নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০–২১ত জিডিপি ৭.৭ শতাংশলৈ সংকুচিত হ’ব

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশৰ অর্থনীতি জটিলতাৰ দিশে আগবাঢ়িছে৷ চলিত বিত্তীয় বর্ষৰ প্রথম, দ্বিতীয় আৰু তৃতীয় ত্রি–মাসিকত দেশৰ অর্থনীতি বিপর্যয়ৰ সন্মুখীন হোৱাৰ পিছত সমগ্র বর্ষটোতে অর্থনীতিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ ক’ৰোনা ভাইৰাছৰ বাবে লকডাউনৰ পৰিপ্রেক্ষিতত অর্থনৈতিক গতিবিধিত ব্যাঘাত জন্মাত দেশৰ জি ডি পি নিম্নগামী হৈছে৷ চলিত বিত্তীয় বর্ষ অর্থাৎ ২০২০–২১ বর্ষত দেশৰ জি ডি পি ৭.৭ শতাংশলৈ সংকুচিত হ’ব৷ কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্রীয় পৰিসাংখ্যিক কার্যালয়ে চলোৱা প্রাক্কলনত জি ডি পি নিম্নগামী হোৱাটো প্রায় স্পষ্ট হৈ পৰিছে৷

চলিত বিত্তীয় বর্ষত জি ডি পি ৭.৭ শতাংশতহে সীমাবদ্ধ থাকিব৷ উল্লেখ্য যে বিগত বর্ষৰ তুলনাত ৪.২ শতাংশ বিকাশৰ হাৰ হ্রাস পাব৷ কৃষিখণ্ডৰ বাহিৰে সকলো খণ্ডতে অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে৷ বিগত বিত্তীয় বর্ষৰ তুলনাত কৃষিখণ্ডত সামান্য বিকাশৰ হাৰ নিম্নগামী হ’লেও বর্ষটোত কৃষিখণ্ডৰ বিকাশৰ হাৰ আশাব্যঞ্জক৷ দেশৰ অর্থনীতিৰ অন্যতম নির্ভৰশীল খণ্ড নির্মাণত ব্যাপক নেতিবাচক প্রভাৱ পৰিছে৷ ২০২০–২১ বর্ষত নির্মাণ খণ্ডৰ আর্থিক বিকাশৰ হাৰ ৯.৪ শতাংশতে সীমাবদ্ধ থকাৰ সম্ভাৱনা প্রাক্কলনত প্রকাশ পাইছে৷

উল্লেখ্য যে ২০২০ বর্ষৰ ২৫ মার্চত লকডাউনৰ বাবে আর্থিক কার্যকলাপ সম্পূর্ণৰূপে স্তব্ধ হৈ পৰিছিল৷ অৱশ্যে পিছলৈ আংশিকভাৱে এই আর্থিক কার্যকলাপ মুকলি কৰি দিয়াত অর্থনীতিত ইতিবাচক প্রভাৱ পৰিবলৈ ধৰে৷ ভাৰতীয় ৰিজার্ভ বেংকে অলপতে প্রাক্কলন কৰা মতে, বিত্তীয় বর্ষটোত জি ডি পি ৭.৫ শতাংশলৈ সংকুচিত হ’ব৷ লক্ষণীয় যে ইয়াৰ পূর্বে আৰ বি আয়ে দেশৰ অর্থনীতিৰ বিকাশৰ হাৰ ৯.৫ শতাংশলৈ সংকুচিত হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল৷

You might also like