নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিতেন্দ্র সিঙৰ আগত অসম কংগ্রেছৰ অন্ধকাৰ অধ্যায় উদঙালে ৩৪ সাধাৰণ সম্পাদকে

ৰাজীৱ ভৱনত মাজনিশাৰ বৈঠকত ৰিপুণ বৰাৰ সন্মুখতে বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অসম বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ পৰিপ্রেক্ষিতত দলৰ প্রস্তুতি আৰু সাংগঠনিক স্থিতি পর্যালোচনাৰ বাবে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কালি নিশাৰ ভাগত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদকজনৰ সৈতে এখন বৈঠকত মিলিত হয়৷ নিশা ১ বজালৈ চলা সেই বৈঠকত প্রদেশ কংগ্রেছৰ বহুকেইগৰাকী সাধাৰণ সম্পাদকে তত্ত্বাৱধায়ক সিঙৰ সন্মুখত দলৰ ভিতৰচ’ৰাত চলি থকা বহু অন্ধকাৰ অধ্যায় উদঙাই দিয়ে৷ বৈঠকখনত তত্ত্বাৱধায়ক সিঙৰ সৈতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থাকে যদিও সভাপতি বৰাই নীৰৱে সকলো আক্রমণ–প্রত্যাক্রম শুনি থাকে৷ প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বৈঠকখনৰ আৰম্ভণিতেই প্রদেশ কংগ্রেছৰ কাম–কাজক লৈ সমালোচনাত সৰৱ হৈ পৰে সাধাৰণ সম্পাদক তথা মুখপাত্র কিশোৰ ভট্টাচার্য৷ ভট্টাচার্যই কয় যে মহামাৰী ক’ভিডৰ সময়ছোৱাত তেওঁ ক’ভিড পুঁজিলৈ ২৫ হাজাৰ টকা সাহায্য হিচাপে আগবঢ়ায়৷ তেতিয়াৰ পৰাই তেওঁক দলৰ নেতৃত্বই বিজেপিৰ এজেণ্ট হিচাপে প্রচাৰ কৰিবলৈ আৰম্ভ কৰে৷ সাধাৰণ সম্পাদক হিচাপে তেওঁক জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা আঁতৰোৱা হয়৷ প্রদেশ কংগ্রেছৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ কয় যে বর্তমান দলৰ নেতাসকলে বিভিন্ন মাধ্যমত এইবাৰ কংগ্রেছে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কৈ আহিছে৷ কিন্তু বর্তমান দল যিদৰে চলিছে, চৰকাৰ গঠন কৰাটো বাদেই, সন্তোষজনক সংখ্যাৰ সমষ্টি লৈ বিৰোধী হ’ব পাৰিলেও ভাল কথা হ’ব৷ দলৰ আন এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক শৈলেন বৰাই কয় যে তেওঁ কেইবছৰমান আগলৈ প্রদেশ কংগ্রেছৰ প্রশাসনীয় সাধাৰণ সম্পাদক আছিল৷ তেওঁ এতিয়া প্রশাসনীয় সাধাৰণ সম্পাদকৰ দায়িত্বত নাই৷ আনকি তেওঁক কোনো এখন জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্বও দিয়া নাই৷ সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞায়ো তেওঁক কোনো জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্ব নিদিয়াত ক্ষোভ উজাৰে৷ দলৰ আন এগৰাকী সাধাৰণ সম্পাদক, প্রাক্তন মন্ত্রী মহিবুল হকেও তেওঁকো কোনো জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া নাই বুলি ক্ষোভ উজাৰে৷ ইপিনে নৱ তালুকদাৰকে ধৰি কেইবাজনো সাধাৰণ সম্পাদকে বিভিন্ন বিষয়ত এ আই চি চিয়ে সিদ্ধান্ত দিয়াৰ ক্ষেত্রত বিলম্ব কৰাৰ কথা উল্লেখ কৰি অসমত কংগ্রেছ দলক গতিশীল কৰাৰ বাবে এ আই চি চিয়ে সঠিক সময়ত সঠিক দিক নির্দেশনা দিয়াৰ আহ্বান জনায়৷ এই প্রসংগতে অজন্তা নেওগৰ প্রসংগ উত্থাপন কৰি তালুকদাৰে কয় যে দলৰ একাংশই অজন্তা নেওগক বিৰোধী দলপতি পাতিবলৈ ওলাইছিল৷ তেওঁ বিৰোধী দলপতি হোৱা হ’লে আজি বিৰোধী দলপতিগৰাকী বিজেপিলৈ গ’লে দলৰ কেনে অৱস্থা হ’লহেঁতেন৷ সেয়ে তেওঁ দলৰ তেনেবোৰ শক্তিৰ বিৰুদ্ধে এ আই চি চিক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়৷

ইপিনে, অসমৰ কংগ্রেছ দলত নির্বাচনৰ নামত টিকট বিক্রীৰ ব্যৱস্থা চলি থকা অধ্যায় উন্মোচিত কৰি মহিবুল হকে কয় যে যোৱা লোকসভা নির্বাচনত প্রার্থীৰ জয়প্রিয়তা, যোগ্যতা, অর্হতা আদি নোচোৱাকৈ টকাৰ বিনিময়ত টিকট দিয়াৰ বাবেও বহু সমষ্টিত দল পৰাজয়ৰ সন্মুখীন হয়৷ যোৱা পঞ্চায়ত নির্বাচনৰ সময়তো টকাৰ বিনিময়ত প্রার্থিত্ব দিয়া হৈছিল৷ এই সম্পর্কত দলে জ্যেষ্ঠ নেতা বিষ্ণু প্রসাদৰ নেতৃত্বত এখন তদন্ত কমিটীও গঠন কৰি দিছে৷ সেই তদন্ত কমিটীৰ প্রতিবেদন আজিপর্যন্ত প্রদেশ কংগ্রেছৰ কার্যনির্বাহক সভাত উত্থাপন কৰা নহ’ল৷ আসন্ন বিধানসভা নির্বাচনক লৈও দলত অগ্রিম টিকট বুকিং আৰম্ভ হোৱাৰ গুৰুতৰ অভিযোগ কৰি হকে কয় যে তেওঁৰ গৌৰীপুৰ সমষ্টিতে পঞ্চায়ত নির্বাচনত পৰাজিত এজন কংগ্রেছীক এইবাৰ দলে টিকট দিব বুলি লোকজনে প্রচাৰ কৰি ফুৰিছে৷ লোকজনে প্রকাশ কৰা অনুসৰি ইয়াৰ বাবে তেওঁ হেনো প্রদেশ কংগ্রেছক ৩০ লাখ টকাও ইতিমধ্যে দিছে৷ টকাৰ বিনিময়ত টিকট দিয়াৰ সংস্কৃতি বন্ধ কৰাৰ বাবে তেওঁ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক আহ্বান জনায়৷ সেই বৈঠকতে হকে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি ইয়াৰ ফলত কংগ্রেছৰ হ’ব পৰা ক্ষতিৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ এইক্ষেত্রত দলৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা, প্রদ্যুৎ ভূঞা আদিয়ে সমর্থন আগবঢ়ায়৷ অনুৰূপ ধৰণে কল্যাণ গগৈ, নুৰুল হুদা, ডাঃ দুর্লভ চমুৱা আদিয়েও আজমলৰে মিত্রতাৰ বিৰোধিতা কৰি মহাজোঁট গঠনৰ পোষকতা কৰে৷ বৈঠকখনত তত্ত্বাৱধায়ক সিঙে আসন্ন বিধানসভা নির্বাচনত দলৰ যিসকল সাধাৰণ সম্পাদকে দলীয় টিকট বিচাৰিব, তেওঁলোকক জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ নির্দেশ দিয়ে৷ একেই ব্যৱস্থা জিলা কংগ্রেছৰ সভাপতি, ব্লক কংগ্রেছৰ সভাপতিৰ ক্ষেত্রতো গ্রহণ কৰিব বুলি তেওঁ সদৰী কৰে৷ তেওঁ লগতে জিলা তত্ত্বাৱধায়কৰ দায়িত্বত থকা সাধাৰণ সম্পাদকজনক নির্বাচন পর্যন্ত দায়িত্ব লাভ কৰা জিলাত বাহৰ পাতিবলৈ নির্দেশ দিয়ে৷ কালিৰ বৈঠকখনত প্রদেশ কংগ্রেছৰ ৪৮গৰাকী সাধাৰণ সম্পাদকৰ ভিতৰত ৩৪গৰাকী উপস্থিত থাকে৷ ইফালে আজি নিশাৰ ভাগত তত্ত্বাৱধায়ক সিঙে প্রদেশ কংগ্রেছৰ সম্পাদকসকলৰ সৈতে আন এখন অনুৰূপ বৈঠকত মিলিত হয়৷

You might also like