰ দিন চমু চাপি আহিছে যদিও মিত্রতাৰ বিষয়টো কংগ্রেছ হাইকমাণ্ডৰ টেবুলতে আছে৷ ইয়াৰ মাজতে কংগ্রেছৰে মিত্রতাক লৈ বাঁওদলসমূহো পিছহুঁহকিছে৷ আনকি নতুনকৈ গঠন হোৱা দুটাকৈ আঞ্চলিক দলেও কংগ্রেছৰ মিত্রতাৰ আহ্বানৰ প্রতি নিদিলে কোনো সঁহাৰি৷ মহাজোঁট বন্ধনৰ প্রক্রিয়াত মুখথেকেচা খোৱা কংগ্রেছত শেহতীয়াকৈ আৰম্ভ হৈছে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ তথা প্রতিবাদ৷

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ব্যর্থতা তথা দুর্বল নেতৃত্বক লৈ হতাশ হৈ পৰা দলৰ বহু নেতা–কর্মীয়ে আৰম্ভ কৰিছে দল ত্যাগ কৰিবলৈ৷ বিজেপিৰ শক্তিশালী নেতৃত্ব তথা নির্বাচনমুখী কাম–কাজৰ বিপৰীতে কংগ্রেছৰ দুর্বল নেতৃত্বক লৈ সম্পূর্ণৰূপে হতাশাত ভুগি শেহতীয়াকৈ দলৰ জ্যেষ্ঠ নেত্রী তথা প্রাক্তন মন্ত্রী অজন্তা নেওগ আৰু বিধায়ক ৰাজদীপ গোৱালায়ো দল এৰিছে৷ ইজনৰ পাছত সিজনকৈ দলীয় নেতাই দল এৰা ঘটনাই নির্বাচনৰ প্রাকক্ষণত প্রধান বিৰোধী দলটোলৈ নমাই অনা বিপর্যয়ৰ মাজতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ কর্মকাণ্ড তথা কেতবোৰ ভাষ্যয়ো দলটোক অধিক সংকটলৈ ঠেলি দিছে৷ আনকি প্রদেশ কংগ্রেছৰ সভাপতিজনৰ বক্তব্য তথা কাম–কাজক লৈ মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে কেইবাজনো জ্যেষ্ঠ নেতা তথা বিধায়কে৷ ফলত নির্বাচনৰ প্রাকক্ষণত হতাশা আৰু দিকভ্রষ্ট হৈ পৰিছে দলটোৰ তৃণমূল কর্মী৷ ইয়াৰ বিপৰীতে ১০+ লক্ষ্যৰে উজনি, মধ্য অসম আৰু বি টি আৰত অধিক সক্রিয় হৈ পৰিছে বিজেপি৷ পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে পূর্ণ প্রস্তুতিৰে নির্বাচনী কাম–কাজ আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে নির্বাচনৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে৷ দলৰ এনে পূর্ণ প্রস্তুতিৰ মাজতে অহা ২৭ জানুৱাৰীত নির্বাচনী ৰণশিঙা বজাবলৈ পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ যোৱা ২৬ ডিচেম্বৰত তিনিদিনীয়া অসম ভ্রমণেৰে দলৰ নির্বাচনী প্রস্তুতিৰ বুজ লোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰকাৰৰ মিত্রদল অগপ, ৰাভা যৌথ মঞ্চ আৰু গণ শক্তিৰ সৈতেও বিস্তৃত আলোচনাৰে নির্বাচনৰ সকলো দিশৰ বুজ লৈ গৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণৰ পাছতেই বিজেপিয়ে বি টি আৰত নতুন মিত্রদল ৰূপে ইউ পি পি এলক আদৰি লৈছে৷ বি টি আৰৰ অন্তর্গত বিধানসভাৰ ১২খন আসন দখলৰ লক্ষ্যৰে অহা নির্বাচনত ইউ পি পি এলৰ সৈতে একেলগে যুঁজিবলৈ সাজু হৈ পৰিছে বিজেপি৷ ইয়াৰ প্রাকক্ষণত অসমত নির্বাচনৰ ৰণশিঙা বজাবলৈ ২৭ জানুৱাৰীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ মুখ্যতঃ বি টি আৰ চুক্তিৰ এবছৰ সম্পূর্ণ হোৱা উপলক্ষে এক অনুষ্ঠানত উপস্থিত হ’বলৈ অসমলৈ আহিব লগা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই সময়ছোৱাতে বিজেপি আৰু মিত্রজোঁটৰ আসন বুজাবুজিৰ বিষয়টো সন্দর্ভতো স্পষ্ট মতামত দাঙি ধৰিব৷ একে সময়তে বিজেপিৰ জ্যেষ্ঠ নেতাজনে আনুষ্ঠানিকভাৱে নির্বাচনৰ প্রচাৰ অভিযানো আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷

ৰাজ্যিক বিজেপিত এনে নির্বাচনী প্রস্তুতিক অধিক সবল কৰি ব্যস্ত কার্যসূচীৰে অসমত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা৷ দলৰ তৃণমূল কর্মীৰ সৈতে মত বিনিময়েৰে নির্বাচনৰ প্রস্তুতিৰ বুজ ল’বলৈ উজনিত তৎপৰ হৈ পৰা ৰাজ্যিক বিজেপিৰ প্রভাৰীগৰাকীয়ে ইতিমধ্যে চৰাইদেউ আৰু শিৱসাগৰ জিলাত অংশ লৈছে দুখনকৈ গুৰুত্বপূর্ণ বৈঠকত৷ দুয়োখন জিলাৰ অন্তর্গত বিধানসভা সমষ্টিসমূহৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰা পাণ্ডাই কাইলৈ ডিব্রুগড় আৰু তিনিচুকীয়া জিলাত আন দুখন সাংগঠনিক বৈঠকৰ জৰিয়তে তৃণমূল কর্মীৰ সৈতে বার্তালাপ কৰিব৷ উক্ত বৈঠকত শদিয়া জিলাৰ বিজেপিৰ কার্যকর্তাসকলো উপস্থিত থাকিব৷

আনহাতে, ৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ প্রভাৰীজনে গুৱাহাটী, দক্ষিণ কামৰূপ আৰু ৰঙিয়াত দলৰ কার্যকর্তাসকলৰ সৈতে সাংগঠনিক বৈঠকত বহিব৷ ৰাষ্ট্রীয় উপ–সভাপতিজনক এই বৈঠকসমূহত সংগ দিব ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ উজনিত ৰাজ্যিক প্রভাৰীগৰাকীৰ লগতে কেইবাটাও চৰকাৰী কার্যসূচীৰে নির্বাচনী প্রস্তুতিৰ বুজ লৈছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইফালে নামনি অসমত কেইবাখনো নির্বাচনী সভাৰে দলৰ অভিযান আৰম্ভ কৰিছে সভাপতি ৰঞ্জিত দাসে৷ ইতিমধ্যে কোকৰাঝাৰ, সৰুক্ষেত্রী আৰু বৰপেটাত দলীয় সভাত অংশ লোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৮ জানুৱাৰীত বোকাখাত আৰু দেৰগাঁও, ৯ জানুৱাৰীত গোলাঘাট, সৰুপথাৰ, ১০ জানুৱাৰীত যোৰহাট, তিতাবৰ, ১১ জানুৱাৰীত টীয়ক, আমগুৰি আৰু ১২ জানুৱাৰীত শিৱসাগৰ, নাজিৰা ভ্রমণ কৰি সাংগঠনিক দিশৰ তদাৰক কৰিব৷ ইফালে অগপই এইবাৰ ৪০টাকৈ বিধানসভা সমষ্টিত নিজাকৈ প্রার্থী প্রক্ষেপ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে ব্যাপক কাম–কাজ৷ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এই লক্ষ্যৰে আৰম্ভ কৰিছে জাতীয় ঐক্য সমাৰোহ৷ লখিমপুৰ, ধেমাজি, গোলাঘাট, বোকাখাত, দক্ষিণ কামৰূপ, ৰঙিয়া আদিত ইতিমধ্যে সহস্রাধিক সমর্থকৰ উপস্থিতিত কেইবাখনো সমাৰোহ সম্পন্ন কৰা আঞ্চলিক দলটো এতিয়া নির্বাচনৰ বাবে যথেষ্ট শক্তিশালী স্থিতিত উপস্থিত হৈছে৷ ইয়াৰ বিপৰীতে দলীয় কন্দল, নেতৃত্বৰ বিৰুদ্ধে বিসম্বাদ তথা তৃণমূল কর্মীৰ হতাশাই কার্যতঃ বিধ্বস্ত কৰি তুলিছে প্রদেশ কংগ্রেছক৷ মুখ্যতঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ দুর্বল নেতৃত্বই আগন্তুক নির্বাচনত যে দলটোৱে বিজেপিলৈ কোনো প্রত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে, সেয়া কার্যতঃ স্পষ্ট হৈ পৰিছে৷

You might also like