নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতাৰ প্রসংগ সম্প্রতি স্তব্ধ হৈ পৰিছে৷ যোৱা চাৰি মাহ ধৰি মিত্রতাৰ ৰথৰ চকৰি ঘূৰা নাই৷ সম্প্রতি দুয়োটা দলৰ মিত্রতাৰ বিষয়টো একপ্রকাৰ অনিশ্চিত হৈ পৰিছে৷ অৱশ্যে কংগ্রেছে এ আই ইউ ডি এফকে ধৰি বিজেপিবিৰোধী ৰাজনৈতিক দলৰে মহাজোঁট হ’ব বুলি এতিয়াও আশা কৰি আছে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে অতি চতুৰতাৰে সমষ্টিয়ে সমষ্টিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ অভিযানত নামি পৰিছে৷ শেষমুহূর্তত কংগ্রেছৰে তেওঁলোকৰ মিত্রতা হ’ব নে নাই, সেই সম্পর্কত অহা ফেব্রুৱাৰী মাহত কংগ্রেছ নেতা ৰাহুল গান্ধীৰে আলোচনাত মিলিত হৈ বদৰুদ্দিন আজমলে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ কথা যদিও মিত্রতাৰ নামত এতিয়াই দলক দুর্বল কৰিব বিচৰা নাই৷ এ আই ইউ ডি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা বছৰৰ আগষ্ট মাহৰ প্রথম সপ্তাহত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে অহা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ সেই সিদ্ধান্তৰ পাছতেই সেই মাহতেই প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসত এ আই ইউ ডি এফৰ প্রতিনিধি দল এটা উপস্থিত হৈ মিত্রতা সম্পর্কত প্রাৰম্ভিক আলোচনাত মিলিত হয়৷ ইয়াৰ কেইদিনমান পাছতেই প্রাক্তন মুখ্যমন্ত্রী গগৈ ক’ভিডত আক্রান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হয়৷ পৰৱর্তী পর্যায়ত গগৈ ক’ভিডমুক্ত হয় যদিও স্বাস্থ্যজনিত কাৰণত জি এম চি এইচতে দীর্ঘদিন থাকিবলগীয়া হয়৷ চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া গগৈৰ পৰলোকপ্রাপ্তি ঘটে৷ ইয়াৰ মাজতেই এ আই ইউ ডি এফৰে মিত্রতাক কেন্দ্র কৰি প্রদেশ কংগ্রেছৰ অভ্যন্তৰত তীব্র ক্ষোভ, অসন্তুষ্টি আৰু বিদ্রোহৰ সূচনা হয়৷ পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বার্থত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে বিষয়টোত হস্তক্ষেপ কৰি প্রদেশ কংগ্রেছক মিত্রতাৰ ৰাজনীতিৰ পৰা আঁতৰি অহাৰ নির্দেশ দিয়াৰ লগতে মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত দলৰ হাইকমাণ্ডেহে ল’ব বুলি স্পষ্ট কৰি দিয়ে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যোৱা বছৰৰ আগষ্ট মাহৰ শেষভাগলৈ কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতা যি পর্যায়ত আছিল, যোৱা চাৰিটা মাহে একে পর্যায়তে আছে৷ এক কথাত ক’ব লাগিলে মিত্রতাৰ ৰথখন যোৱা চাৰিটা মাহে থমকি আছে৷ আনকি মিত্রতা অনাগত দিনত হ’ব নে নাই, সেয়াও অনিশ্চয়তাৰ আৱর্তত আছে৷
এনে পৰিস্থিতি দেখি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা সমষ্টিয়ে সমষ্টিয়ে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা অভিযানত নামি পৰিছে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি ৪০টাৰো অধিক সমষ্টিত আজমল নিজেই গৈ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্রত আগভাগ লৈছে৷ যোৱা ৯ জানুৱাৰীত আজমলে অসমৰ বাহিৰলৈ যাবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত অহা ১৪ জানুৱাৰীলৈকে যুগুতোৱা সকলো কার্যসূচী স্থগিত ৰখা হৈছে৷ অহা ১৫ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তেওঁ পুনৰ বিভিন্ন সমষ্টিলৈ গৈ ৰাজনৈতিক সভা–সমিতি অনুষ্ঠিত কৰিব৷ সূত্রটোৰ মতে, অহা ২৪ জানুৱাৰীৰ পাছত দলে সমগ্র ৰাজনৈতিক পৰিস্থিতি পর্যালোচনা কৰিব৷ তদুপৰি অহা ফেব্রুৱাৰী মাহত আজমলে কংগ্রেছ নেতা ৰাহুল গান্ধীৰ সৈতে বহুচর্চিত মিত্রতা সম্পর্কত আলোচনাত মিলিত হৈ আসন্ন বিধানসভা নির্বাচনত কেনেদৰে অৱতীর্ণ হ’ব, সেই সম্পর্কত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি এই সময়ছোৱাৰ ভিতৰতেই নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কংগ্রেছ হাইকমাণ্ডক এ আই ইউ ডি এফৰে মিত্রতা কৰা–নকৰা সম্পর্কত প্রতিবেদন দাখিল কৰিব৷ সেই প্রতিবেদনৰ ওপৰতে ৰাহুল গান্ধীৰ স্থিতি যিহেতু নির্ভৰ কৰিব, সেয়ে এই সময়ছোৱাত এ আই ইউ ডি এফে কংগ্রেছৰে মিত্রতা হ’ব বুলি হাত সাবটি বহি নাথাকি সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে৷ সূত্রটোৰ মতে, যোৱা চাৰি মাহে ৰাজ্যৰ কংগ্রেছ