মৰিগাঁৱত ক’ভিড ভেকচিনৰ ড্ৰাই ৰান
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো আজি দ্বিতীয় পৰ্যায়ৰ ক’ভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ কৰা হয়। ৰাজ্যৰ আন ৪ জিলাৰ লগতে মৰিগাঁওতো আজি দিনৰ ১০ বজাত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত ভেকচিনৰ ড্ৰাই ৰান সম্পন্ন কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে। উক্ত অনুষ্ঠানত অংশ লৈ উপায়ুক্ত লীনা দাসে কয় যে নতুন বছৰত এই ভেকচিনৰ আগমনে সকলোৰে মনলৈ আশাৰ সঞ্চাৰ কৰিছে।