নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভগ্ণী পূৰবী মোদী আৰু তেওঁৰ স্বামী মায়ংক মেহেতাই বহু কোটিটকীয়া পঞ্জাব নেচনেল বেংক (পিএনবি)ৰ প্রৱঞ্চনাৰ গোচৰত ৰাজসাক্ষী হ’বলৈ আগবাঢ়িছে৷ মোদীৰ নিউয়র্কত থকা দুটা ফ্লেট, লণ্ডন আৰু মুম্বাইত থকা দুটা ফ্লেট তথা ছুইচ বেংক আৰু মুম্বাইৰ বেংকত থকা একাউণ্টৰ ৫৭৯ কোটি টকা বাজেয়াপ্ত কৰাৰ ক্ষেত্রত এনফ’চমেণ্ট ডাইৰেক্টৰেট (ইডি)ক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে পূৰবী মোদী আৰু মায়ংক মেহতা৷
উল্লেখনীয় যে বেলজিয়ামৰ নাগৰিক পূৰবীকো ইডিয়ে গোচৰত অভিযুক্ত হিচাপে চিহ্ণিত কৰিছে৷ আদালতে ইতিমধ্যে বেলজিয়ামত বাস কৰি থকা পূৰবীক সোঁ–শৰীৰে হাজিৰ হোৱাৰ নির্দেশ দিছে৷ পিটিআইৰ প্রতিবেদন অনুসৰি গোচৰটোত ক্ষমাদানৰ বাবে আবেদন জনাই পূৰবীয়ে নীৰৱ মোদীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ক্ষেত্রত ৰাজসাক্ষীৰ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰিছে৷