নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি ৬০–অগপ ১৪ মিত্রজোঁট ১০০+

বৰপেটাৰোডত ৰঞ্জিত দাসৰ নতুন সমীকৰণ কংগ্রেছ–ইউডিএফক ২২–২৩ আসনত সীমাবদ্ধ ৰাখিম

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ কংগ্রেছ দলে যি কাম কৰি আছে তাৰ তিলমানো সন্মান নাই৷ তেওঁলোক হৈছে বিদেশীসকলক তোষামোদ কৰা দল৷ এতিয়া এ আই ইউ ডি এফো লগ লাগিছে৷ কিন্তু যিমানে লগ নালাগে কিয় আমি তেওঁলোকক ২২–২৩খনৰ অধিক আসন ল’ব নিদিওঁ৷ এইটো আমি সংকল্প লৈছেছা৷ আগন্তুক দিনত অসমবাসীৰ সুৰক্ষাৰ স্বার্থত বিজেপিৰ চৰকাৰৰ পুনৰ প্রয়োজন আছে৷ আজি বৰপেটাৰোডৰ ৮ নং ৱার্ডত নগৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত দলৰ এখন ৰাজনৈতিক সভাত উপস্থিত থাকি এই মন্তব্য কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ তেখেতে এন আৰ চিৰ প্রসংগ উল্লেখ কৰি কয়– য’ত ভাৰতীয় মানুহৰ নাম নাই, কিন্তু লাখ লাখ বিদেশীৰ নাম থাকে সেই এন আৰ চিৰ কাম আমি বিজেপি দলে বন্ধ কৰি দিছোঁ৷

কিন্তু কংগ্রেছ–এ আই ইউ ডি এফ দলে ইয়াক প্রকাশৰ বাবে বিভিন্ন ধৰণে প্রয়োগ কৰিছিল৷ সেয়েহে আমি ৰাজ্য চৰকাৰৰ হাতত ইয়াৰ দায়িত্ব অর্পণ কৰাৰ দাবী উত্থাপন কৰিছোঁ, যাতে এখন শুদ্ধ এন আৰ চি প্রস্তুত কৰিব পৰা যায়৷ বৰপেটাৰোডত ৮০ শতাংশ ভোট বিজেপিৰ বুলি দাবী কৰি সমষ্টিবাসীক কৃতজ্ঞতাও প্রকাশ কৰে৷ সাংবাদিকৰে মুখামুখি হৈ তেওঁ কয়– এতিয়া আৰু আমাক অইন দলৰ লীডাৰ নালাগে, আমাক কেডাৰহে লাগে৷ অৱশ্যে ছাত্র সংগঠনৰ কথা বেলেগ৷ আমি ১০০+ নিশ্চিতভাৱে পাম৷ বিজেপি ৬০, এজিপি ১৪, বিটিচিত ইউপিপিএল ৰ লগত মিত্রতাৰে ১২সহ নতুনকৈ গোলাঘাট, শিৱসাগৰ, নাজিৰা, মৰিয়ণি তথা বৰাকৰ আসন কেইখনমানেৰে এশ নিশ্চিত৷ তেখেতে বিপিএফক পঞ্চায়ত নির্বাচনত মিত্রতাৰ নিয়ম ভংগ কৰা বুলি উল্লেখ কৰে আৰু আগন্তুক বিধানসভা নির্বাচনতো ইউ পি পি এল দলৰে মিত্রতা থাকিব বুলি মত ব্যক্ত কৰে৷ বুবুল দেউৰীয়ে আঁতধৰা সভাত বিটিচিৰ নৱনির্বাচিত ইম এম গৌতম দাস, দলটোৰ নেতা বনদীপ ডেকায়ো ভাষণ ৰাখে৷

You might also like