ভাতৃত্ববোধৰ মধুৰ সম্পর্কত মোক্ষম আঘাত হানিছে সত্যৰঞ্জন বৰাই
পুৰণিগুদামৰ কলংপাৰ জাতীয় বিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত অভিনেতা অতুল পাচনি
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ২০২০ চনৰ ৬ জানুৱাৰীৰ দিনটোত প্রতিষ্ঠা লাভ কৰা কলংপাৰ জাতীয় বিদ্যালয়ৰ আজি প্রতিষ্ঠা দিৱস৷ দিনটোত বিদ্যালয়ৰ চৌহদতউখল–মাখল পৰিৱেশৰ সৃষ্টি হয়৷ বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে যোগাসনকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰাৰ লগতে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেন্সনাৰ ফণীন্দ্র নাথ গায়নৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈসমৰ জনপ্রিয় কৌতুক অভিনেতা অতুল পাচনিয়ে কয় যে এচাম লোকে জাতি–ধর্মৰ নামত আমাৰ সমাজখনক ভাগ ভাগ কৰি নিজস্ব ৰাজনৈতিক ন্যস্ত স্বার্থ সিদ্ধি কৰাৰ অপচেষ্টা চলাই আছে৷ তেওঁ ভাষণৰ জৰিয়তে তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰে৷ পুৰণিগুদামৰ মিকিৰহাটস্থিত প্রতিষ্ঠা দিৱস উপলক্ষে দুপৰীয়া বিভিন্নবর্ণাধ্য কার্যসূচীত অংশগ্রহণৰ শেষত সংবাদ মাধ্যমৰ সন্মুখত বিতর্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সন্দর্ভত বহুকেইটা মন্তব্য কৰিলে অভিনেতা পাচনিয়ে৷ আমাৰ দৰে এখন ধর্মনিৰপেক্ষ দেশত সকলোৰে মাজত বর্তি থকা ভাতৃত্ববোধৰ মধুৰ সম্পর্কত মোক্ষম আঘাত হানিছে সত্যৰঞ্জন বৰাই৷ সমাজখনক ছিন্ন–ভিন্ন কৰাৰ অপচেষ্টা নকৰিবলৈ অথবা তেনে অহেতুক মন্তব্য কৰাৰ পৰা সত্যৰঞ্জন বৰাক বিৰত থাকিবলৈও পৰামর্শ তথা প্রত্যাহ্বান আগবঢ়ায় অতুল পাচনিয়ে৷ অন্যথা সময়ে কেতিয়াও সত্যৰঞ্জন বৰাক ৰেহাই নিদিব বুলি সোঁৱৰাই দিয়ে৷ ছাত্র–ছাত্রী, অভিভাৱক, বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী আদিৰ উপস্থিতিত অনুষ্ঠিত সভাত সমাজকর্মী পুলিন হাজৰিকাকে ধৰি ভালেকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে