নাইজাৰত সন্ত্রাসবাদীৰ আক্রমণত নিহতৰ সংখ্যা ১০০লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ আফ্রিকান ৰাষ্ট্র নাইজাৰৰ দুখনকৈ গাঁৱত ইছলামিষ্ট সন্ত্রাসবাদীয়ে চলোৱা নির্বিচাৰ আক্রমণত নিহত লোকৰ সংখ্যা ১০০গৰাকীলৈ বৃদ্ধি পাইছে৷ দেশখনৰ প্রধানমন্ত্রীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি মালি সীমান্তৱর্তী চোমবাংগু গাঁৱত ৭০গৰাকী লোক নিহত হোৱাৰ বিপৰীতে জাৰুমডাৰেয়েত নিহত হৈছে ৩০গৰাকী লোক৷ প্রধানমন্ত্রী ব্রিগি ৰাফিঙিয়ে আজি এই তথ্য সদৰী কৰিছে৷
তাৎক্ষণিকভাৱে কোনো গোটে এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আল–কায়দাৰ সমর্থনপুষ্ট ইছলামিষ্ট সন্ত্রাসবাদী গোট ইয়াত জড়িত থকা বুলি সন্দেহ কৰিছে চৰকাৰে৷ স্থানীয় মেয়ৰ আলমু হাছানেই উল্লেখ কৰা অনুসৰি প্রায় ১০০খন মটৰচাইকেলেৰে দুর্বৃত্তই আহি দুয়োখন গাঁৱত নির্বিচাৰ গুলীচালনা কৰিছিল৷ সংবাদ সংস্থা এ এফ পিয়েও প্রতিবেদনত অনুৰূপ তথ্য সদৰী কৰিছে৷
স্মর্তব্য যে পশ্চিম আফ্রিকাৰ বিভিন্ন অঞ্চলত এতিয়া ইছলামিষ্ট সন্ত্রাসবাদী গোটে সাংগঠনিক ভেটি বিস্তাৰ কৰিছে৷ আফ্রিকাৰ ছাহেল অঞ্চল হৈ পৰিছে কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাৰ অন্যতম যুদ্ধক্ষেত্র৷