গোৱালপাৰাত ৭০ বছৰীয়া বৃদ্ধৰ গুলীত আহত মহিলাসহ ৬জন লোক
দিন–দুপৰতে হিন্দী চিনেমাৰ কায়দাত ভয়ংকৰ কাণ্ড
নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ হিন্দী চিনেমাৰ লেখীয়াকৈ কৰা এক চাঞ্চল্যকৰ গুলীচালনাত আজি ৰক্তাক্ত হয় গোৱালপাৰা চহৰ৷ অনিমেষ চন্দ্র ৰায় (মাধু) নামৰ লোক এজনৰ বন্দুকৰ গুলীত গুৰুতৰভাৱে আহত হয় ৬জনকৈ লোক৷ ইয়াৰে তিনিজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ ঘটনাৰ বিৱৰণী মতে, ,সোমবাৰে দুপৰীয়া গোৱালটুলীৰ পুৰণি শ্মশানৰ কাষতে হঠাৎ চাঞ্চল্যকৰ গুলীচালনাত গুলীবিদ্ধ হয় ৬জনকৈ লোক৷ দিনৰ প্রায় ১২ বজাত অনিমেষ চন্দ্র ৰায় (মাধু) নামৰ ৭০ বছৰীয়া লোক এজনে নিজ বাসগৃহৰ পৰাই জধে–মধে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ লগে লগে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতি সৃষ্টি হয়৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে লোকজনক দুমহলীয়া ঘৰৰ চাদৰ পৰা গ্রেপ্তাৰ কৰে আৰু বন্দুকটো জব্দ কৰিবলৈ সক্ষম হয়৷ এই গুলীচালনত ৰঞ্জিত দাস, স্বপন দাস, দীপাংকৰ দাস, বিংকু দাস, মফিদুল শ্বেখ, গীতুমণি দাস নামৰ মহিলাসহ ৬জনকৈ লোক গুলীবিদ্ধ হয়৷ তৎক্ষণাৎ আহতসকলক চহৰৰ ছলেছ হাস্পতালত ভর্তি কৰোৱা হয় যদিও ৩জনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷
উল্লেখ্য যে গুলীচালনাৰ পূর্বে খলনায়কৰূপী লোকজনে পুৱা প্রায় ১১ বজাত চোকা অস্ত্রসহ এ এছ–১৮ ডি–৪৫৫৯ নম্বৰৰ স্কুটীৰে চহৰৰে বেলতলাৰ দেৱ নাথৰ ঘৰলৈ গৈ ঘৰৰ ভিতৰত অনধিকাৰ প্রৱেশ কৰি টেলিভিছন, আচবাব–পত্র ভাঙি চূর্ণ–বিচূর্ণ কৰিছিল৷ সেই সময়ত দেৱ নাথ ঘৰত উপস্থিত নাছিল৷ পাছত ঘৰলৈ আহি অনিমেষ চন্দ্র ৰায়ৰ কাণ্ড প্রত্যক্ষ কৰি দেৱ নাথে আন তিনিগৰাকী লোকক লগত লৈ গোৱালটুলীৰ অনিমেষৰ ঘৰৰ সন্মুখত থিয় হোৱাৰ লগে লগেই দুমহলীয়া গৃহৰ ওপৰৰ চাদৰ পৰাই উপর্যুপৰি গুলীবর্ষণ কৰে৷ উপর্যুপৰি গুলীবর্ষণত দেৱ নাথৰ এ এছ–২৫ কে–২৩২১ নম্বৰৰ গাডীখন চূর্ণ–বিচূর্ণ হয়৷ কোনোমতে দেৱ নাথৰ প্রাণৰক্ষা পৰে যদিও দুগৰাকী পথচাৰীসহ ছগৰাকীকৈ লোক গুলীবিদ্ধ হয়৷ ইয়াৰে তিনিজন ক্রমে ৰঞ্জিত দাস, বিংকু দাস আৰু গীতুমণি দাসৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ পৰিয়ালকেন্দ্রিক সংঘাতৰ ফলতে আজি এই ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে যদিও তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাস্থলীত গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত কৰে৷ উক্ত ঘটনাক কেন্দ্র কৰি সমগ্র চহৰখনত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে৷