মহাজোঁট এইবাৰ জনগোষ্ঠীয় সংগঠনৰ পদূলিয়ে পদূলিয়ে কংগ্রেছ
দেওবাৰে গোর্খা সংগঠনৰ প্রতিনিধি জনজাতি সংগঠনৰ দুটা গোটৰে সুকীয়া সুকীয়াকৈ বৈঠক
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিয়ে ১০+ আসন দখল কৰি ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ বাবে গেৰুৱা দলটোৱে ইতিমধ্যে কর্মক্ষেত্রত হাতে–কামে নামি পৰিছে৷ ইয়াৰ বিপৰীতে প্রধান বিৰোধী দল কংগ্রেছত আৰম্ভ হোৱা ব্যাপক গৰাখহনীয়াই দলীয় নেতৃত্বক সাংঘাতিক ধৰণে উদ্বিগ্ণ কৰি তুলিছে৷ মহাজোঁট গঠনৰ বাবে কংগ্রেছে দুৱাৰ মুকলি কৰি সংগীৰ সন্ধানত আছে যদিও এতিয়ালৈ সেই প্রক্রিয়াই আনুষ্ঠানিকতা লাভ কৰাৰ পথ প্রশস্ত হোৱা নাই৷ বৰং মিত্রতাক লৈ দলৰ ভিতৰতে আৰম্ভ হোৱা মতভেদ, ক্ষোভে মিত্রতাৰ বিষয়টো নিমিলা অংকত পৰিণত কৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে নতুন ফর্মূলা লৈ কংগ্রেছ উদ্ধাৰ অভিযানতহে নামি পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে যোৱা ৮ জানুৱাৰীৰ পৰা তত্ত্বাৱধায়ক সিং গুৱাহাটীত বাহৰ পাতি আছে৷ অহা ১২ জানুৱাৰীৰ পিছবেলাহে তেওঁ নতুন দিল্লীলৈ উভতি যাব৷
এই সময়ছোৱাত তত্ত্বাৱধায়ক সিঙে দলৰ বিধায়ক, সাংসদ, প্রাক্তন মন্ত্রী–বিধায়ক–সাংসদ, দলীয় নেতৃত্বৰ সৈতে ভাগে ভাগে আলোচনাত মিলিত হৈ সমষ্টিয়ে সমষ্টিয়ে দলৰ সাংগঠনিক স্থিতি আৰু ৰাজনৈতিক পৰিস্থিতিৰ বুজ লৈছে৷ ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাতেই তেওঁ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈ অহা নির্বাচনত তেওঁলোকৰ পৰা কেনেদৰে সহায়–সমর্থন লাভ কৰিব পাৰি, সেই অভিযানত নামি পৰিছে৷ প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে তত্ত্বাৱধায়ক সিঙে সোণাপুৰৰ স্প্রীং ভেলী ৰিজ’টত ভাগে ভাগে আলোচনাত মিলিত হৈছে৷ আজি দিনৰ ভাগত গোর্খা সম্প্রদায়ৰ এটা প্রতিনিধি দলৰ সৈতে তত্ত্বাৱধায়ক সিং এলানি আলোচনাত মিলিত হয়৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি দলৰ জ্যেষ্ঠ নেতা প্রাক্তন সাংসদ আৰ পি শর্মাৰ তৎপৰতাতে গোর্খা সম্প্রদায়ৰ প্রতিনিধি দল এটাৰ সৈতে সিং আলোচনাত মিলিত হয়৷ সেইদৰে আজিৰ দিনটোতে তেওঁ দুটা জনজাতীয় গোটৰ সৈতেও সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে৷ যোৱা ৮ জানুৱাৰীৰ নিশাৰ ভাগতো একেই স্থানতে সিঙে আছা আৰু আটছাৰ দুটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হৈছিল৷ সেইদৰে কালি তেওঁ খাৰঘুলিৰ ডনবক্স’লৈ গৈ খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সৈতেও আলোচনাত মিলিত হয়৷ মুঠতে ৰাজনৈতিক দলৰে মিত্রতাৰ বিষয়টো একপ্রকাৰ অনিশ্চয়তাৰ আৱর্তত সোমাই পৰাৰ পৰিপ্রেক্ষিতত এতিয়া তত্ত্বাৱধায়ক সিঙে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ পৰা সহায়–সমর্থন লৈ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক কৰিছে৷ তেওঁৰ এই অভিযান কিমান সফল হয়, সেয়া সময়তহে ক’ব পৰা যাব৷
সূত্রটোৱে প্রকাশ কৰা অনুসৰি ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৰাভা, তিৱা, মিচিং আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ বিজেপিৰ দৰে কংগ্রেছেও যাতে আসন্ন বিধানসভা নির্বাচনত জনগোষ্ঠীয় সংগঠনৰ সমর্থন আদায় কৰি সফলতা লাভ কৰিব পাৰে, তাৰ বাবেই তত্ত্বাৱধায়ক সিঙে দলৰ নেতৃত্বৰ সমান্তৰালভাৱে জনগোষ্ঠীয় নেতৃত্বকো গুৰুত্ব আৰোপ কৰিছে৷ ইপিনে আজি নিশাৰ ভাগত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ আসন্ন বিধানসভা নির্বাচনৰ ৰণকৌশল সম্পর্কত আলোচনাত বহে৷ কাইলৈ তেওঁ প্রদেশ কংগ্রেছৰ সম্পাদক আৰু অহা ১২ জানুৱাৰীত প্রদেশ কংগ্রেছৰ উপ–সভাপতিসকলৰ সৈতেও পৃথকে পৃথকে আসন্ন বিধানসভা নির্বাচনৰ ৰণনীতি সম্পর্কত আলোচনাত মিলিত হ’ব৷ দলীয় সূত্রটোৱে প্রকাশ কৰা অনুসৰি দলৰ বিভিন্ন পর্যায়ৰ নেতা আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে কৰা আলোচনাৰ আধাৰত তেওঁ অসমত কংগ্রেছৰ বর্তমান স্থিতি সম্পর্কত হাইকমাণ্ডক প্রতিবেদন দাখিল কৰিব৷ সেই প্রতিবেদনৰ আধাৰতে হাইকমাণ্ডে কোন দলৰে মিত্রতা কৰিব, কোন কোন সমষ্টিত কোন জনগোষ্ঠীৰ লোকক প্রার্থিত্ব দিলে দলে সুফল লাভ কৰিব, সেই বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব৷ ফলত পূর্বৰ দৰে এইবাৰ কংগ্রেছৰ দলীয় টিকট লাভ কৰা বিষয়টোও যে সহজ হৈ থকা নাই, সেয়া তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ তৎপৰতাই ইংগিত দিছে৷