নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই ড্র আমাৰ বাবে বৃহৎ জয়ঃ ৰাহানে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বেটছমেনৰ বীৰোচিত প্রদর্শনৰ সহায়ত ছিডনী টেষ্টত ভাৰতে নিশ্চিত পৰাজয় ৰোধ কৰিবলৈ সক্ষম হোৱাৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক আজিংক্য ৰাহানেই কয় যে এই ড্র দলৰ বাবে এক বৃহৎ জয় সদৃশ৷ শ্বেটেশ্বৰ পূজাৰা, ঋষভ পণ্ট, হনুমা বিহাৰী আৰু ৰবিচন্দ্রন অশ্বিনৰ যুঁজাৰু ইনিংছক অতুলনীয় আখ্যা দি ৰাহানেই কয় যে জটিল পৰিস্থিতি আৰু কঠিন প্রত্যাহ্বান নেওচি ভাৰতে ছিডনী টেষ্ট ড্র কৰিবলৈ সক্ষম হোৱাটোৱে দলৰ শক্তি আৰু দৃঢ়তাক প্রতিফলিত কৰে৷ ১৬১ বলৰ সন্মুখীন হৈ ২৩ ৰানত অপৰাজিত হৈ থকা উদীয়মান বেটছমেন বিহাৰীৰ আজিৰ ইনিংছটো শতকতকৈও যথেষ্ট মূল্যৱান বুলি অধিনায়কগৰাকীয়ে লগতে উল্লেখ কৰে৷ ‘বিহাৰীৰ বেটৰ পৰা আজি আমি এটা স্পেচিয়েল ইনিংছ প্রত্যক্ষ কৰিলোঁ৷ মই ভাবোঁ যে তেওঁৰ এই ইনিংছটো ক্রিকেটপ্রেমীয়ে দীঘলীয়া সময়ৰ বাবে মনত ৰাখিব৷ ২০১৯ত ৱেষ্ট ইণ্ডিজত অর্জন কৰা তেওঁৰ শতকীয় ইনিংছটোতকৈ আজিৰ এই ধৈর্যশীল ইনিংছটোৰ মূল্য যথেষ্ট বেছি৷ বিদেশলৈ আহি এটা যুৱ দলে এই ধৰণৰ সাহসী প্রদর্শন আগবঢ়োৱাটো নিশ্চয়কৈ গৌৰৱৰ কথা৷’ অধিনায়ক ৰাহানেই এইদৰে কয়৷ বিস্ফোৰক বেটিঙেৰে মেচৰ গতি সলনি কৰা ঋষভ পণ্টকো তেওঁ ভূয়সী প্রশংসা কৰে৷

You might also like