নদীদ্বীপ মাজুলীত উপস্থিত ৰাফটিং টীম
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ এন ডি আৰ এফৰ উদ্যোগত কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনত আৰম্ভ কৰা ব্রহ্মপুত্র আমন্ত্রণ অভিযানৰ ৰাফটিং টীম আজি উপস্থিত হৈছে নদীদ্বীপ মাজুলীত৷ কাইলৈ এই দলটোৱে মাজুলীত দিনজোৰা কার্যসূচীৰ আয়োজন কৰিছে৷ এই কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ ইয়াৰ পিছতে ইয়াৰ পৰা ৰাফটিং টীমটোৱে পুনৰ ভাৰত–বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা অভিমুখে যাত্রা আৰম্ভ কৰিব৷ অহা ১৪ জানুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব এই দলটো৷
অহা ২০ জানুৱাৰীত দক্ষিণ শালমাৰাত এই যাত্রাৰ অন্ত পৰিব৷ নদীৰ সৈতে জীৱনধাৰাৰ সজাগতাৰ লক্ষ্যৰে এই কার্যসূচীৰ আয়োজন কৰা হৈছে৷ এই অভিযানৰ সময়ত সংগ্রহ কৰা বিভিন্ন স্থানৰ নদীৰ পানী, গেদ, খেহনীয়া, মৎস্যকুলৰ আৱাস আদি বিষয়ৰ ওপৰত গৱেষণা কৰা হ’ব৷ বিশেষকৈ নদী পুনৰুজ্জীৱিতকৰণ জনপ্রিয় কৰাৰ উদ্দেশ্যে এই কার্যসূচীৰ আয়োজন কৰা হৈছে৷