নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ আসন দখলেৰে পুনৰ দিছপুৰত বহিব বিজেপি

শিলচৰৰ বিজয় সংকল্প দিৱসত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনৰ বিজেপিৰ মিছন ১০+ লক্ষ্যৰ অভিযান আৰম্ভ হ’ল বৰাক উপত্যকাত৷ শিলচৰত আজি নির্বাচনৰ ৰণডংকা বজাই ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ ঘোষণা– ২০২১ চনত অসমত পুনৰ গঠন হ’ব বিজেপিৰ চৰকাৰ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত নাড্ডাই কয় যে ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমত বিজেপিৰ জয় হোৱাৰ পাছত এতিয়ালৈ এটাও নির্বাচনত পৰাজয় হোৱা নাই আৰু ইয়ে প্রমাণ কৰে ২০২১ৰ নির্বাচনত বিজেপিয়ে লাভ কৰিব ১০+ আসন৷ সংকল্প সমাৰোহ শীর্ষক এই সভাত উদাত্ত ভাষণ দি জে পি নাড্ডাই কয়– বৰাক বিজেপিৰ মূল শিপা৷ সেয়েহে বৰাকৰ ১৫খন আসনৰ ১৫খনতেই দলে জয়লাভ কৰিব৷ দলক বিজয়ৰ দিশলৈ লৈ যাবলৈ প্রতিগৰাকী কার্যকর্তাই ল’ব লাগিব সংকল্প৷ আজি ৰাজ্যৰ প্রতিটো কোণতে পদুম ফুল ফুলিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দাসৰ নেতৃত্বত অসমত এতিয়া বিজেপিক কোনেও প্রত্যাহ্বান জনাব নোৱাৰে৷ লোকসভা নির্বাচনেই হওক, পঞ্চায়ত নির্বাচনেই হওক, বিটিচি, তিৱা নির্বাচন সকলোতে বিজেপিৰ জয়যাত্রা অব্যাহত আছে৷ উপ–নির্বাচনতো বিজেপিয়ে জয় সম্ভৱ কৰি তুলিছে৷ এয়া সৰু ঘটনা নহয়৷ দল আৰু চৰকাৰৰ যৌথ প্রচেষ্টাত অসমৰ উন্নয়ন সম্ভৱ হৈছে৷ অসমৰ ভাষা–সংস্কৃতিৰ অস্তিত্ব বিজেপিয়ে ৰক্ষা কৰিব পাৰিব বুলি মন্তব্য কৰি তেওঁ কয়– অসম আন্দোলনত বিজেপিৰ সহযোগিতা আছিল অপৰিসীম৷ সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰে সন্মানিত কৰিছে বিজেপি চৰকাৰে৷ অসমৰ সংস্কৃতি, ভাষা, সাহিত্য, সভ্যতাক একমাত্র বিজেপিহে সুৰক্ষা দিব পাৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত জে পি নাড্ডাই কয়– ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক বিজেপি চৰকাৰে মর্যাদা দিছে৷ কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু আহোমক জনজাতিকৰণৰ দাবীক স্বীকৃতি দিছে চৰকাৰে৷

আনহাতে, বড়োলেণ্ডৰ প্রসংগত তেওঁ কয়– হিংসা–সন্ত্রাসেৰে ভৰি থকা বড়োলেণ্ডত এসময়ত চাৰি সহস্রাধিক লোকৰ হত্যাকাণ্ড হৈছিল৷ এই বড়োলেণ্ডলৈ শান্তি ঘূৰাই আনিলে বিজেপি চৰকাৰে৷ উগ্রপন্থী সংগঠনৰ আত্মসমর্পণ, অস্ত্র সমর্পণৰ দ্বাৰা বিটিআৰত শান্তি সম্ভৱ কৰি তুলিছে বিজেপি চৰকাৰে৷ বড়োলেণ্ডৰ উন্নয়নৰ বাবে ১,৫০০ কোটি টকা আবণ্টন দিয়া হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সমগ্র ভাৰততে এতিয়া বিকাশৰ জয়গান আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– আজি ত্রিপুৰাৰ ব্রু জনজাতিসকলক সংস্থাপিত কৰাই নহয়, তেওঁলোকৰ বাবে ছশ কোটি টকা মোকলাই দিয়া হৈছে৷ অসমত ভূপেন হাজৰিকা সেতু বিজেপি চৰকাৰে সম্পূর্ণ কৰিলে৷ ইউ পি এ চৰকাৰৰ কার্যকালত অসমলৈ আবণ্টন হৈছিল ৫০ হাজাৰ কোটি টকা৷ কিন্তু বিজেপিৰ কার্যকালত ৩ লাখ কোটি টকা অসমলৈ আবণ্টিত হৈছে৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে মোকলাই দিয়া হৈছে ডেৰশ কোটি টকা৷ এইমছ স্থাপন, আঠখন চিকিৎসা মহাবিদ্যালয় স্থাপন, ৮৩৫ কোটি টকাৰে গুৱাহাটীত দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী চিকিৎসা মহাবিদ্যালয় নির্মাণ, নুমলীগড় ৰিফাইনেৰীৰ সংস্কাৰ, গুৱাহাটীসহ ব্রহ্মপুত্রৰ ওপৰত নতুনকৈ পাঁচখন দলং আদি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সম্ভৱ হৈছে৷ আজি অসমত ৩৫ লক্ষ শৌচাগাৰ নির্মাণ, ধন–জন যোজনাৰ অধীনত ১ কোটিৰো অধিক বেংক একাউণ্ট মুকলি কৰাৰ লগতে ক’ভিড মহামাৰীৰ সময়ত মহিলাক ১,৫০০ টকাকৈ সাহায্য, ৩৫ লক্ষ উজ্জ্বলা গেছ বিতৰণ, আয়ুষ্মান ভাৰত কার্ড বিতৰণ, ১৭ লক্ষ নতুন বৈদ্যুতিক সংযোজন সম্ভৱ হৈ উঠিছে৷ ৰাষ্ট্রীয় সভাপতিজনে কয়– আজি অসমৰ যুৱতী তথা ভগ্ণীসকলক স্কুটী প্রদান কৰা হৈছে৷ এই স্কুটী তেওঁলোকৰ বাবে বাহন নহয়, সেয়া তেওঁলোকৰ বাবে সন্মান৷ কিন্তু এই উন্নয়নমূলক আঁচনিসমূহ কংগ্রেছৰ দিনত নাছিল৷ অসমৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ বাবে প্রতিশ্রুতিবদ্ধ বিজেপি চৰকাৰে ইতিমধ্যে ১ লাখ লোকক ভূমিৰ পট্টা প্রদান কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰি নাড্ডাই কয় যে এই দুয়োজনৰ নেতৃত্বতে অসম অধিক আগুৱাই যাব৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– এক নির্দিষ্ট লক্ষ্য আগত ৰাখি বিজেপি চৰকাৰে উন্নয়নৰ সংকল্প লৈছে৷ বৰাক–ব্রহ্মপুত্র–প্ ৰাইজৰ সামগ্রিক উন্নয়নৰ বাবে এই চৰকাৰখনে কাম কৰি গৈছে৷ পূর্বৰ চৰকাৰৰ দিনত সম্পূর্ণ অৱহেলিত আছিল বৰাক উপত্যকা৷ কিন্তু বিজেপি চৰকাৰে বৰাকৰ উন্নয়নৰ বাবে পদক্ষেপ লৈছে৷ বৰাকত এখন কৃষি বিশ্ববিদ্যালয়, বৰাক নদীৰ পাৰত মাল্টি লজিষ্টিক পার্ক, বৰাক নদীত দুখনকৈ দলং নির্মাণ কৰাৰ লগতে বৰাক উপত্যকাত আৰম্ভ হৈছে মিনি সচিবালয়ৰ কাম–কাজ৷ বৰাকৰ ৰাইজে কোনো কাৰণতে তেওঁলোকক অৱহেলিত কৰি ৰখা বুলি সন্দেহ ৰাখিব নালাগে৷ হিন্দু বাঙালী পৰিয়ালসকলৰ সুৰক্ষাৰ দায়িত্ব ল’ব এই চৰকাৰে৷ অসমক দেশৰ শ্রেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ এই চৰকাৰে সকলো পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে ৰাইজৰ লাগিব পূর্ণ সহযোগিতা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্ব আৰু সভাপতি জে পি নাড্ডাৰ সবল অধ্যক্ষতাত প্রতিগৰাকী কার্যকর্তাই অসম তথা উত্তৰ–পূর্বাঞ্চলতেই ৰাষ্ট্রীয়বাদক শক্তিশালী কৰাৰ বাবে সর্বস্ব উজাৰি কাম কৰি আহিছে৷

সভাত উদাত্ত ভাষণেৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শর্মাই কয়– ২০২১ৰ নির্বাচনৰ বাবে শিলচৰত আৰম্ভ হোৱা প্রথমখন বিজয় সংকল্প সমাৰোহতে বিজেপিৰ জয় নিশ্চিত হৈ পৰিছে৷ আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে বিজেপিৰ ১০+ আসন দখলৰ বাবে শিলচৰত আৰম্ভ হোৱা এই সংকল্প সমাৰোহত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা উপস্থিত আছে৷ সভাপতিৰ উপস্থিতিতেই বিজেপিৰ কার্যকর্তাসকলে সংকল্প লওক যে অহা নির্বাচনত আমাৰ বিজয় নিশ্চিত হয়৷ তেওঁ পুনৰ কয়–আমি সংকল্প লৈছিলোঁ যে অসমত কংগ্রেছৰ ধুতী–লুঙি, সূতাৰ ৰাজনীতি বন্ধ কৰিম৷ আমি প্রতিশ্রুতি দিছিলোঁ যে অসমৰ বুকুত উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিম৷ ৰাজ্যবাসীৰ হূদয় জয় কৰি আমি এখন নতুন অসম গঢ়িম৷ আজি বৰাক–ব্রহ্মপুত্র এক হ’ল৷ আমি দেখুৱাই দিব বিচাৰিছোঁ যে আমাৰ মাজত কোনো ভেদ নাই৷ আজি আমি সকলোৱে এক হৈছোঁ আৰু আমি দেখুৱাই দিব বিচাৰোঁ যে দেশৰ শ্রেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত অসম এখন৷ সমগ্র বিশ্বতে ক’ভিড–১৯ৰ পৰিৱেশৰ সৃষ্টিৰ সময়ত এই ক’ভিড নিয়ন্ত্রণ কৰা তথা পৰাজিত কৰাৰ ক্ষেত্রত অসমে ভাৰতৰ ভিতৰতে প্রথম স্থান পালে৷ আমি অসমত ধলা–শদিয়া দলং নির্মাণৰ লগতে বাট–পথৰ উন্নয়নেৰে এক নৱজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ৷ অকল বৰাক উপত্যকাৰ বাট–পথ নির্মাণ তথা উন্নয়নৰ বাবে ৩ হাজাৰ কোটি টকাৰ আঁচনি গ্রহণ কৰা হৈছে৷ বিজেপি চৰকাৰে অসমৰ উন্নয়নৰ ক্ষেত্রত এক নতুন পোহৰ নমাই আনিবলৈ সক্ষম হৈছে৷ অসমৰ ছাত্র–ছাত্রীসকলে বিদ্যালয়ত নামভর্তিৰ বাবে মাচুল দিব নালাগে৷ আমি ২০ লাখ ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তিৰ সুযোগ দিছোঁ৷ কংগ্রেছে আমাক অভিযোগ কৰে যে নির্বাচনত ছাত্রীক স্কুটী দিয়াৰ কথা কৈছিলোঁ৷ কিন্তু আজি ২২ হাজাৰ ছাত্রীক স্কুটী প্রদান কৰা হৈছে৷ আমি প্রমাণ কৰি দিছোঁ যে বিজেপি চৰকাৰৰ নেতৃত্বত অসমে নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হৈছে৷ আজি বিধৱা, দিব্যাংগ, অবিবাহিত ২২ লাখ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে প্রতিমাহে ৮৩০ টকাকৈ প্রদান কৰি আমি প্রমাণ কৰিলোঁ যে অসমৰ আইমাতৃৰ লগত বিজেপি আছে৷ যোৱাবাৰ আমি আত্মসহায়ক গোটসমূহক ২৫ হাজাৰ টকাকৈ দিছিলোঁ৷ এইবাৰ পুনৰ এই আত্মসহায়ক গোটসমূহক প্রদান কৰা হ’ব ৫০ হাজাৰ টকাকৈ৷ লোকসেৱা আয়োগত পূর্বৰ চৰকাৰৰ দিনত এ চি এছ, এ পি এছ পাবলৈ ১ কোটি টকাকৈ উপঢ়ৌকন দিব লগা হৈছিল৷ কিন্তু আমাৰ চৰকাৰৰ দিনত ৰিক্সাচালকৰ পুত্রয়ো এ চি এছ পাবলৈ সক্ষম হৈছে৷ এয়া বিজেপি চৰকাৰৰ কৃতিত্ব৷ আমি নিশ্চিত যে বৰাকৰ প্রতিখন আসনত এইবাৰ পদুম ফুল ফুলিব৷

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাষণ দি কয়– শিলচৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত থকা বিশাল জনসভাই প্রমাণ কৰিলে বৰাক–ব্রহ্মপুত্রৰ দুয়োপাৰে এইবাৰ কেৱল পদুম ফুল ফুলিব৷ ৰাজ্যৰ বিপুল সঁহাৰি আৰু উৎসাহ দেখি মই নিশ্চিত বৰাকৰ ১৫খন আসনত কেৱল বিজেপি জয়ী হ’ব৷ আজি জে পি নাড্ডাৰ উপস্থিতিয়ে দলৰ কার্যকর্তাসকলক উৎসাহিত কৰাই নহয় নির্বাচনত কাম কৰাৰ বাবে প্রতিজনকে প্রেৰণা যোগাব৷ বিজয় সংকল্প সমাৰোহত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী প্রৱন শর্মা, সাংসদ ৰাজদীপ ৰয়, কৃপানাথ মাল্লা, মন্ত্রী পৰিমল শুক্লবৈদ্য, জিলা সভাপতি কৌশিক ৰায়ৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷
জে পি নাড্ডাৰ উপস্থিতিত আমিনগাঁৱৰ অতিথিশালাত গুৰুত্বপূর্ণ বৈঠক
বিশেষ বিশেষ সমষ্টি চিনাক্ত কৰি সাংগঠনিক কার্যকলাপ চলোৱাৰ পৰামর্শ ৰাষ্ট্রীয় সভাপতিৰ
বিধানসভা নির্বাচনৰ ৰণকৌশল প্রস্তুতত ব্যস্ত ৰাজ্যিক বিজেপিক ৰাজ্যৰ বিশেষ বিশেষ সমষ্টিত সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে পৰামর্শ প্রদান কৰিলে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ দুদিনীয়া কার্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শিলচৰত বিশাল জনসভাত ভাগ লোৱাৰ পাছত সন্ধিয়া আমিনগাঁও লোকনির্মাণ বিভাগৰ অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নির্বাচন সন্দর্ভত এলানি গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ মুখ্যতঃ আগন্তুক নির্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্যৰে কি ধৰণৰ ৰণকৌশল প্রস্তুত কৰিছে, সেই সম্পর্কে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পৰা তথ্য সংগ্রহ কৰে জে পি নাড্ডাই৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি এই বৈঠকতে যিসমূহ সমষ্টিত বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী হোৱা নাই, সেই সমষ্টিসমূহক লৈ বিশেষ পৰিকল্পনা প্রস্তুতৰ বাবেও আজি ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে নির্দেশ দিয়ে৷ উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভৰ বিষয়টোক সর্বাধিক গুৰুত্ব দিছে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ ইয়াৰ বাবে আজি নাড্ডাই ৰাজ্যিক নেতৃত্বক সমষ্টিত প্রার্থী নিক্ষেপৰ ক্ষেত্রত সকলো দিশ চালি–জাৰি চাবলৈ নির্দেশ দিয়ে৷ ইফালে বৈঠকত মিত্রজোঁটৰ সাংগঠনিক স্থিতি সম্পর্কেও তথ্য সংগ্রহ কৰে নাড্ডাই৷ ইয়াৰ পূর্বে আজি বিয়লিৰ ভাগত ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্র, সংবাদ কোষৰ কার্যকর্তাসকলৰ সৈতে পৃথকে পৃথকে কেইবাখনো গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে আগন্তুক নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ কাম–কাজ কেনেধৰণৰ হ’ব তথা কোন কোন বিষয়ক দলে ইছ্যু হিচাপে গ্রহণ কৰিব, সেই সম্পর্কেও বিভিন্ন পৰামর্শ আগবঢ়ায়৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ মন্তব্যক লৈ দল–সংগঠনৰ প্রতিক্রিয়া
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ জে পি নাড্ডাৰ চূড়ান্ত মিথ্যাচাৰ ঃ প্রদেশ কংগ্রেছ
শিলচৰত এখন দলীয় সভাত অংশগ্রহণ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলোঁ বুলি যি চূড়ান্ত মিথ্যাচাৰৰ আশ্রয় ল’লে, তাক প্রদেশ কংগ্রেছ কমিটীয়ে তীব্র ধিক্কাৰ জনাইছোঁ আৰু ই গোটেই জনগোষ্ঠী কেউটাৰ লগতে সমগ্র অসমবাসীৰ প্রতি এক অপমান বুলি গণ্য কৰিছোঁ৷ আচলতে প্রধানমন্ত্রীকে ধৰি বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ অসমলৈ আহি মিছা কোৱা আৰু ভুৱা প্রতিশ্রুতি দিয়াটো এক অভ্যাসত পৰিণত হৈছে৷ জে পি নাড্ডা মাথোঁ এইবাৰ নতুনকৈ সংযোজন হৈছে৷ পূর্বে প্রধানমন্ত্রী মোদীয়ে কৈছিল যে ক্ষমতালৈ আহিলে ২৪ মে’ৰ পাছত সকলো বাংলাদেশীয়ে টালি–টোপোলা বান্ধিব লাগিব৷ গৃহমন্ত্রী অমিত শ্বাহে কৈছিল যে দাঢ়ি–কমা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ পৰামর্শদাতা কমিটীৰ পৰামর্শসমূহ এসপ্তাহৰ ভিতৰতেই ৰূপায়ণ কৰিব৷ ঠিক তেনেদৰে কেন্দ্রীয় পথ–পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে ২০১৬ চনত ব্রহ্মপুত্র খনন কৰি দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণ কৰিবলৈ ১ লাখ কোটি টকা বিনিয়োগ কৰিব৷ লগতে যোৰহাট–মাজুলী সংযোগী দলঙৰ কথা আছেই৷ কিন্তু এতিয়ালৈকে সকলো ফুটুকাৰ ফেন৷ বাস্তৱত এইসমূহ প্রতিশ্রুতি বর্তমানলৈকে চূড়ান্ত মিথ্যাচাৰ আৰু প্রতাৰণাৰ বাদে যে অন্য একো নহয়, সেয়া ইতিমধ্যেই প্রমাণ হৈছে৷
জে পি নাড্ডাই অসমবাসীৰ ওচৰত ক্ষমা খোজক ঃ পলাশ চাংমাই
আজি অসম ভ্রমণৰত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই শিলচৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রসংগত কৰা অতি অদায়িত্বশীল বক্তব্যক অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে তীব্র বিৰোধ কৰি প্রতিক্রিয়া ব্যক্ত কৰিছে৷ এই প্রসংগত পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিজেপিয়ে নির্বাচন আহিলেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রসংগত উক্ত ছয় জনগোষ্ঠীয় ৰাইজৰ ভোট আদায় কৰিবলৈ এনে কাণ্ডজ্ঞানহীন বক্তব্য প্রদান কৰি অহাটো এক অভ্যাসত পৰিণত হৈছে৷ কেৱল নির্বাচনী অংকৰে আজি শিলচৰত দলটোৰ সভাপতি জে পি নাড্ডাই কৰা মন্তব্যৰ সত্যতা কিমান, সেয়া অসমৰ জনতাই বুজিবলৈ বাকী নাই৷ বিজেপিৰ সভাপতি জে পি নাড্ডাই অসমবাসীৰ ওচৰত ক্ষমা খোজক বুলি কয় জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদকজনে৷

You might also like