অসমখন এতিয়া আৰু দ্বিখণ্ডিত হোৱাৰ কোনো সম্ভাৱনা নাই
তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ আত্মসন্তুষ্টি প্রকাশ
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ প্রমোদ বডো নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰখন বর্তমান সম্পূর্ণ নিৰাপদ আৰু এই চৰকাৰখনে সুস্থিৰভাৱে পাঁচ বছৰ সম্পূর্ণ কৰিব৷ আজি তামুলপুৰত সাংবাদিকৰে হোৱা বার্তালাপত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা প্রমোদ বডো নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰখনৰ অন্যতম অংশীদাৰ জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই এই মন্তব্য দিয়ে৷ সাংবাদিকৰে হোৱা বার্তালাপত তেওঁ কয় যে অসমখন এতিয়া দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনা নাই৷ ভাষাৰ ক্ষেত্রত, গাঁও কর্তন, ভূমিৰ অধিকাৰ আদিৰ ক্ষেত্রতো বাধা আঁতৰি যোৱাৰ লগতে বিটিচিত থকা বিভিন্ন শ্রেণীৰ জনসাধাৰণে সম–উন্নয়ন আৰু সমবিকাশৰ অধিকাৰ ভোগ কৰিব৷ বিজেপিৰে জোঁটবন্ধন সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– বিটিচিৰ প্রেক্ষাপটত বিজেপিৰ সৈতে জোটবন্ধন ঠিকেই আছে৷ তেওঁ কয় যে বিজেপি এটা ৰাষ্ট্রীয় দল৷ তেওঁলোকৰ কেন্দ্রত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে৷ কিছুমান ক্ষেত্রত আদর্শগত পার্থক্য থাকিলেও বিটিচিৰ ক্ষেত্রত ঠিকেই আছে৷
সমাগত বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিজেপি, ইউপিপিএলৰ সৈতে মিত্রতা চূডান্ত হ’ব আৰু জি এছ পিৰ পৰাও প্রার্থী আগবঢ়োৱা হ’ব বুলি তেওঁ সদৰী কৰে৷ আগন্তুক বিধানসভা নির্বাচনত অসমত কোনে চৰকাৰ গঠন কৰিব বুলি সোধাত তেওঁ কয় যে সমাগত নির্বাচনত ৰাজ্যত বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব৷ কিয়নো বিগত সময়ছোৱাত কংগ্রেছতকৈ বিজেপি চৰকাৰখনে ৰাজ্যত বহু উন্নয়নমূলক কাম কৰিছে৷ বিজেপিৰ সাংগঠনিক ভেটি বহু শক্তিশালী বুলিও দাবী কৰি তেওঁ কয় যে আজিৰ দিনত অসমত বিজেপিৰবহুখিনি সুবিধা আছে৷ কিন্তু তথাপিও ৰাজনীতি বুলি ক’লে ইয়াত কোনো সুৰক্ষিত নহয় বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ অনাগত দিনত তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি এই সম্পর্কে সাংবাদিকে সোধাত তেওঁ এই কথা নস্যাৎ কৰি কয়– বিজেপি দলটোৰ পৰা সন্মুখত তেনে কোনো অফাৰো অহা নাই আৰু বিজেপি দলত যোগদান কৰাৰ কোনো পৰিকল্পনাও নাই৷ তেওঁৰ কোনো ৰাজনৈতিক উচ্চাকাংক্ষা নাই বুলি মন্তব্য কৰি তেওঁ কয়– বিটিচিৰ জনসাধৰণৰ উন্নয়ন কৰাই আমাৰ একমাত্র লক্ষ্য৷ কিয়নো নৱ শৰণীয়াক বিটিচিৰ ৰাইজে যিমানখিনি সন্মান দিছে, বিজেপিলৈ গ’লে নিশ্চয় সেই সন্মান লাঘৱ হ’ব৷