নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ দ্রৌপদী কলিতাৰ পৰলোকপ্রাপ্তি

‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাৰ মাতৃ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্রৰ অন্তর্গত বজালী উদয়পুৰ গাঁৱৰ সৰবৰহী মহিলা দ্রৌপদী কলিতা (৭৫)মঙলবাৰে সন্ধিয়া ৭.১০ বজাত নিজগৃহতে বিয়োগ হয়৷ বজালী উদয়পুৰ গাঁৱৰে প্রয়াত দয়াৰাম কলিতাৰ পত্নী তথা ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ মাতৃগৰাকীৰ মৃত্যুৰ পিছতেই গাঁও তথা অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ অঞ্চলটোৰ সৰবৰহী মহিলা কলিতাই বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি চিকিৎসাধীন হৈ আছিল৷ অতি সহজ–সৰলতাৰে গ্রামাঞ্চলত বাস কৰি ভাল পোৱা ধর্মপ্রাণ মহিলাগৰাকীয়ে অমায়িক আৰু নম্র স্বভাৱৰ গাঁওখনৰ সকলোৰে প্রিয় হৈ পৰিছিল৷ তেওঁৰ মৃত্যুত অঞ্চলটোৰ বহু অনুষ্ঠান আৰু বিশিষ্ট লোকে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷

বুধবাৰে ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাস উপস্থিত হৈ নশ্বৰ দেহত শ্রদ্ধা নিবেদন কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কেন্দ্রীয় কার্যনির্বাহক সদস্য ডাঃ বিপিন চন্দ্র কলিতা, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, নলবাৰী জিলা সাংবাদিক সন্থাৰ সম্পাদক বসন্ত দাস, বৰভাগ প্রেছ ক্লাব, বজালী উদয়পুৰ গাঁও উন্নয়ন সমিতি, শ্রীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰ, উদয়পুৰ, গ্রাম্য বিকাশ মঞ্চ আদিকে ধৰি ভালেমান অনুষ্ঠানে গভীৰ শোক প্রকাশ কৰে৷ অনেক গুণমুগ্ধৰ উপস্থিতিত নিজ গৃহৰ চৌহদতে আজি পুৱা ১০.৩০ বজাত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকীকৈ পুত্র–বোৱাৰী, তিনিগৰাকী কন্যা আৰু কেইবাগৰাকীও নাতি–নাতিনী এৰি থৈ যায়৷ ইপিনে, নৰেশ কলিতাৰ মাতৃৰ মৃত্যুত অসম প্রদেশ সাংবাদিক সন্থাৰ কার্যবাহী সভাপতি অৰূপ ৰঞ্জন বর্মন, সন্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি চম্পক বৈশ্য, সাধাৰণ সম্পাদক শশাংক শর্মা, অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰীয়ে গভীৰ শোক প্রকাশ কৰে৷

You might also like