নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতাৰ সংশয়

স্পেইনৰ মাদ্রিদ চহৰত শেহতীয়াকৈ অনুষ্ঠিত হৈ গ’ল জলবায়ু সন্মিলন৷ চিলিত এই সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ বাবেই স্পেইনত আয়োজন কৰা হয় গুৰুত্বপূর্ণ সন্মিলনখনৰ৷ কিন্তু পূর্বৰ দৰে এইবাৰো এই সন্মিলনত সহমতত উপনীত হ’বলৈ সক্ষম নহ’ল বিশ্বৰ বিভিন্ন দেশৰ নেতাসকল৷ পৰিণতিত ক্ষোভৰ উদ্গীৰণত দহিছে সমগ্র বিশ্ব৷ বিভিন্ন সামাজিক সংগঠন আৰু পৰিৱেশ কর্মীসকলৰ আন্দোলনে নতুন নতুন চহৰলৈ বিস্তাৰ লাভ কৰিছে৷ জলবায়ু পৰিৱর্তনৰ বিষয়টোলৈ ৰাষ্ট্রসংঘৰ মজিয়াত প্রতিখন দেশেই উদ্বেগ প্রকাশ কৰি আহিছে যদিও ইয়াৰ মোকাবিলা কৰিবলৈ কোনো ধৰণৰ বাস্তৱ পন্থা গ্রহণৰ প্রসংগ আহিলেই প্রায়বোৰ দেশেই পিছ হুহঁকিবলৈ ধৰে৷ মাদ্রিদৰ সন্মিলনতো তাৰ পুনৰাবৃত্তি ঘটিল৷ গতিকে জলবায়ু পৰিৱর্তন অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে বিশ্ব সম্প্রদায়ে বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হ’বনে নাই তাক লৈ সৃষ্টি হৈছে সংশয়৷ মাত্র দুটা দশকৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ বিভিন্ন প্রান্তত সৃষ্টি কৰিছে জীৱকুলৰ প্রতি ভাবুকি৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই আফ্রিকাৰ বহু দেশ এতিয়া অনাবৃষ্টিৰ কবলত পৰিছে৷ আনকি ভূগর্ভৰ জলস্তৰ হ্রাস পাইছে চাহাৰাৰ উপকণ্ঠীয় দেশসমুহত৷ ইফালে এছিয়া, ইউৰোপত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রতিফল হিচাপে সঘনে সৃষ্টি হৈছে অতিবৃষ্টি, ধুমুহা আদি৷ সামুদ্রিক ধুমুহাই এতিয়া বছৰি বিভিন্ন দেশত সৃষ্টি কৰিছে তাণ্ডৱ৷ এই সকলোবোৰ জলবায়ু পৰিৱর্তনৰ ফল বুলি বিজ্ঞানীসকলে ঘোষণা কৰি আহিছে যদিও গ্রীন হাউছ গেছ নিঃসৰণ হ্রাস কৰাৰ ক্ষেত্রত উন্নত দেশসমূহে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ আনকি বিশ্বৰ মহা পৰাক্রমী ৰাষ্ট্র হিচাপে চিহ্ণিত আমেৰিকাই দেশখনৰ সমৃদ্ধিত হেঙাৰ সৃষ্টি হ’ব বুলিয়েই পেৰিছ জলবায়ু চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ কেৱল সমৃদ্ধিৰ স্বার্থতেই পৃথিৱী গ্রহৰ ভৱিষ্যতলৈ বিপর্যয় মাতি আনিবলৈ কুণ্ঠাবোধ কৰা নাই উন্নত দেশসমূহে৷

অৱশ্যে তৃতীয় বিশ্বৰ দেশসমূহে জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰিবলৈ এইক্ষেত্রত যিকোনো বাস্তৱ ব্যৱস্থাক মানি ল’বলৈ আগ্রহ প্রকাশ কৰিছে৷ কিন্তু এই দেশসমূহৰ হাতত কার্বন নিঃসৰণৰ পৰিমাণ হ্রাস কৰাৰ উপায় নাই৷ কাৰণ উন্নত দেশবোৰে সমৃদ্ধিৰ স্বার্থতেই অধিক হাৰত স্থাপন কৰিছে উদ্যোগ, কাৰখানা৷ এই উদ্যোগ, কাৰখানাবোৰৰ উপৰি কয়লাকে ধৰি বিভিন্ন খনি জলবায়ু পৰিৱর্তনৰ অন্যতম উপাদান হিচাবে চিহ্ণিত হৈছে৷ এই উদ্যোগ, কাৰখানা তথা খনিবোৰৰ পৰা নিঃসৰণ হোৱা কার্বন গেছৰ পৰিমাণ হ্রাস কৰাৰ ক্ষমতা আছে উন্নত দেশসমূহৰ৷ কাৰণ উন্নত দেশসমূহেই উদ্যোগ, কাৰখানা আৰু খনিবোৰৰ ওপৰত অধিক নির্ভৰ কৰিবলগীয়া হৈছে৷ তথাপি এই দেশবোৰে জলবায়ু পৰিৱর্তনৰ প্রসংগ ওলালে যিধৰণে উদ্বেগ প্রকাশ কৰে, বাস্তৱ ক্ষেত্রত ইয়াক প্রতিৰোধ কৰিবলৈ কার্য ব্যৱস্থা গ্রহণৰ ক্ষেত্রত লুটিবাগৰ মাৰি আহিছে৷ গতিকে ৰাষ্ট্রসংঘৰ মজিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তর্জাতিক সন্মিলনলৈ সকলোতে জলবায়ু পৰিৱর্তনৰ মোকাবিলাৰ বিষয়টোৱে কেৱল ব্যর্থতাক আঁকোৱালি ল’বলগীয়া হৈছে৷ সুখৰ কথা এটাই যে তৰুণ প্রজন্ম আজি মুহূর্তত এই বিষয়ক লৈ অধিক সজাগ হৈছে৷ বিশ্বৰ শিক্ষার্থীসকলৰ মাজত ইয়াক লৈ সজাগতা অভিযান তীব্রতৰ হৈছে৷ ইয়াৰ নেতৃত্ব দিছে ছুইডেনৰ ষোড়শী ছাত্রী গ্রেটা থুনবার্গৰ দৰে তৰুণীসকলে৷ জলবায়ু আন্দোলনত এতিয়া বিশ্বজুৰি থুনবার্গৰ সংগী হৈছে বহু তৰুণ–তৰুণী৷ লক্ষণীয়ভাৱে থুনবার্গৰ দৰে শিক্ষার্থীৰ সন্মুখত জলবায়ু পৰিৱর্তনৰ বিষয় লৈ উত্তৰ দিব নোৱৰা অৱস্থাত পৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ বিশ্ব সম্প্রদায়ে এই ভয়াৱহ বিষয় এটাৰ মোকাবিলা কৰাৰ ক্ষেত্রত বাস্তৱসন্মত কার্যব্যৱস্থা গ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰাৰ পৰা বিৰত থকাৰ সময়ত এতিয়া শিক্ষার্থীসকলেই হৈ পৰিছে পৃথিৱীবাসীৰ বাবে আশা–ভৰসা৷ কাৰণ এই শিক্ষার্থীসকলে যিধৰণে জলবায়ু পৰিৱর্তনক লৈ বিশ্বত জাগৰণ সৃষ্টি কৰিছে তাৰ জৰিয়তে আন্তর্জাতিক সম্প্রদায় এদিন বাধ্য হ’ব ইয়াৰ মোকাবিলা কৰিবলৈ৷ নহ’লে পৃথিৱী গ্রহ হৈ পৰিব এদিন জীৱ তথা প্রাণীকুলৰ বাবে বসবাসৰ অনুপযোগী৷

You might also like