নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আজি ঘোষণা কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণক বিনামূলীয়াকৈ চৰকাৰে ক’ভিড–১৯ মহামাৰী প্রতিৰোধী ভেকচিন প্রদান কৰিব৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে মুখ্যমন্ত্রীগৰাকীৰ এই ঘোষণাক বিভিন্ন মহলে ভোটৰ অংক আখ্যা দিছে৷ উল্লেখনীয় যে ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী আছে৷ তৃণমূল কংগ্রেছৰ নেতা–কর্মীসকললৈ লিখা এক পত্রত মুখ্যমন্ত্রী মমতাই উল্লেখ কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণে যাতে বিনামূলীয়াকৈ ক’ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হয় সেয়া চৰকাৰে নিশ্চিত কৰিব৷
ৰাজ্যৰ প্রতিজন লোকেই এই বিনামূলীয়া ভেকচিন লাভ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰিছে বেনার্জীয়ে৷ স্মর্তব্য যে বিহাৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত বিজেপিয়ে জনসাধাৰণক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্রদান কৰিব বুলি প্রতিশ্রুতি দিছিল৷ বিহাৰত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল নৱেম্বৰ মাহত৷ বিজেপিয়ে নির্বাচনী ইস্তাহাৰত এই প্রতিশ্রুতি দিয়া বিষয়টোক লৈ বিভিন্ন দলে প্রতিক্রিয়া প্রকাশ কৰিছিল৷ কালি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগন্তুক ১৬ জানুৱাৰীৰ পৰা ভাৰতত ক’ভিডৰ গণ টিকাকৰণ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷