নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ২০২০ বর্ষটোত দক্ষিণ কোৰিয়াত শিশুৰ জন্মৰ হাৰতকৈ মানুহৰ মৃত্যুৰ হাৰ বেছি আছিল৷ এই বিষয়টোক লৈ দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে বিশ্বৰ ভিতৰতেই ২০২০ বর্ষটোত আটাইতকৈ কমসংখ্যক শিশুৰ জন্ম হোৱা দেশ হিচাপে চিহ্ণিত হৈছে দক্ষিণ কোৰিয়া৷ বিগত বর্ষটোত দেশখনত ২,৭৫,৮০০ শিশুৰ জন্ম হৈছে৷ ২০১৯তকৈ ১০ শতাংশ হ্রাস পাইছে শিশুৰ জন্ম৷ ইয়াৰ বিপৰীতে বিগত বর্ষটোত মৃত্যু হৈছে ৩,০৭,৭৬৪গৰাকী লোকৰ৷ এই তথ্য পোহৰলৈ অহাৰ লগে লগে দেশখনৰ গৃহ মন্ত্রালয়ে শিশুৰ জন্মৰ ক্ষেত্রত নীতিৰ মৌলিক পৰিৱর্তন অনাৰ সিদ্ধান্ত লৈছে৷

লক্ষণীয়ভাৱে জনসংখ্যা অভাৱনীয় হাৰত হ্রাস পোৱাৰ ফলত দক্ষিণ কোৰিয়াত শ্রম শক্তিও হ্রাস পাইছে৷ অর্থাৎ যুৱ প্রজন্মৰ ওপৰত নির্ভৰ কৰিবলগীয়া শ্রম শক্তি এতিয়া হ্রাস পাই আহিছে দেশখনত৷ শিশুৰ জন্মৰ হাৰ হ্রাস পোৱা বিষয়টো সন্দর্ভত যোৱা মাহত ৰাষ্ট্রপতি মুন জী–ইনে উদ্বেগ প্রকাশ কৰি এইক্ষেত্রত পূর্বৰ নীতিৰ পৰিৱর্তন ঘটাব বুলি ঘোষণা কৰিছে৷

You might also like